''কংগ্ৰেছ সাংসদৰ পৰা জব্দ হোৱা ৩৫০ কোটি টকাৰ লগত দলৰ সম্পৰ্ক নাই''

''কংগ্ৰেছ সাংসদৰ পৰা জব্দ হোৱা ৩৫০ কোটি টকাৰ লগত দলৰ সম্পৰ্ক নাই''

author-image
Asomiya Pratidin
New Update
''কংগ্ৰেছ সাংসদৰ পৰা জব্দ হোৱা ৩৫০ কোটি টকাৰ লগত দলৰ সম্পৰ্ক নাই''

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ পৰিয়ালৰ ব্যৱসায়ত জড়িত কেইবাটাও ঠাইত আয়কৰ বিভাগে জব্দ কৰিছে ৩৫০ কোটি টকা। এই ধনৰ পৰিমাণ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে বিজেপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Advertisment

ইয়াৰ মাজতে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি.চিদম্বৰমে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তেওঁ কয় যে, মই জীৱনত ৩৫০ কোটি টকা দেখা নাই। আপোনালোকে যদি প্ৰশ্ন কৰে ৩৫০ কোটিত কিমান শূণ্য আছে বুলি তেন্তে মই গণিব লাগিব।

লগতে কয় যে, এই ধনৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই। এগৰাকী সাংসদৰ পৰিয়ালৰ মালিকত্বধীন ডিষ্টিলৰী কোম্পানীৰ বিৰুদ্ধে চলোৱা অভিযানতহে জব্দ হৈছে টকা।

তেওঁ কয়, আমি কেৱল দল চলাও আৰু ৰাজনৈতক উদ্দেশ্যৰ বাবে দলৰ সদস্য থাকে। কিন্তু আমি এই কথাত গুৰুত্ব নিদিও যে এজন ব্যক্তিৰ ব্যৱসায় আছে। তেওঁ যেতিয়া বিচাৰে এই বিষয়ে আমাক বুজাব।

উল্লেখ্য যে, কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ সুৰাৰ ব্যৱসায় আছে। আয়কৰ বিভাগৰ এই অভিযান বৌদ্ধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ লগত সম্পৰ্কিতয। ৬ ডিচেম্বৰত আৰম্ভ হৈছিল এই অভিযান। ধীৰাজ চাহুৰ পৰিয়ালৰলোকে জড়িত এই ব্যৱসায়ত। উৰিষ্যাত তেওঁলোকৰ কেইবাটাও সুৰা বনোৱা কোম্পানী আছে।

Also Read: মহানগৰীৰ উলুবাৰীত মৃতদেহ উদ্ধাৰ

congress