যি দেশত কংগ্ৰেছ দল থাকে তাত 'মানি হাইষ্ট'ৰ দৰে চিৰিজৰ প্ৰয়োজন নাইঃ মোডী

যি দেশত কংগ্ৰেছ দল থাকে তাত 'মানি হাইষ্ট'ৰ দৰে চিৰিজৰ প্ৰয়োজন নাইঃ মোডী

author-image
Asomiya Pratidin
New Update
যি দেশত কংগ্ৰেছ দল থাকে তাত 'মানি হাইষ্ট'ৰ দৰে চিৰিজৰ প্ৰয়োজন নাইঃ মোডী

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ পৰিয়ালৰ মালিকত্বাধীন কোম্পানীত অভিযান চলাই বৰ্তমানলৈকে আয়কৰ বিভাগে জব্দ কৰিছে প্ৰায় ৩৫০ কোটি টকা। এই বিশাল পৰিমাণৰ ধন জব্দ হোৱাৰ পাছত বিজেপিয়ে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে।

মোডীয়ে কয় যে যেতিয়া দেশত কংগ্ৰেছৰ দৰে দল থাকে তেতিয়ালৈকে মানী হাইষ্টৰ দৰে চিৰিজৰ কি প্ৰয়োজন? তেওঁলোকে ৭০ বছৰ ধৰি ডকাইতি চলাই গৈছে আৰু এতিয়াও অব্যাহত আছে।

ছ'চিয়েল মিডিয়াত বিজেপিৰ একাউন্টৰ পৰা পোষ্ট কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে। এই ভিডিঅ'ৰ আৰম্ভণিতে কোৱা হৈছে যে কংগ্ৰেছে কংগ্ৰেছে মানি হাইষ্ট(টকা লুট)ৰ প্ৰক্ৰিয়া চলায়।

উল্লেখ্য যে, কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ সুৰাৰ ব্যৱসায় আছে। আয়কৰ বিভাগৰ এই অভিযান বৌদ্ধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ লগত সম্পৰ্কিতয। ৬ ডিচেম্বৰত আৰম্ভ হৈছিল এই অভিযান। ধীৰাজ চাহুৰ পৰিয়ালৰলোকে জড়িত এই ব্যৱসায়ত। উৰিষ্যাত তেওঁলোকৰ কেইবাটাও সুৰা বনোৱা কোম্পানী আছে।


Also Read: ''কংগ্ৰেছ সাংসদৰ পৰা জব্দ হোৱা ৩৫০ কোটি টকাৰ লগত দলৰ সম্পৰ্ক নাই''

congress narendra modi bjp