বাংলাদেশৰ পৰা আহি বিয়া পাতি স্বামীক নিলে নিজ দেশলৈ, এতিয়া প্ৰেৰণ অজয়ৰ ৰক্তাক্ত ফটো...

বাংলাদেশৰ পৰা আহি বিয়া পাতি স্বামীক নিলে নিজ দেশলৈ, এতিয়া প্ৰেৰণ অজয়ৰ ৰক্তাক্ত ফটো...

ডিজিটেল ডেস্কঃ পাকিস্তানী মহিলা সীমা হায়দৰে প্ৰেমিকৰ বাবে আহিছিল ভাৰতলৈ। বৰ্তমান সময়ত এই ঘটনা বিশেষ চৰ্চাত আছে। ইয়াৰ মাজতে আন এক প্ৰেম কাহিনী পোহৰলৈ আহিছে।

এইবাৰো প্ৰেম ফেচবুকৰ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জুলী নামৰ এগৰাকী যুৱতীয়ে নিজৰ প্ৰেমিকৰ বাবে মুৰাদাবাদৰ বাসিন্দা অজয়ৰ ওচৰলৈ আহিছিল। যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকৰ সৈতে বিয়া পাতে আৰু পাছত বাংলাদেশলৈ গুচি যায়।

তাৰপাছতে অজয় নামৰ যুৱকজনক জুলীয়ে বাংলাদেশলৈ মাতি পঠিয়ায়। ইয়াৰ প্ৰায় ৩-৪ দিন পাছতে জুলীয়ে অজয়ৰ ৰক্তাক্ত ফটো পৰিয়ালৰলোকলৈ প্ৰেৰণ কৰে। ইয়াৰ পাছতে অজয়ৰ মাতৃ কাষ চাপিছে আৰক্ষীৰ।

আৰক্ষীক মাতৃয়ে আহ্বান জনাইছে পুত্ৰক বিচাৰি আনিবলৈ। মাতৃৰ ভাষ্য অনুসৰি প্ৰায় ৩ মাহ পূৰ্বে নিজ কন্যাৰ সৈতে ভাৰতলৈ আহিছিল জুলী। পৰৱৰ্তী সময়ত তেওঁ সলনি কৰিছিল ধৰ্ম। কিন্তু ভিছাৰ তাৰিখ শেষ হোৱাৰ বাবে পুনৰ বাংলাদেশলৈ গৈছিল।

তাৰ কিছুদিন পাছতে গৈছিল অজয়। তাৰপাছত মাতৃয়ে লাভ কৰিছিল অজয়ৰ ৰক্তাক্ত শৰীৰ। তাৰপূৰ্ব অজয়ে মাতৃক ফোন কৰি বিচাৰিছিল টকা। তেতিয়াৰ পৰা প্ৰায় ২ মাহ ধৰি এতিয়া খবৰ নাই অজয়ৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

বাংলাদেশৰ পৰা আহি বিয়া পাতি স্বামীক নিলে নিজ দেশলৈ, এতিয়া প্ৰেৰণ অজয়ৰ ৰক্তাক্ত ফটো...
নলবাৰী জিলাৰ টিহুত আধুনিক কৃষি যন্ত্ৰৰ সহায়ত কঠিয়া ৰোপণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in