নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ মে-ডাম-মে-ফী উদযাপনঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ...

নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ মে-ডাম-মে-ফী উদযাপনঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ মে-ডাম-মে-ফী উদযাপনঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ...

নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ মে-ডাম-মে-ফী উদযাপনঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ...

ডিজিটেল সংবাদ নতুন দিল্লীঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেওঁৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত "মে-ডাম্- মে-ফী" অনুষ্ঠানৰ আয়োজন কৰে। "মে-ডাম-মে-ফী"ৰ পৱিত্ৰ ক্ষণত অনুষ্ঠানটোত দিল্লী এন চি আৰত বাস কৰা অসমৰ শতাধিক লোকে অংশগ্ৰহণ কৰে।

Advertisment

বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীসকল ক্ৰমে ৰামেশ্বৰ তেলী, ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰা, শ্রীপদ য়েছো নায়েক, শান্তনু ঠাকুৰৰ লগতে উত্তৰ-পূবৰ সাংসদসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটোত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰাট হংটঙৰ লগতে লাও পিপলছ্ ডেম'ক্রেটিক ৰিপাব্লিকৰ উপ-ৰাষ্ট্ৰদূত কেও ছেণ্ডাভং উপস্থিত আছিল।

তদুপৰি, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, ইতিহাসবিদ যোগেন্দ্ৰ নাথ ফুকনৰ উপস্থিতিয়েও অনুষ্ঠানটিৰ গৰিমা বৃদ্ধি কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আজি পৱিত্ৰ মে-ডাম্-মে-ফীৰ শুভক্ষণত মহান আহোম স্বৰ্গদেউ আৰু টাই আহোম জনগোষ্ঠীৰ পুলিন পুথাও অৰ্থাৎ উপৰিপুৰুষসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু দেশ, জাতি তথা সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে প্ৰাৰ্থনা জনাইছোঁ।

Also Read: আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি

তেখেতসকলে জীৱনকালত শৌর্য-বীর্য, অদম্য বীৰত্ব, পৰাক্ৰম, দেশপ্রেম, ত্যাগ আৰু সাহসৰ নিদৰ্শন দেখুৱাই থৈ গৈছে, যিয়ে আমাক জীৱন পথত আগবাঢ়ি যাওঁতে পথ প্ৰদৰ্শন কৰি আহিছে। আমাৰ সমৃদ্ধ ঐতিহ্য, চহকী ইতিহাস আৰু সংস্কৃতি হৈছে আমাৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক।

যিহেতু মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি এখন নতুন ভাৰত গঢ়ি তোলাৰ যাত্ৰাত অগ্রগামী হৈছোঁ, এই দিশত পুলিন পুথাওসকলৰ আশীৰ্বাদ আৰু কৃপাদৃষ্টি আমাৰ বাবে সদায়েই পাথেয় হৈ ৰ'ব। এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত তথা অসম গঢ় দিবলৈ হ'লে আমাৰ পূৰ্বপুৰুষসকলে এৰি থৈ যোৱা জ্ঞান, অভিজ্ঞতা আৰু শিক্ষাবোৰৰ আমি উচিত মূল্যায়ন কৰিব লাগিব।"

তদুপৰি সোণোৱালে কয়, "আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ দৃঢ় লক্ষ্যপ্ৰাপ্তিৰ যাত্ৰাত আমাৰ উপৰিপুৰুষসকলৰ আশিস আমাক লাগিবই। সোণালী অতীতৰ আঁত ধৰিয়েই বৰ্তমানৰ বোকোচাত উঠি আমি উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱমান হ'ব লাগিব।"

সোণোৱালে কয়, "২০১৪ বৰ্ষৰপৰা মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনমৰ্মে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে। আটাইকেইগৰাকী আহোম স্বৰ্গদেউৰ স্মৃতি যুগমীয়া কৰাৰ বাবে পদক্ষেপ গ্রহণ, আহোম ৰাজত্বৰ ৰাজধানীসমূহ হাবুং, তিপাম, চৰাইদেউ আদিৰ লগতে আহোম যুগৰ কীৰ্তিচিহ্নবোৰৰ সুৰক্ষা, সংৰক্ষণ, সৌন্দর্যবর্ধন আৰু পৰ্যটন বৃদ্ধিৰ বাবে চৰকাৰৰ উদ্যোগত বিশেষ প্রচেষ্টা গ্ৰহণ কৰি থকা হৈছে।

উল্লেখযোগ্য যে, ভাৰতৰ পাঁচখন আইক'নিক পুৰাতাত্ত্বিক ঐতিহ্যপূৰ্ণ স্থানৰ ভিতৰত শিৱসাগৰকো অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে ভাৰত চৰকাৰে এইবাৰ চৰাইদেউ মৈদামস্থলীক মনোনীত কৰাত আমি অতি আনন্দ পাইছোঁ আৰু ইয়াৰ বাবে মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বুলিও কয় সোণোৱালে।

আজিৰ অনুষ্ঠানটোত উত্তৰ-পূবৰ কেইবাগৰাকীও সাংসদ- দিলীপ শ‍ইকীয়া, কুইন ওজা, ভুৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, টাপিৰ গাও, তপন কুমাৰ গগৈ, অজিত কুমাৰ ভূঞা, প্ৰদান বৰুৱা, পৱিত্ৰ মাৰ্ঘেৰিটা, কৃপানাথ মাল্লাহ, হৰেণ সিং বে', নৱ শৰণীয়া আদি উপস্থিত থাকে।

Also Read: অমিয়ময় বৰখামতি পথাৰ ! সাহিত্য সভাত উপেক্ষিত সাহিত্য কাণ্ডাৰী, কাৰ্যসূচীৰো বিভ্ৰাত...

সৰ্বানন্দ সোণোৱাল মে-ডাম-মে-ফী