/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1c6be435-35e3-41fc-aab1-8083e1ac0867/309.jpg)
ডিজিটেল, সংবাদ,দৌলাশাল : প্ৰায় আঢ়ৈ বছৰে সন্ধানহীন হৈ থকা আৰক্ষী পুত্ৰৰ শোকত পুত্ৰৰ ফটো বুকুত সাবটি মৃত্যুক আকোঁৱালি ল'লে নলবাৰী জিলাৰ দৌলাশালৰ পাৰ্বতী ডেকাই । পুত্ৰ নিৰুদ্দেশ হোৱা দুখৰ বোজা সহিব নোৱাৰি মৃত্যুক আকোঁৱালি লোৱা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১ বছৰ ।
বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল আনন্দ ডেকাৰ বৰ পুত্ৰ তথা কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান মুন ডেকা যোৱা আঢ়ৈ বছৰ ধৰি নিৰুদ্দিষ্ট হৈ থকাত পৰিয়ালটোৱে অনিশ্চয়তাত ভুগি আছিল । বৰপুত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পিছৰ পৰা পুত্ৰৰ ফটো বুকুত সাবটি বহু উজাগৰি নিশা কটাই অসুস্থ হৈ পৰিছিল মাতৃ পাৰ্বতী ডেকা ৷
দীৰ্ঘদিন ধৰি চিকিৎসাৰ অন্তত শুক্ৰবাৰে এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । নামধৰ্মৰ লগত জড়িত মহিলাগৰাকীৰ মৃত্যুত দৌলাশালত শোকৰ ছাঁ পৰিছে ।
মৃত্যুৰ সময়ত তেওঁ স্বামী আনন্দ ডেকাৰ লগতে নিৰুদ্দিষ্ট পুত্ৰ মুন ডেকা আৰু আন এগৰাকী পুত্ৰ, দুগৰাকী বোৱাৰীসহ জী-জোঁৱাই , নাতি-নাতিনীক এৰি থৈ যায় । অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত কনিষ্টবল আনন্দ ডেকাৰ পত্নীয়ে নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি এক যন্ত্ৰণাময় জীৱন অতিবাহিত কৰি আহিছিল ।
মাতৃৰ মৃত্যুৰ পিছতে মুন ডেকাৰ নিৰুদ্দেশৰ বিষয়টো আজি পুনৰ চৰ্চালৈ আহিছে । উল্লেখ্য যে ২০২১ চনৰ ২ জুনত গুৱাহাটীৰ ওদালবাক্ৰাৰ ভাড়াঘৰৰ পৰা মুন ডেকাই তেওঁৰ এ এছ -১৪ এল ৫১৫৬ নম্বৰৰ স্কুটিখনেৰে ওলাই গৈ আজি পৰ্যন্ত উভতি অহা নাই ।
মুন ডেকাৰ দুৰ্ভগীয়া পত্নী দুলুমণি ডেকা আৰু পিতৃ- মাতৃয়ে ঘটনা সম্পৰ্কত ওদালবাক্ৰা আৰক্ষী চকীত লিখিতভাৱে জনাইছিল যদিও আজিলৈকে কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে । শুক্ৰবাৰে দুপৰীয়া এক শোকাকুল পৰিৱেশত মৃতকৰ শেষকৃত সম্পন্ন কৰা হয় ৷
Also Read: পূব কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পথ নিৰ্মাণত গুৰুতৰ অভিযোগ