আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি

আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি
আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি

মৃদুল কুমাৰ সন্দিকৈ

সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ বাট-পথ। দিনে-নিশাই চলিছে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ কাম। ক'ৰবাত যদি চাফাই অভিযান চলিছে, মহানগৰীৰ আন ক'ৰবাত ৰঙ-বিৰঙে সজাই পৰাই তোলা হৈছে।

কিয়নো জি-২০ ৰ প্ৰথম পৰ্যায়ৰ ২ টাকৈ ইভেণ্ট অনুষ্ঠিত হ'ব গুৱাহাটীত। এই প্ৰতিনিধিসকল যাব ডিব্ৰুগড়লৈও। 'ছাচটেইনেবল ফাইনেঞ্চিয়েল ৱৰ্কিং গ্ৰুপ' চমুকৈ এছ ইফ ডব্লিউ জি আৰু য়ুথ-২০ ইনচেপশ্যন ইভেণ্ট অনুষ্ঠিত হ'ব অসমত।

প্ৰথমখন এছ এফ ডব্লিই ডি মিটিং মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত ২ ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। এই বৈঠকত ভাগ ল'ব জি-২০ সদস্য ৰাষ্ট্ৰৰ ৯৪ গৰাকী প্ৰতিনিধি, দেশৰ উচ্চপদস্থ বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে।

এই বৈঠকত অংশ ল'বলৈ অহাসকলক অভ্যৰ্থনা জনাবলৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি সকলোতে কৰা হৈছে পৰ্যাপ্ত ব্যৱস্থা। বিমান বন্দৰত তেওঁলোকক আদৰণি জনাবলৈ পৰম্পৰাগত গীত-মাত সাজু কৰি তোলা হৈছে।

বিশ্বৰে গৌৰৱ কাজিৰঙা দৰ্শনৰ বাবে এই প্ৰতিনিধিসকলক লৈ যোৱা হ'ব। মুঠৰ ওপৰত বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলক উষ্ম আদৰণি জনাবলৈ সকলো ব্যৱস্থা কৰিছে চৰকাৰে।

আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি
DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...

এছ এফ ডব্লিউ ডি সভাখন অনুষ্ঠিত হ'ব ৪ টা সত্ৰত। ইয়াত অংল ল'বলৈ অহা প্ৰতিনিধি জাহাজত উঠি আমাৰ থলুৱা সংস্কৃতিৰ আভাষো ল'ব। ৱাই-২০ ইনচেপশ্যন অনুষ্ঠান ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীত এখন হোটেল আৰু আই আই টি গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

এই অনুষ্ঠানত অংশ ল'ব ২৫০ গৰাকী প্ৰতিনিধিয়ে। ইয়াৰ উপৰিও ৪০০ গৰাকী ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ৱাই-২০ ত অংশ ল'ব। ৱাই-২০ৰ চামিট অৰ্থাৎ সন্মিলন এইবছৰৰ আগষ্টত অনুষ্ঠিত হ'ব।

ৱাই-২০ অনুষ্ঠানৰ বিষয় হৈছে 'শান্তি প্ৰতিষ্ঠা আৰু সমিলমিল'। ইয়াৰ উপৰিও উদ্যোগীকৰণৰ বাবে ভৱিষ্যতে কৰিবলগীয়া কাম, জলবায়ু পৰিৱৰ্তন, দুৰ্যোগ বিপদাশংকা হ্ৰাস, চৰকাৰ আৰু গণতন্ত্ৰত যুৱক-যুৱতীৰ ভূমিকা, সুস্বাস্থ্য ও ক্ৰীড়া আদি বিষয়ো আলোচনা কৰা হ'ব।

গুৱাহাটী মহানগৰীত চলিছে সেই বাবে এনে ব্যাপক প্ৰস্তুতি। এই প্ৰতিনিধিসকলে গড়ভঙা সংৰক্ষিত বনাঞ্চললৈও যাব ফুৰিবলৈ। জি-২০ আন এখন লিডাৰছ চামিটৰ সভা অনুষ্ঠিত হ'ব ইটানগৰত।

