তামুলপুৰত চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

অসমৰ উন্নয়নৰ যাত্ৰা এক সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা "বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শুভ উদ্বোধন কৰে।
তামুলপুৰত চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল ডেস্ক: অসমৰ উন্নয়নৰ যাত্ৰা এক সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা "বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শুভ উদ্বোধন কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কুমাৰীকাটা নয়াবস্তি পথৰ উন্নীতকৰণৰ লগতে কুমাৰীকাটা নয়াবস্তি পথত থকা কালা নদীৰ ওপৰত আৰু পাগলাদিয়া নদীৰ ওপৰত অসম চৰকাৰৰ এছ অ' পি ডিৰ অধীনত ২৪৭.৮৭ কোটি টকা ব্যয় সাপেক্ষে প্রস্তাৱিত নতুন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে কুমাৰীকাটা নয়াবস্তি পথটি বাক্সা জিলা আৰু নৱগঠিত তামুলপুৰ জিলাৰ মাজত তুলনামূলকভাৱে কম সময়ৰ ভিতৰত যোগাযোগ আৰু যাতায়াত স্থাপনৰ বাবে গুৰুত্বপূর্ণ মাধ্যম। পথটিৰ সৰ্বমুঠ দৈৰ্ঘ্য প্রায় ১১.২৩৬ কিঃ মিঃ।

তদুপৰি, বানপানীৰ সময়ত পাগলাদিয়া নদীৰ দুয়োপাৰে যাতায়াত ব্যৱস্থা অচল হৈ পৰে, যাৰ ফলত দুয়োখন জিলাৰ দুয়োপাৰৰ ৰাইজে বহু কষ্ট ভোগ কৰি অন্য পথেৰে দীৰ্ঘ দূরত্ব অতিক্রম কৰি গন্তব্য স্থান পাব লগা হয়। দলং নির্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে দুয়োখন জিলাৰ পথ পৰিবহণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব আৰু উন্নত যাতায়াত তথা যোগাযোগৰ মাধ্যমেৰে শিক্ষা, কৃষি, বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু স্বচ্ছল অর্থনীতি, সমাজ নীতিৰে জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নীত হ'ব।

আনহাতে মুখ্যমন্ত্রীয়ে কুমাৰীকাটা-কাউলী গুৱাবাৰী পথত মটন্তা নদীৰ ওপৰত দুখন, বাল্টি নদীৰ ওপৰত এখন আৰু দক্ষিণ কুমাৰীকাটা-নাগ্ৰীজুলী পথত মটঙা নদীৰ ওপৰত এখন পকী দলঙৰো আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাইজৰ অভাৱ উপলব্ধি কৰি নাগ্ৰিজুলীত দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে।

তেওঁ কয় যে সৰ্বমুঠ প্রায় ১২ কিঃমিঃ দৈৰ্ঘৰ কুমাৰীকাটা-কাউলী গুৱাবাৰী পথটি হৈছে সমগ্ৰ অঞ্চলটোৰ বাবে এক গুৰুত্বপূর্ণ যোগাযোগৰ আৰু যাতায়াতৰ মাধ্যম। শৈক্ষিক অনুষ্ঠান-প্রতিষ্ঠান, কৃষিৰ লগত জড়িত ক্ষেত্র, স্বাস্থ্য আৰু ব্যৱসায় প্রতিষ্ঠান আদি ৰাস্তাৰ দুয়োদিশে বিদ্যমান। তেওঁ কয় যে যাতায়াতৰ সূচল ব্যৱস্থা নথকা হেতুকে অঞ্চলটোৰ ৰাইজে দৈনন্দিন জীৱনৰ ন্যূনতম সা-সুবিধাধিনি লাভ কৰাৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে তামুলপুৰ জিলাৰ কচুবাৰীস্থিত প্ৰস্তাৱিত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ভূমিপূজন অনুষ্ঠানতো উপস্থিত থাকে। উল্লেখ্য যে তামুলপুৰ জিলাৰ কচুবাৰীস্থিত প্ৰস্তাৱিত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে ৰূপায়ণ কৰা প্ৰকল্পৰ জৰিয়তে তামুলপুৰ জিলাৰ স্বাস্থ্য খণ্ডলৈ এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তনৰ সূচনা কৰিব।

প্ৰায় ৫৮৬ কোটি টকা ব্যয় সাপেক্ষে এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। এই প্ৰস্তাৱিত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নিৰ্মাণে তামুলপুৰ জিলাৱাসীক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

কচুগাঁৱত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ ‘সোণালী শৈশৱ বিকশিত অসম’ আঁচনিৰ অধীনত নিৰ্মিত হোৱা ৯ টা আদর্শ অংগনবাড়ী কেন্দ্ৰৰ ভাৰ্চুৱেলী উদ্বোধন কৰে।

আৰু পঢ়ক: বিজেপিৰ দুৰ্গত কেজৰিৱালৰ দপদপনি! দিল্লীৰ পৌৰ নিৰ্বাচনত জয়ী আপৰ প্ৰাৰ্থীলৈ ফোন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in