কাছাৰত নগদ ৩.৫ লাখ টকা সোনসহ ৫ সুদখোৰ গ্ৰেপ্তাৰ

কাছাৰত নগদ ৩.৫ লাখ টকা সোনসহ ৫ সুদখোৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰ: এইবাৰ সুদখোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই বুধবাৰে এগৰাকী মহিলাসহ পাচজন সুদখোৰক গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে।

লগতে এজন সুদখোৰৰ ঘৰৰ পৰা নগদ ৩.৫ লাখ,টকা আৰু কেইবা লাখ টকা মূল্যৰ স্বৰ্ণলঙ্কাৰ, খালী চেক, বেংকৰ পাছবুক উদ্ধাৰ কৰে । শিলচৰ আৰু বৰখলা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰ কেইজন হৈছে শিলচৰ কাঠাল এলেকাৰ যাইফৰপুৰৰ খাৰুল হুছেইন লস্কৰ, কনকপুৰ ১ম খণ্ডৰ পেস্কাৰ জংগালৰ দিল বাহাৰ আলম চৌধুৰী ওৰফে বুলু, উত্তৰ কৃষ্ণপুৰৰ প্ৰথম খণ্ডৰ হেনা বেগম লস্কৰ, ইটখলাৰ চাহিদ মজুমদাৰ আৰু বৰখলা ৰাখাল খালেৰপাৰৰ ৰিংকু মোহন নাথ।

ৰিংকু মোহন নাথৰ ঘৰৰ পৰা নগদ ৩ লাখ ৫০ হাজাৰ টকা, কেইবা লাখ মূল্যৰ সোণৰ অলংকাৰ বেংকৰ পাছবুক সহ কেইবাটাও বেংকৰ খালী চেক জব্দ কৰে। ইয়াৰ ভিতৰত খাৰুল হুছেইন,হেনা বেগম আৰু দিলবাহাৰক বুধবাৰে জল হাজোতলৈ প্ৰেৰণ কৰা হয়। আনহাতে, ৰিংক নাথ আৰু চাহিদক জেৰা কৰি থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in