কৃষকৰ মৃত্যুঃ দুদিনৰ বাবে স্থগিত 'দিল্লী চলো' যাত্ৰা, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস

কৃষকৰ মৃত্যুঃ দুদিনৰ বাবে স্থগিত 'দিল্লী চলো' যাত্ৰা, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস

ডিজিটেল ডেস্কঃ দুদিনৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা। হাৰিয়ানাৰ খানৌৰী সীমান্তত এজন কৃষকৰ মৃত্যু হোৱাৰ পাছতে এই সিদ্ধান্ত প্ৰতিবাদকাৰী কৃষকৰ।ট্ৰেড ইউনিয়নসমূহে প্ৰতিবাদকাৰী যুৱ কৃষক শুভ কৰণ সিঙৰ মৃত্যুৰ তীব্ৰ গৰিহণা দিছে আৰু ২৩ ফেব্ৰুৱাৰী ক'লা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি পঞ্জাৱৰ কৃষকসকলে বহু দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকৰ ৪ বাৰকৈ আলোচনা হৈছে যদিও এতিয়ালৈকে সমাধান ওলোৱা নাই। ইয়াৰ মাজতে চৰকাৰে কৃষকসকলক পঞ্চম আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে।


ইয়াৰ মাজতে  হাৰিয়ানাৰ খানৌৰী সীমান্তত চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয়। কৃষক সংগঠন অল ইণ্ডিয়া কিষাণ সভাই অভিযোগ উত্থাপন কৰি কয় যে এই সংঘৰ্ষৰ মাজতেই এজন কৃষকৰ মৃত্যু হয়। অৱশ্য়ে এই অভিযোগ খণ্ডন কৰিছে হাৰিয়ানা আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। কন্দুৱা গেছ, ৰবৰ বুলেট আদি প্ৰয়োগ কৰিছিল। তাৰ মাজতেই আহত হৈছিল কেইবাগৰাকী। পাটিয়ালাৰ এজন চিকিৎসকে জনোৱা অনুসৰি ৩ জন যুৱকক চিকিৎসালয়লৈ লৈ অনা হৈছিল। ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ চিকিৎসালয়লৈ অনাৰ পূৰ্বে মৃত্যু হৈছিল।

কৃষকৰ মৃত্যুঃ দুদিনৰ বাবে স্থগিত 'দিল্লী চলো' যাত্ৰা, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস
কাছাৰত নগদ ৩.৫ লাখ টকা সোনসহ ৫ সুদখোৰ গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in