/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ফৰিদাবাদত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বুধবাৰে নিশা গো সুৰক্ষা বজৰং বাহিনীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিট্টু বজৰংগীৰ সৰু ভাতৃক কোনো অজ্ঞাত লোতে জীৱন্তে জ্বলাই দিয়ে। প্ৰায় ১২ জনলোকে এই ঘটনা সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে। ভুক্তভোগীৰ নাম মহেশ।
এই ঘটনা সন্দৰ্ভত বিট্টু বজৰংগীয়ে কৈছে যে নিশা প্ৰায় ১.২০ বজাত ভাতৃ ঘৰলৈ আহিছিল। তাৰ পাছতে দুৱাৰত টুকুৰিয়াইছিল আৰু কৈছিল যে তেওঁক কোনোবাই জ্বলাই দিছে। যেতিয়া তেওঁলোকে দুৱাৰ খুলিছিল দেখিছিল যে মহেশৰ অৱস্থা অতি বেয়া। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল।
চিকিৎসকে কৈছিল যে মহেশ প্ৰায় ৬০ শতাংশ জ্বলিছিল। পৰৱৰ্তী সময়ত তেওঁক এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসা চলি আছে তেওঁৰ।
ঘটনা সন্দৰ্ভত বিট্টুয়ে কৈছে যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। যদি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিয়ে। লগতে কয় যে অভিযুক্তক তেওঁ চিনি পায়।
Also Read: মৰ্মান্তিক! কিয় চাওমিনৰ লগত বিহপান কৰিলে ৩ ছাত্ৰীয়ে ?