ঝালাবাড় দুৰ্ঘটনাঃ বিয়া খাবলৈ গৈ ঘৰলৈ উভতিল ৯ টা নিথৰ দেহ...

মধ্যপ্ৰদেশৰ খীলচুপুৰৰ পৰা আহি থকা এখন ভেনক প্ৰচণ্ড জোৰে খুন্দা মাৰে নিয়ন্ত্ৰণহীন ট্ৰাকে
অগ্ৰণী খবৰ
অগ্ৰণী খবৰ

ডিজিটেল ডেস্কঃ মৃত্যু যেন এতিয়া তেনেই সুলভ আৰু ভয়ানক। ৰাজস্থানৰ অন্তৰ্গত ঝালাবাড়ত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ খীলচুপুৰৰ পৰা আহি থকা এখন ভেনক প্ৰচণ্ড জোৰে খুন্দা মাৰে নিয়ন্ত্ৰণহীন ট্ৰাকে। ফলত ৩ জন লোক ঘটনাস্থলীতে নিহত হোৱা লগতে অন্য় ৬ জন লোকৰ চিকিৎসালয়ত মৃত্যু হয়।

ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা ট্ৰাক চালকজনে পলায়ন কৰে যদিও পৰৱৰ্তি সময়ত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। আকলেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ বিষ্ণোইয়ে জনোৱা মতে, শনিবাৰে আত্মীয়ৰ বিবাহ অনুষ্ঠানৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল আকলেৰাৰ সমীপৰ ডাংগাৰ গাঁৱৰ বাগৰি সম্প্ৰদায়ৰ লোকসকল। বিয়াৰ পৰা উভতি আহোতে তেওঁলোকৰ ভানত তীব্ৰবেগী ট্ৰাক এখনে খুন্দা মাৰে।

উক্ত পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি আকলেৰা স্বাস্থ্য কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিছে। মৃত লোক কেইজন বাগৰি সমাজৰ বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ কৰাটো প্ৰয়োজনীয় যে, জিলাখনত সংঘটিত হোৱা এইটো দ্বিতীয়টো বৃহৎ দুৰ্ঘটনা। ইয়াৰ পূৰ্বেও গংগাধৰ থানাৰ অন্তৰ্গত ডাম্পাৰৰ চেপাত ৫ জন লোকৰ মৃত্যু হৈছিল।

অগ্ৰণী খবৰ
প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে ইডেনত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in