নলবাৰী জিলাৰ টিহুত আধুনিক কৃষি যন্ত্ৰৰ সহায়ত কঠিয়া ৰোপণ

 নলবাৰী জিলাৰ টিহুত আধুনিক কৃষি যন্ত্ৰৰ সহায়ত কঠিয়া ৰোপণ

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যৰ কৃষি খণ্ডৰ উন্নয়ন বাবে ৰাজ্য চৰকাৰে কৃষকৰ সুবিধাৰ্থে বহু কল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে। বিশেষকৈ বৈজ্ঞানিক কৃষি পদ্ধতিৰ আৰু কাৰিকৰী দিশত গুৰুত্ব আৰোপ কৰি আহিছে । কৃষক সকলে যাতে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কম সময়ত, কম খৰচত অধিক লাভাম্বিত হ'ব পাৰে। সেই উদ্দেশ্যে নলবাৰী কৃষি বিভাগৰ উদ্যোগত এপাৰ্ট আঁচনিৰ অধীনত টিহু কৃষি চক্ৰৰৰ অন্তৰ্গত ২নং নাথ কুচি গাঁৱত কৃষি বিকাশ কৃষক উৎপাদক কোম্পানীৰ তত্ত্বাৱধানত মেট নাৰ্চাৰী পদ্ধতিৰ অৰ্থাৎ দলিচা কঠিয়া তলিৰ ব্যৱস্থা কৰা হৈছিল।

সেয়েহে উন্নতপ্ৰযুক্তিৰ ‘Rice Transplanter’ যন্ত্ৰ সহায়ত কৃষি বিকাশ কৃষক উৎপাদক গোষ্ঠীৰ পথাৰত কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা কৃষি বিষয়া শ্ৰী প্ৰবীন চন্দ্ৰ মেধিয়ে । তেখেতে কৃষকৰ সৈতে মত বিনিময় কৰে আৰু কৃষকৰ আয় বৃদ্ধি খৰচ কমৰ বিষয়ে উল্লেখ কৰি কয় যে কৃষক সকলে কৃষি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সময় উপযোগী আধুনিক প্ৰযুক্তিক আকোঁৱালি লোৱাতো অতন্ত্য প্ৰয়োজন। এই উন্নত প্ৰযুক্তিৰ যন্ত্ৰৰ জৰিয়তে কৃষকে এদিনত প্ৰায় ৮ বিঘা মাটিত কঠীয়া ৰোপণ কৰিব পাৰিব লগতে সম দূৰত্বত কঠীয়া খিনি ৰোপণ হোৱাৰ ফলত পৰৱৰ্তী সময়ত উৎপাদনৰ হৰো বৃদ্ধি পাব।

উক্ত অনুষ্ঠানত অনুষ্ঠানত টিহু কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মৃনালেন্দ্ৰ দেৱ চৌধুৰী, দি পি দি (আত্মা )ড° জয়া গগৈ,বি টি এম (আত্মা ) ড° পবিত্ৰ দাস, দি ই চি (এপাৰ্ট)ড° অপৰ্ণা দাস, জিলা কৃষি বিপনন সমন্বয়ক (এপাৰ্ট) সত্যেন তালুকদাৰ, মিডিয়া বিশেষজ্ঞ ৰুনজুন দাস, দি এচ এচ চি (এপাৰ্ট) পপি বৰ্মণ , আৰ টি(এপাৰ্ট) অতিকুৰ ৰহমান, এ টি এম (আত্মা) হিৰকজ্যোতি বৰ্মণ, কৃষি বিকাশ কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

 নলবাৰী জিলাৰ টিহুত আধুনিক কৃষি যন্ত্ৰৰ সহায়ত কঠিয়া ৰোপণ
কাজিৰঙাত বানঃ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে গঁড়,ম’হ,জাক জাক হৰিণাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in