/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/027666e9-6018-4c3a-8156-d519a3c77335/199.jpg)
ডিজিটেল ডেস্ক : এবছৰৰো অধিক কাল মহাকাশত কটাই পৃথিৱীত অৱতৰণ কৰিলে মাৰ্কিন মহাকাশচাৰী ফ্ৰেংক ৰুবিঅ'ৱে। তেওঁ মহাকাশত ৩৭১ কটাই কাজাখাস্তানৰ মৰুভূমিত অৱতৰণ কৰে।
উল্লেখযোগ্য যে মহাকাশত কটোৱা সময়ছোৱাত বিজ্ঞানীগৰাকীয়ে পৃথিৱীৰ চাৰিওফালে ৫ হাজাৰবাৰৰো অধিক পৰিভ্ৰমণ কৰিছিল। তেওঁ হৈছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ৩৭১ দিন কটোৱা প্ৰথমগৰাকী মহাকাশচাৰী।
ইয়াৰ পূৰ্বে মাৰ্ক ভান্দে ৩৫৫ দিন মহাকাশত কটাই অভিলেখৰগৰাকী হৈছিল।