ডিব্ৰুগড়টো তেওঁলোকক আদৰিবলৈ প্ৰস্তুতি তুংগত উঠিছে। অৰুণাচলৰ ইটানগৰত ২৫ মাৰ্চত অনুষ্ঠিত হ'ব আন এক অনুষ্ঠান। চাহৰ বাবে ডিব্ৰুগড়ৰ চাহ বাগিচাৰ মাজত থকা এখন আটকধুনীয়া ৰিজ'ৰ্টত অতিথিসকলৰ থকা-মেলাৰ ব্যৱস্থা কৰা হৈছে।

ডিজিটেল ৱাল প্ৰিণ্টিং, সু-সজ্জিত তোৰণ, এল ই ডি কাট-আউট, হৰ্ডিং আৰু সদস্য ৰাষ্ট্ৰসমূহৰ পতাকা আঁৰি দিয়া হৈছে গুৱাহাটীত। এই জি-২০ ৰ মূল নীতি হৈছে এখন পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত।

প্ৰথমদিনাৰ গুৱাহাটীৰ কাৰ্যসূচীৰ ভিতৰত আছে যোগাসনৰ এক কাৰ্যসূচী। দ্বিতীয় দিনা গুৱাহাটীৰ জি-২০ ৰ এক কাৰ্যাসূচী অনুষ্ঠিত হোৱাৰ পাছত প্ৰতিনিধিসকলে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত।

ইয়াৰ মাজতে জি-২০ সন্মিলনৰ বাবে সাজু হৈছে আই আই টি গুৱাহাটী। কিয়নো তাত ১ ফেব্ৰুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ইকনমিক কনক্লেভ আৰু ৬ ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ য়ুথ কনক্লেভ অনুষ্ঠিত হ'ব।

আই আই টি গুৱাহাটীয়ে নতুনকৈ নিৰ্মাণ কৰা অতিথিশালাটো সজাই পৰাই তুলিছে। ইয়াত অংশ ল'বলগীয়া ৫০ গৰাকী বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ বাবে সাজু কৰিছে চাইকেল আৰু হেলমেট।

আই আই টিৰ ভিতৰত থকা ৩৪ কিলোমিটাৰ পথত তেওঁলোকে চলাব চাইকেল। চাইকেল চলাবলৈ বিদেশী আৰু আন প্ৰতিনিধিসকলক দিয়াৰ কাৰণ হ'ল পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ আৰু জনসজাগতাৰ সৃষ্টি।

এইবাৰ জি-২০ ৰ অধ্যক্ষ দেশ ভাৰত। জি-২০ৰ সম্পূৰ্ণ অৰ্থ গ্ৰুপ অফ টুৱেণ্টি। ইয়াত আছে ১৯ খন ৰাষ্ট্ৰ আৰু ইউৰোপিয় ইউনিয়ন। এই জি-২০ য়ে বিশ্ব অৰ্থনীতিৰ, আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ সুস্থিৰতা, জলবায়ু পৰিৱৰ্তন, বহনক্ষম উন্নয়নক লৈ বদ্ধপৰিকৰ।

১৯৯৯ চনত গঠন কৰা হৈছিল জি-২০। বিশ্বজুৰি বহু আৰ্থিক দুৰৱস্থাৰ সৃষ্টি হোৱাৰ পিছত জি-২০ গঠন কৰাৰ লক্ষ্য আছিল আৰ্থিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে একেলগে কাম কৰা।

সদস্য ৰাষ্ট্ৰসমূহৰ মূৰব্বী, বিত্তমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলে এই বৈঠকত ভাগ লয়। ইউৰোপিয়ান ইউনিয়নৰ হৈ জি-২০ ত প্ৰতিনিধিত্ব কৰে ইউৰোপিয়ান কমিচন আৰু ইউৰোপিয় চেণ্ট্ৰেল বেংকে।

এই সন্মিলনত অংশ ল'বলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা, এন জিঅ'কো মতা হয়। ১৯ খন ৰাষ্ট্ৰক ৫ টা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ ১ ত আছে অষ্ট্ৰেলিয়া, কানাডা, ছৌদি আৰৱ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

