/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c689f5f7-e742-4f0f-8b9e-da7333014d47/7.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ মিছন বসুন্ধৰা ২.০ ৰ অধীনত বৃহস্পতিবাৰে খিলঞ্জীয়া লোক সকলৰ মাজত ধেমাজি জিলাত মুঠ ৩৮ হেজাৰ ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ধেমাজি জিলাখনৰ ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টি তিনিটাত সৰ্ব্বমুঠ ৩৮,১২৩ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1cc7118b-30b6-4fa5-962b-304d5ab5a290/WhatsApp_Image_2024_02_22_at_3_38_40_PM.jpeg)
এই উপলক্ষে বহস্পতিবাৰে ধেমাজি কাছাৰী ময়দানত আনুষ্ঠানিকভাৱে পুৱা ১১ বজাত দহগৰাকী লোকক ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰি অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মিছন বসুন্ধৰা ২.০ অধীনত ধেমাজি সমষ্টিটোৰ বাবে মুঠ ১২,৫১০ গৰাকী , চিচিবৰগাঁও সমষ্টিত ১২, ২৬৬ গৰাকী আৰু জোনাই সমষ্টিটোৰ বাবে মুঠ ১৩,৩৪৭ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণৰব্যৱস্থা কৰিছে ইতিমধ্যে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/dbcaf317-1a2a-4fe9-8694-ca950a274ce6/WhatsApp_Image_2024_02_22_at_3_38_29_PM.jpeg)
ইয়াৰে বৃহস্পতিবাৰে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণী সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু , সাংসদ প্ৰদান বৰুৱা , শ্ৰম মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ, ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ লক্ষীধৰ শেনচোৱা আৰু দেউৰী , সোনোৱাল কছাৰী আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ক্ৰমে ভৈৰৱ দেউৰী , টংকেশ্বৰ সোনোৱাল আৰু পৰমানন্দ চায়েঙীয়াই উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f09c3622-597a-4502-b808-36d7c4887d6c/WhatsApp_Image_2024_02_22_at_3_38_43_PM.jpeg)
সভাৰ আৰম্ভণিতে আদৰনি ভাষন দিয়ে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে একেদিনাই বিয়লিলৈ জোনাই সমষ্টিৰ বাবে চিমেন চাপৰি এচ. বি .বড়ো বিদ্যালয় খেলপথাৰত ভূমি পট্টাৰ বিতৰণৰ পিছতেই অহা ২৬ ফেব্ৰুৱাৰীত চিচিবৰগাওঁ সমষ্টিৰ বাবে ১২,২৬৬ গৰাকী লোকক চিলাপথাৰত ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
Also Read: CBSE পৰীক্ষাৰ প্ৰথম দিনাই মেধাৱী ছাত্ৰই ল'লে চৰম পন্থা...