/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/199a4026-6771-4e32-a6e1-60761ae355f4/rcb_vs_rr_ipl_2023_match_why_virat_kohlis_team_wears_green_jersey_every_year.jpg)
ডিজিটেল ডেস্ক : পৰাজয়ে লগ এৰা নাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক। চলিত আই পি এলত আধাডজন মেচত পৰাস্ত হৈছে দলটো। বিপৰীতে এখনতহে জয়ৰ মুখ দেখিছে।
দলৰ শক্তি যদিও মহাশক্তি তথাপি বেটে-বলে উজুটি খাইছে ফাফ ডু প্লেছিছ নেতৃত্বাধীন আৰ চি বি। বিৰাট কোহলি, দীনেশ কাৰ্তিক, ছিৰাজ, ডুপ্লেছি আদি তাৰকাৰে গঠিত দলটোৱে পৰাজয়ৰ কথা পাহৰি আজি ইডেন গাৰ্ডেনত প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে নামিব।
পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা কলকাতা নাইট ৰাইডাৰ্ছৰে মহাৰণত নামিব অন্তিম স্থানত থকা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। সম্প্ৰতি দুৰ্দান্ত ফৰ্মত আছে বিৰাট কোহলি, দীনেশ কাৰ্তিক, অধিনায়ক ডু' প্লেছি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9726a6f4-456b-41bc-8c0b-2ace0b066dee/KKR_Auction.png)
অৱশ্যে অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ শেহতীয়া প্ৰদৰ্শনে চিন্তিত কৰি তুলিছে। তথাপি মেক্সৱেলক সহজভাৱে নলয় প্ৰতিপক্ষৰ বলাৰে। কিয়নো যিকোনো মুহূৰ্ততে আগ্ৰাসী হৈ উঠিব পাৰে অষ্ট্ৰেলিয়ান তাৰকাগৰাকী।
বিৰাট কোহলিকলৈও কলকাতাৰ বলাৰে সুকীয়া ৰণনীতি তৈয়াৰ কৰিছে। বিৰাট-ডুপ্লেছিৰ যুটি ভাগিব পৰাটোৱেই প্ৰতিপক্ষৰ মূল লক্ষ্য। আজিৰ মেচখনত আৰ চি বিয়ে পূৰ্বৰ ৰঙা-ক'লা জাৰ্চী এৰি সেউজীয়া জাৰ্চী পৰিধান কৰি খেলপথাৰ নামিব। হয়তো সেউজীয়া জাৰ্চীয়েহে উদ্ধাৰ কৰিব পাৰিব বুলি এক বিশ্বাস।
Also Read: প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে : দিলীপ শইকীয়া