/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ বাক্সাৰ চূণবাৰীত সংঘটিত ভয়ংকৰ ঘটনা। চাওমিনৰ সৈতে বিহপান কৰি আত্মহত্যা ছাত্রীৰ। বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা। আন দুই ছাত্রীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। চূণবাৰী প্রগতি জাতীয় বিদ্যালয়ৰ ছাত্রী তিনিওগৰাকী। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ছাত্ৰী দুগৰাকী।
ছাত্রী ৩গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল এক অভিযোগ। বিদ্যালয়ৰ ব’ৰ্ডত অশ্লীল শব্দ লিখাৰ অভিযোগ উত্থাপন হৈছিল ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে। ইয়াৰে পিছতে কালপানী বজাৰত আহি চাওমিনৰ সৈতে বিহপান কৰিছিল ৩ ছাত্রীয়ে। ছাত্ৰীকেইগৰাকীৰ বয়স ১৩ আৰু ১৪ বছৰৰ ভিতৰত হ'ব।
ঘটনাৰ বিৱৰণী অনুসৰি ৮ ডিচেম্বৰ দিনা ৩গৰাকী ছাত্ৰীয়ে টিউচন শেষ কৰি বোৰ্ডত অশ্লীল বাক্য লিখি ঘৰলৈ গৈছিল। পিছদিনা এই সন্দৰ্ভত শিক্ষকে সোধা পোছা কৰাত এগৰাকী ছাত্ৰীয়ে ৩ গৰাকী ছাত্ৰীৰ নাম লৈছিল।
প্ৰথমে ৩ ছাত্ৰী অমান্তি হৈছিল যদিও পাছত স্বীকাৰ কৰিছিল লিখা বুলি। পৰৱৰ্তী সময়ত ছাত্ৰী ৩ গৰাকীয়ে বিদ্যালৰ কাষৰীয়া কালপানী বজাৰত আহি চাওমিনৰ সৈতে বিহপান কৰি অসুস্থ হৈ চিকিৎসাধীন হয়। কিন্তু ইয়াৰে এগৰাকী ছাত্ৰীয়ে মৃত্যুক সাৱতি লয়।
বিদ্যালয় কতৃপক্ষই জানিব দিয়া অনুসৰি ছাত্ৰী তিনিগৰাকীক কোনো মানসিক চাপ দিয়া নাছিল তেওঁলোকে । হঠাৎ ছাত্ৰী ৩ গৰাকীয়ে এনেকুৱা কাম কৰাত আচৰিত হৈ পৰে।
এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: অবৈধ সম্পৰ্কই কাল! ককায়েক-বৌয়েকে মিলি গুপ্তাংগ ছেদ কৰিলে যুৱকৰ