মৃত্যু কৃষকৰঃ মাতৃ নাই, পিতৃ অসুস্থ, ভগ্নী অকলশৰীয়া...

মৃত্যু কৃষকৰঃ মাতৃ নাই, পিতৃ অসুস্থ, ভগ্নী অকলশৰীয়া...

ডিজিটেল ডেস্কঃ পঞ্জাৱ কৃষকৰ 'দিল্লী চলো' যাত্ৰাৰ মাজতে ২১ ফেব্ৰুৱাৰীত প্ৰাণ যায় এজন কৃষকৰ। প্ৰতিবাদৰ মাজতেই হাৰিয়ানাৰ খানৌৰী সীমান্তত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কেইবাজনো কৃষক আঘাতপ্ৰাপ্ত হয়। আনহাতে মৃত্যু হয় শুভ কৰণ সিং নামৰ এজন কৃষকৰ। শুভ কৰণ সিঙৰ মৃত্যুৰ পাছতেই প্ৰতিবাদকাৰী কৃষকসকলে দুদিনৰ বাবে দিল্লী চলো যাত্ৰা স্থগিত ৰাখিছে যদিও প্ৰতিবাদ অব্যাহত আছে।

জানিব পৰা মতে শুভকৰণ সিং ২ একৰ ভূমিৰ গৰাকী আছিল। তেওঁৰ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু পিতৃ মানসিকভাৱে অসুস্থ। তেওঁৰ দুগৰাকী ভগ্নীও আছে। শুভ কৰণে ভগ্নীৰ বিয়াৰ বাবে ঋণো লৈছিল। তেওঁৰ এগৰাকী ভগ্নী বিবাহিত আৰু এগৰাকী বৰ্তমান পঢ়ি আছে।

শুভকৰণৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কৃষকসকলে চৰকাৰক তেওঁলোকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰাৰ দাবী কৰি মৰণোত্তৰ পৰীক্ষা বন্ধ কৰিছে। ক্ষতিপূৰণ হিচাপে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা চাকৰি দাবী কৰিছে।

উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি পঞ্জাৱৰ কৃষকসকলে বহু দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইতিমধ্যে চৰকাৰৰ লগত তেওঁলোকৰ ৪ বাৰকৈ আলোচনা হৈছে যদিও এতিয়ালৈকে সমাধান ওলোৱা নাই। ইয়াৰ মাজতে চৰকাৰে কৃষকসকলক পঞ্চম আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। কন্দুৱা গেছ, ৰবৰ বুলেট আদি প্ৰয়োগ কৰিছিল। তাৰ মাজতেই আহত হৈছিল কেইবাগৰাকী। পাটিয়ালাৰ এজন চিকিৎসকে জনোৱা অনুসৰি ৩ জন যুৱকক চিকিৎসালয়লৈ লৈ অনা হৈছিল। ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ চিকিৎসালয়লৈ অনাৰ পূৰ্বে মৃত্যু হৈছিল।


মৃত্যু কৃষকৰঃ মাতৃ নাই, পিতৃ অসুস্থ, ভগ্নী অকলশৰীয়া...
মিছন বসুন্ধৰা ২.০ৰ অধীনত ধেমাজিত ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in