গ্ৰুপ ২ ত আছে ভাৰত, ৰাছিয়া, দক্ষিণ আফ্ৰিকা আৰু তুৰ্কী। ২০২২ ত জি-২০ সন্মিলন অনুষ্ঠিত কৰিছিল ইণ্ডোনেছিয়াই। আমেৰিকাই ২০০৮ ত, ছৌদি আৰৱে ২০২০ ত, কানাডাই ২০১০ ত, অষ্ট্ৰেলিয়াই ২০১৪ ত, ৰাছিয়াই ২০১৩ ত, আৰ্জেণ্টিনাই ২০১৮ ত, জাৰ্মানীয়ে ২০১৭ত, চীনে ২০১৬ ত, জাপানে ২০১৯ ত জি-২০ ৰ অধ্যক্ষ হৈ সন্মিলন আয়োজন কৰিছে।

জি-২০ হৈছে এক ইণ্টাৰ গভৰ্মেণ্টেল ফৰাম। জি-২০ ৰ অধীনত আছে বিশ্বৰ ৮০ শতাংশ গ্ৰ'ছ ৱৰ্ল্ড প্ৰডাক্ট। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৭৫ শতাংশ জি-২০ সদস্য ৰাষ্ট্ৰৰ হাতত আছে। এই সদস্য ৰাষ্ট্ৰসমূহত থকা জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ দুই তৃতীয়াংশ।

বিশ্বৰ মুঠ মাটিকালিৰ ৬০ শতাংশই জি-২০ ৰ সদস্য ৰাষ্ট্ৰৰ অন্তৰ্গত। ইয়াৰ পৰাই অনুমান কৰিব পাৰি বিশ্বৰ ভিতৰতে জি-২০ এক শক্তিশালী আৰু উল্লেখযোগ্য ফৰাম। এই জি-২০ ৰ কোনো সচিবালয় নাই।

যিখন দেশে অধ্যক্ষৰ দায়িত্ব লাভ কৰে সেই দেশৰ পৰাই জি-২০ ৰ সকলো কাম চোৱাচিতা কৰা হয়। বাণিজ্য, জলবায়ুৰ সুৰক্ষা, উদ্যোগীকৰণ, উন্নয়ন সকলো দিশতেই জি-২০ৰ প্ৰভাৱ বিশ্বজনীন।

ভাৰতত আয়োজন কৰা জি-২০ সন্মিলনসমূহ দেশৰ বিভিন্ন প্ৰান্তত, বিভিন্ন চহৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ২ ৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ যোধপুৰতো এক ইভেণ্ট অনুষ্ঠিত হ'ব।

বেংগালুৰু, ইন্দোৰ, লক্ষ্ণৌ আদি চহৰতো বিভিন্ন বিষয়ত জি-২০ বৈঠক অনুষ্ঠিত হ'ব। শিলিগুৰি, কলকাতা, ভূৱনেশ্বৰ, খাজুৰাহো, চণ্ডিগড়, গুৰগ্ৰাম, অমৃতচৰ, উদয়পুৰ, গান্ধীনগৰ, চুৰাত, পোনে, মুম্বাই, গোৱা, চেন্নাই, তিৰুৱান্তপুৰম, গুজৰাটৰ ৰান অফ কুটছ আদি চহৰত অনুষ্ঠিত হ'ব জি-২০ৰ বৈঠক।

জি-২০ ৰ মূল সন্মিলন ৯ ৰ পৰা ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব। তাতেই স্বাক্ষৰিত হ'ব নতুন দিল্লী চামিট। অসমৰ দৰে ৰাজ্য এখনত এনে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰাটো অতি সুখৰ বিষয়।

আশা কৰা হৈছে এই জি-২০ বৈঠকে ৰাজ্যখনলৈ বহু আশাৰ বতৰা কঢ়িয়াই আনিব। সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশ্বৰ এনে এক ফৰামৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে নিসন্দেহে আন প্ৰান্তঃ বোৰৰ লগতে এই জি-২০ ৰ বৈঠকে আৰ্থিক, সামাজিক, শৈক্ষিক, উদ্যোগিক, জলবায়ু আদি দিশত অসম আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব।

আহিব ২০ ৰাষ্ট্ৰৰ আলহীঃ গুৱাহাটী উদুলি-মুদুলি
আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in