অমিয়ময় বৰখামতি পথাৰ ! সাহিত্য সভাত উপেক্ষিত সাহিত্য কাণ্ডাৰী, কাৰ্যসূচীৰো বিভ্ৰাত...

অমিয়ময় বৰখামতি পথাৰ ! সাহিত্য সভাত উপেক্ষিত সাহিত্য কাণ্ডাৰী, কাৰ্যসূচীৰো বিভ্ৰাত...

author-image
Asomiya Pratidin
New Update
অমিয়ময় বৰখামতি পথাৰ ! সাহিত্য সভাত উপেক্ষিত সাহিত্য কাণ্ডাৰী, কাৰ্যসূচীৰো বিভ্ৰাত...

অমিয়ময় বৰখামতি পথাৰ ! সাহিত্য সভাত উপেক্ষিত সাহিত্য কাণ্ডাৰী, কাৰ্যসূচীৰো বিভ্ৰাত...

ডিজিটেল সংবাদ নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ বৰখামতি পথাৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন। পুৱা ৯ বজাত বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ দেৱ গোস্বামী আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে অস্হায়ী নামঘৰ উদ্বোধন কৰাৰ লগে লগে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে ৷

Advertisment

ইয়াৰ পাছতে পৰ্যায়ক্ৰমে মূল তোৰণ উন্মোচন,মূল মণ্ডপ উন্মোচন, গ্ৰন্থ, প্ৰদৰ্শনী, বাণিজ্য আৰু বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচন কৰা হয় ৷ সাহিত্য সভাৰ প্ৰথম দিনৰ কাৰ্যসূচীত আজি আকাশ নামেৰে দুই ঘন্টা যোৰা অনুষ্ঠান মহিলা আৰু যুৱতীসকলক সামৰি মূল মঞ্চত অনুষ্ঠিত হয় ৷

য’ত অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ অধিৱেশনৰ কেওদিশে এক উদুলিমুদুলি পৰিৱেশৰ সূচনা হয় ৷ প্ৰথম দিনাই ৰাজ্যৰ গৰিষ্ঠসংখ্যক সাহিত্যনুৰাগীৰ আগমন ঘটে অধিৱেশন স্হলীলৈ ৷

চিৰ চিনেহী ভাষা জননীৰ সেৱকসকলে অনুষ্ঠানৰ সফল ৰূপায়ণত মনোনিৱেশ কৰে ৷ পৰিতাপৰ কথা যে, সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনস্হলী মণিকাঞ্চন ক্ষেত্ৰত চিৰ পূজ্য ভাষা সাহিত্যৰ কাণ্ডাৰীসকলৰ কোনো এগৰাকীৰে এখনো ফটো বা ছবি দেখিবলৈ পোৱা ন’গল ৷

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা ,ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ,লক্ষ্মীনাথ বেজবৰুৱা বা শংকৰদেৱ, মাধৱ দেৱৰ ফটো এখনো অধিৱেশন স্হলীত লগোৱাৰ কথা চিন্তা নকৰিলে আদৰণি সমতিয়ে৷ যাৰ যতনত আইৰ মুখৰ ভাষা অদ্যাপি গৰিমামণ্ডিত হৈ লিখিত ৰূপত সাহিত্য আকাৰেৰে জাতিৰ সম্বল হৈছে সেইসকল চিৰ নমস্য সাহিত্য কাণ্ডাৰীক উপেক্ষা কৰি বিধায়ক ড° অমিয় ভূঞাৰ বৃহৎ আকাৰৰ হৰ্ডিঙে বৰ খামতি পথাৰ চানি ধৰা দেখিবলৈ পোৱা গৈছে ৷

কেওফালে অমিয় ভূঞাময় হৈ পৰিল বৰখামতি পথাৰ ৷ এই কথাত সকলোৰে আশ্বৰ্য প্ৰকাশ কৰি আদৰণি সমিতিক গৰিহণা দিয়া পৰিলক্ষিত হৈছে ৷ নিয়মমতে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা কেওগৰাকী সভাপতিৰ ফটো অধিৱেশনস্হলীত থকাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তেনে নকৰাত সাহিত্য অনুৰাগীসকলে অন্ততঃ কেইজনমান সাহিত্যকাণ্ডাৰীৰ ফটো ৰখা হ’লেও হয় বুলি মত প্ৰকাশ কৰে ৷

লক্ষণীয় ভাৱে আদৰণি সমতিৰি দ্বাৰা প্ৰকাশিত কাৰ্যসূচী বিভ্ৰাট পোহৰলৈ আহিছে ৷ ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংবাদ সাহিত্য সন্মিলনলৈ উদ্বোধক হিচাবে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক আমন্ত্ৰণ জনোৱা হয় যদিও আজি অধিৱেশনস্হলীত ভিন্ন জনে লাভ কৰা ছপা কাৰ্যসূচীত উক্ত কাৰ্যসূচীৰ উদ্বোধক হিচাবে সাংবাদিক দিলীপ চন্দনৰ নাম নিতুমণি শইকীয়াৰ স্হানত প্ৰকাশিত হয় ৷ অৰ্থাৎ একেখন অধিৱেশনৰ দুখন কাৰ্যসূচীয়ে এতিয়া বিপাঙত পেলাইছে আমন্ত্ৰিত অতিথি সকলক।

Also Read: আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন অসম সাহিত্য সভা