দুৰ্গা পূজাৰ সময়ত হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ, মন্দিৰ সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিশেষ পদক্ষেপ

দুৰ্গা পূজাৰ সময়ত হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ, মন্দিৰ সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিশেষ পদক্ষেপ

author-image
Asomiya Pratidin
New Update
দুৰ্গা পূজাৰ সময়ত হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ, মন্দিৰ সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিশেষ পদক্ষেপ

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশতো ব্যাপকভাৱে পালন কৰা হয় দুৰ্গা পূজা। দুৰ্গা পূজাৰ সময়ছোৱাত বাংলাদেশত থকা হিন্দু ধৰ্মালম্বী লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

Advertisment

দেশখনত বসবাস কৰা হিন্দু ধৰ্মালম্বী লোকসকলৰ ঘৰ অথবা মন্দিৰ,পূজা মণ্ডপসমূহ যাতে সুৰক্ষিত হয় তাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কোনো দুষ্ট প্ৰকৃতিৰ লোকে যাতে ঘৰ,মন্দিৰ আদিৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে আৱমী লীগ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এই সমগ্ৰ বিষয় সন্দৰ্ভত শুকুৰবাৰে এখন বৈঠক অনুষ্ঠিত কৰা হয়। বাংলাদেশৰ শাসকীয় দল আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইডুল কাদেৰে বৈঠকত ভাগলৈ দুৰ্গা পূজা উদযাপনৰ সময়ত হিন্দু লোকৰৰ ঘৰ আৰু উপাসনাস্থলীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দলৰ সদস্যসকলক নিৰ্দেশ দিয়ে।

শুকুৰবাৰে পূজা উদযাপন পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বৈঠকত যিকোনো অপ্ৰীতিকৰ ঘটনা বিফল কৰিবলৈ সম্পাদক কাদেৰে সতৰ্কতা প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সম্পাদক কাদেৰে কয় যে, দেশখনত মুঠ ৩২,৪০৮ টা পূজা মণ্ডপ থকাৰ বাবে আৰক্ষীয়ে পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। সেয়েহে দলৰ সদস্যসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এই সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ব্যক্তিগতভাৱে পৰ্য্যবেক্ষণ কৰা বুলি কাডেৰে মন্তব্য কৰে।

Also Read: নিৰুদ্দিষ্ট আৰক্ষী পুত্ৰৰ ফটো বুকুত সাবটি মৃত্যুক আকোঁৱালি ল'লে মাতৃয়ে

bangladesh durga puja sheikh hasina