/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6d7ccd4b-8c7d-4a47-be11-5c3ae23d765f/AP_FOR_WEB_jb.jpg)
ডিজিটেল ডেস্ক : 'সাদিন প্ৰতিদিন গোষ্ঠী অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগত আছিল, আছে আৰু অনাগত দিনতো থাকিব। হেমকোষৰ কেতিয়াও কোনেও নৱযুগৰ স্ৰষ্টা হ'ব নোৱাৰে। এইটো সম্পূৰ্ণৰূপে ভুল।
১৮৩৪ চনত বৃটিছে অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। ইয়াৰ পিছত আমাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ আৰু হেমকোষ প্ৰণয়ন কৰি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/73554c13-8ff6-4029-bc0d-f53748701b28/a15dc12f_41b7_493a_af63_333f4e027a5f.jpg)
সময়ৰ লগে লগে নতুন নতুন শব্দৰ সৃষ্টি হয় আৰু সেইসমূহ শব্দ হেমকোষৰ পৰিৱৰ্ধিত সংস্কৰণত অন্তৰ্ভুক্ত কৰি গৈ থকা হৈছে।' এই মন্তব্য অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ।
অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে অনুষ্ঠিত দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকী। দীঘলীপুখুৰীৰ শিশু উদ্যানত অনুষ্ঠিত উক্ত অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনস্বীকাৰ্য অৱদানৰ বাবে জয়ন্ত বৰুৱা আৰু 'অৰণ্য মানৱ' যাদৱ পায়েঙক অনুষ্ঠানটিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/828d216e-710d-4de6-82b5-6a6460958dd9/bd21038b_8a9f_4cc6_88d9_d95f82a518ad.jpg)
সংবাদ সেৱা তথা শেহতীয়াকৈ দৃষ্টিহীনক জ্ঞানৰ পোহৰ বিলোৱাৰ মহান উদ্দেশ্যৰে ব্ৰেইল হেমকোষ প্ৰকাশ কৰি সমাজলৈ যি অৱদান আগবঢ়ালে তাৰ বাবে জয়ন্ত বৰুৱাক অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনাত আছে এখনি গামোচা, চেলেং,জাপি,সম্বৰ্ধনা পত্ৰ আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/35413a64-7c08-4959-b2f4-bfec93336e43/3a30143d_eaaf_4c74_af02_d2c37aa41833.jpg)
আনহাতে ৩হেক্টৰ মাটিত অৰণ্য স্থাপন কৰি সাত সাগৰ তেৰ নদীৰ সিপাৰে অসমৰ নাম,যশ,কৃতি বিলোৱাৰ লগতে বিশ্ব মানচিত্ৰত অসমক এক সুকয়া স্থান দিবলৈ অহৰহ চেষ্টাত ব্ৰতী 'অৰণ্য মানৱ' যাদৱ পায়েঙক প্ৰদান কৰা হয় 'সেউজ সম্ৰাট বঁটা।' জীৱন জোৰা সাধনাৰ বাবে সংগঠনটোৱে পায়েঙলৈ এই বঁটা প্ৰদান কৰে। বঁটাটিত আছে জাপি, গামোচা, চেলেং, অংগবস্ত্ৰ, স্মাৰক আৰু ১০ হাজাৰ টকাৰ চেক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cac84773-1ac8-4e61-a54b-600eb69a96e0/75532475_7ea4_48fe_8d52_d86a18613aed.jpg)
চৰাইয়ে উৰিব শিকালে,গছে কাপোৰ পিন্ধিব শিকালে। আৰু সেই প্ৰকৃতিৰ দানকে আমি মানৱ সমাজে দাসত্বলৈ ৰূপান্তৰিত কৰিলোঁ। গছ ৰুলেই নহ'ব, তাৰ প্ৰতিপালনৰ পৰা ডাঙৰ-দীঘল কৰালৈকে যতন ল'ব লাগিব। সৰুৰ পৰাই কোন গছৰ কি নাম তাক জানিব লাগিব। জানিব লাগিব চৰাই-চিৰিকটিৰ নাম। বঁটা গ্ৰহণ কৰি এইদৰে কয় যাদৱ পায়েঙে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7ebd4a33-d4c4-484c-b3c6-f52359f5208b/711f2291_0cad_491f_bd41_ea1351f85e04.jpg)
তেঁও লগতে কয় যে, এক মিনিটৰ বাবে উশাহটো বন্ধ কৰিলেই অনুভৱ কৰিব অক্সিজেনৰ প্ৰয়োজন। সেই কাৰণে নিজৰ অক্সিজেনখিনিৰ বাবে অন্ততঃ প্ৰতিগৰাকী ব্যক্তিয়ে এটাকৈ গছপুলি ৰোপণ কৰাৰ বাবে পায়েঙে অনুৰোধ জনায়। সমগ্ৰ বিশ্বৰ প্ৰতিজন মানুহে যদি এটাকৈ গছপুলি ৰোপণ কৰে; তেন্তে পৃথিৱীৰ ভাৰসাম্য পুনৰ ঘূৰি আহিব বুলি যাদৱ পায়েঙে ভাষণ প্ৰসংগত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/40c96ce9-dedc-4791-a9f4-a2596b525267/eab0a88b_639e_45c6_815c_462e411fbde5.jpg)
উল্লেখযোগ্য যে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে। তেওঁ কয়- হেমচন্দ্ৰ বৰুৱা পৰিয়ালৰ ওচৰত অনূসূচীত জাতি সদায় কৃতজ্ঞ। 'কৈৱৰ্ত' শব্দৰ অৰ্থ হেমকোষত সন্নিৱিষ্ট কৰি মাছ আৰু পানীৰ সম্পৰ্ক বুজাই হেমচন্দ্ৰ বৰুৱাই অনূসূচীত জাতিক সমাজৰ অস্পৃশ্যতাৰ পৰা ৰক্ষা কৰিছিল বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0853a2d0-d03f-4483-9730-5f541228eccb/9ef0b04b_ec82_49ad_97f9_dbdbcab4551a.jpg)
আনহাতে বিশিষ্ট অভিনেতা অসীম কৃষ্ণ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকাই। অতিথি হিচাপে অংশগ্ৰহণ কৰে ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক চন্দন ৰঞ্জন দাসে। ঘৰুৱা অসুবিধাৰ হেতু সভাত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিশিষ্ট অতিথি ডা০ নাৰায়ণ শৰ্মাৰ লিখিত ভাষণ পাঠ কৰে অসীম কৃষ্ণ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b1c45a10-3bc4-4d2f-a459-baad737701fb/d4530fbf_6335_4194_a6eb_1d8a786b9e5d.jpg)
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন শ্ৰেণীৰ গন্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰোপৰি অনুষ্ঠানত বিহু-হুঁচৰি দলৰ বিহুনৃত্য আৰু নৃত্য কলা গুৱাহাটীৰ শিল্পীসকলৰদ্বাৰা পৰিবেশিত সত্ৰীয়া নৃত্যই অনন্য মাত্ৰা প্ৰদান কৰে।
Also Read: আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল