/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/32aaa2c8-e403-4843-9714-db31e8ea78f1/whats_ap.jpg)
WHATS APP
ডিজিটেল ডেস্কঃ মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ৱাটছ এপ । বৰ্তমানৰ সময়ত ই এক শক্তিশালী যোগাযোগৰ মাধ্যমত পৰিগণিত হৈছে । এই মাধ্যমটোৰ ব্যৱহাৰকাৰীসকলে এপটো ব্যৱহাৰ যাতে কৰি অধিক সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই ।
এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে কথোপকথনৰ গোপনীয়তাৰ ৰক্ষাৰ ক্ষেত্ৰত চিন্তা কৰিব লগা কোনো কাৰণ নাই । কিয়নো এতিয়াৰে পৰা আপুনি নিবিচৰা চেট, নাইবা মেছজ কোনো লোকেই আপোনাৰ ফোন ব্যৱহাৰ কৰি চাব নোৱাৰিব । বিশেষ চেটৰ ক্ষেত্ৰত আপুনি লক কৰি থব পাৰিব ।
এই লক কৰি থোৱা ফল্ডাৰৰ মেছজ কোনোও চাব নোৱাৰিব । সোমবাৰে এক ফেচবুক পষ্টযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dac96c1a-876d-4052-b5d7-e864e61f83b2/2bdea447_d9f3_407d_b75f_a4e718e5e45d.jpg)