কাজিৰঙাৰ সেউজ সেনানীৰূপে পৰিচিত হৈছে ঝাওবন...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰিছে এবিধ উদ্ভিদে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশতন্ত্ৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা এই উদ্ভিদৰ।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ সেউজ সেনানীৰূপে পৰিচিত হৈছে ঝাওবন...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ সুৰক্ষাত বিশেষ ভূমিকা পালন কৰিছে এবিধ উদ্ভিদে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশতন্ত্ৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা এই উদ্ভিদৰ। কাজিৰঙাৰ পৰিৱেশতন্ত্ৰৰ বাবে অপৰিহাৰ্য এইবিধ উদ্ভিদ হৈছে ঝাওবন।কাজিৰঙাৰ সেউজ সেনানীৰূপে পৰিচিত এই ঝাওবন।

Advertisment

উল্লেখ্য যে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে ঝাওবনে‌।ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি এলেকাত বিস্তৃৰ্ণ এলেকাজুৰি বিস্তৃত হৈ থকা দেখা যায় এই ঝাওবন । বালিচৰত হোৱা এইবিধ উদ্ভিদে ভূমি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । মাটিৰ তললৈকে সোমাই যোৱা ঝাওবনৰ শিপাই পানী ধৰি ৰখাৰ সমান্তৰালকৈ বালিচৰসমূহৰ স্থিতি শক্তিশালি কৰে ।

ঝাওবনৰ ঐতিহাসিক গুৰুত্ব থাকিলেও এই উদ্ভিদবিধৰ বিশেষ অধ্যয়ন বা গৱেষণা হোৱা নাই বুলি প্ৰকাশ কৰে কাজিৰঙাৰ অভিজ্ঞ টুৰিষ্ট গাইড তথা পৰিৱেশকৰ্মী বিতুপন কলঙে । তেওঁৰ মতে বিস্তৃত এলেকাত পোখা মেলা ঝাওবনে বহু বালিচৰৰ অস্তিত্ব স্থায়ী কৰে ।

ঝাওবন
ঝাওবন

ঝাওবনৰ বাবে নদীয়ে খহাব নোৱাৰে বালিচৰ । ঝাওবনত আশ্ৰয় লয় বহু দুষ্প্ৰাপ্য পশু -পক্ষীয়ে‌। ঝাওবনৰ বালিচৰত আশ্ৰয় লয় কাজিৰঙাৰ গঁড়, হাতী ম'হে । বৈচিত্ৰময় কাজিৰঙাৰ পৰিৱেশতন্ত্ৰত সেয়েহে ঝাওবন আৱশ্যকীয় উপাদান।

কাজিৰঙাত ঝাওবন ৬ মিটাৰ পৰ্যন্ত ওখ হোৱা দেখা যায় । ঝাওবনৰ সৰি পৰা পাত আদিয়ে বালিচৰৰ ভূমিক উৰ্বৰা কৰে আৰু মাটিক সাৰুৱা কৰে । স্মৰ্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন হৈ আছে ব্ৰহ্মপুত্ৰৰ বিশাল বহু বালিচৰ ।

এই বালিচৰসমূহত জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ঝাওবনে। সেয়েহে ঝাওবনক কোৱা হয় The Green Warrior Of Kaziranga।উল্লেখ্যে যে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ঝাওবনক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে । ঝাওবনক লৈ আৰু অধিক গৱেষণা, অধ্যয়নৰ প্ৰয়োজন বুলি মন্তব্য কৰে টুৰিষ্ট গাইড বিতুপন কলঙে ।

ঝাওবন
ঝাওবন

Also Read: দুঃসংবাদ, পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু...

kaziranga national park tamarix dioca