আত্মবিশ্বাসৰ ভেটি নিৰ্মাণেৰে বৰ্ষাপাৰাত বাংলাদেশ-শ্ৰীলংকাৰ ৰণডংকা

শ্ৰীলংকাৰ বাবে বৰ্ষাপাৰাৰ পৰিৱেশ চিনাকী যদিও যিকোনো মূহূৰ্ত্তত বাংলাদেশে যে ভয়াৱহ হৈ উঠে সেই কথা প্ৰতিপক্ষই ভালদৰে জানে।
আত্মবিশ্বাসৰ ভেটি নিৰ্মাণেৰে বৰ্ষাপাৰাত বাংলাদেশ-শ্ৰীলংকাৰ ৰণডংকা

ডিজিটেল ডেস্ক : সন্মুখত বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ মহাৰণ। গুৱাহাটীত সম্প্ৰতি ৪খনকৈ দেশে বাহৰ পাতিছে। দুদিন পূৰ্বেই গুৱাহাটীত বিমানযোগে উপস্থিত হৈছে বাংলাদেশ আৰু শ্ৰীলংকা ক্ৰিকেট দল।

বৃহস্পতিবাৰে আবেলি উপস্থিত হৈছে টীম ইণ্ডিয়া;আহি আছে ইংলেণ্ড দলো। বাংলাদেশ আৰু শ্ৰীলংকা আছে তাজ ভিণ্টাত। ভাৰত আৰু ইংলেণ্ড থাকিব ৰেডিশ্বন ব্লুত।

গুৱাহাটীত অনুষ্ঠিত হ'ব বিশ্বকাপৰ ৪খন প্ৰস্তুতি মেচ। শুকুৰবাৰে প্ৰথমখন মেচত ভাগ ল'ব চুবুৰীয়া দেশ বাংলাদেশ আৰু শ্ৰীলংকাই। এই মেচত ফলাফল জয় কিম্বা পৰাজয় গৌণ যদিও আত্মবিশ্বাসৰ ভেটি নিৰ্মাণৰ বাবে দুই দেশে বৰ্ষাপাৰাত ৰণডংকা বজাব।

কাৰ্যতঃ শ্ৰীলংকাৰ নাই পূৰ্বৰ শক্তি। কিন্তু ক্ৰিকেট অনিশ্চিয়তাৰে ভৰা খেল। শেষ মুহূৰ্ত্তলৈকে থাকে শ্বাসৰুদ্ধ পৰিৱেশ। সদ্য সমাপ্ত এছিয়া কাপত ভাৰতৰ হাতত পৰাস্ত হৈছিল সিংহলী বাহিনী। সেই ভুলৰ শুধৰণি কৰিব বৰ্ষাপাৰাতে।

ইফালে ঘৰৰ মাটিত নিউজিলেণ্ডৰ হাতত শৃংখলা হেৰুওৱা বাংলাদেশেও গুৰুত্ব দিছে প্ৰস্তুতি মেচত। শ্ৰীলংকাৰ বাবে বৰ্ষাপাৰাৰ পৰিৱেশ চিনাকী যদিও যিকোনো মূহূৰ্ত্তত বাংলাদেশে যে ভয়াৱহ হৈ উঠে সেই কথা প্ৰতিপক্ষই ভালদৰে জানে।

সমাগত বিশ্বকাপৰ বাবে আজিৰ এই প্ৰস্তুতি মেচখন গুৰুত্বপূৰ্ণ । সময়ে ক'ব বৰ্ষাপাৰাই কাক সংগ দিয়ে। মেচৰ সময় দিনৰ ২-০০ বজা।

আত্মবিশ্বাসৰ ভেটি নিৰ্মাণেৰে বৰ্ষাপাৰাত বাংলাদেশ-শ্ৰীলংকাৰ ৰণডংকা
মহাকাশৰ পৰা ঘূৰি আহি পৃথিৱীত ফ্ৰেংক ৰুবিঅ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in