আঘাতপ্ৰাপ্ত ৰোহিত! দ্বিতীয়খন এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত ভাৰত

বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ তিনিখন শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতীয় দলটো পৰাস্ত হয়।

author-image
Asomiya Pratidin
New Update
আঘাতপ্ৰাপ্ত ৰোহিত! দ্বিতীয়খন এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত ভাৰত

ind vs ban

 ডিজিটেল ডেস্ক: বুধবাৰে অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ তিনিখন শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতীয় দলটো পৰাস্ত হয়।প্ৰথমে বেটিং কৰি বাংলাদেশে ৭ ইউকেটত ২৭১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে ৯ ইউকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰে ২৬৬ ৰাণ।

Advertisment

উল্লেখ্য যে, আজিৰ খেলত ভাৰতীয় ক্ৰিকেট দলৰ ৰোহিত শৰ্মাই ভাল প্ৰদৰ্শন কৰে যদিও জয়ী হ'ব নোৱাৰিলে। ৰোহিত শৰ্মাই নট আউট ৫১ ৰাণৰ দ্ৰুত ইনিংছ খেলে।

ফিল্ডিং কৰোতে বুঢ়া আঙুলিত আঘাত প্ৰাপ্ত ৰোহিতে ৯ নম্বৰত বেটিং কৰবলৈ আহিছিল। শ্ৰেয়াছ আয়াৰ (৮২) আৰু অক্সাৰ পেটেলৰ (৫৬) উইকেট ক্ৰমান্বয়ে হেৰুৱাই ভাৰতত অৱনমিত আৰু বাহিৰ হোৱা যেন লাগিছিল।

আৰু পঢ়ক: তামুলপুৰত চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

india cricket bangladesh