/asomiyapratidin/media/media_files/2025/12/18/white-2025-12-18-13-43-22.jpg)
ডিজিটেল ডেস্ক: চন্দন, আমাৰ সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰাৰ এক অমূল্য অংশ। বগা চন্দন অতি প্ৰসিদ্ধ আৰু মূল্যৱান উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Santalum Album। অতি সুগন্ধিযুক্ত বগা চন্দন হিন্দু ধৰ্মৰ আধ্যাত্মিক কাম-কাজতে ব্যৱহাৰ হয় বুলি আমি ধাৰণা কৰো। কিন্তু প্ৰকৃততে, সুগন্ধি, সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী, ঔষধ, ধূপ আদি বিভিন্ন সামগ্ৰী তৈয়াৰত বগা চন্দন বহুলভাৱে ব্যৱহাৰ কৰা হয়।
বগা চন্দন প্ৰাচীন কালৰ পৰাই বিশ্বৰ এক অতি মূল্যবান আৰু দুষ্প্ৰাপ্য বনজ সম্পদ হিচাপে পৰিচিত। সুগন্ধি গুণ, ঔষধীয় উপকাৰিতা আৰু ধৰ্মীয় গুৰুত্বৰ বাবে বগা চন্দনৰ ব্যৱহাৰ কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে বিস্তৃত। সাম্প্ৰতিক সময়ত আন্তজাৰ্তিক বজাৰত বগা চন্দনৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, যি বিষয়টো বিশ্ব অৰ্থনীতি আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
আন্তজাৰ্তিক সুগন্ধি উদ্যোগত বগা চন্দনৰ তেলৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি হৈছে। ইউৰোপ, আমেৰিকা আৰু মধ্য প্ৰাচ্যৰ বহুজাতিক কোম্পানীসমূহে কৃত্ৰিম সুগন্ধিৰ সলনি প্ৰাকৃতিক আৰু পৰিবেশ-বন্ধু উপাদান ব্যৱহাৰৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাইছে। বগা চন্দনৰ সুগন্ধি স্থায়ী আৰু শান্তিদায়ক হোৱাৰ বাবে উচ্চমানৰ পাৰফিউম আৰু সৌন্দৰ্য সামগ্ৰীত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/sandalwood-2025-12-18-13-36-55.jpg)
তদুপৰি, আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা পদ্ধতিত বগা চন্দনৰ গুৰুত্ব বিশেষভাৱে স্বীকৃত। ছালৰ ৰোগ, মানসিক চাপ হ্ৰাস, দেহ শীতল ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বগা চন্দনৰ ব্যৱহাৰ আন্তজাৰ্তিক পৰ্যায়ত বৃদ্ধি পাইছে। ক’ভিড-১৯ মহামাৰীৰ পিছত বিশ্বজুৰি স্বাস্থ্য সচেতনতা বৃদ্ধি পোৱাৰ ফলত প্ৰাকৃতিক ঔষধ আৰু তেলৰ চাহিদা বহুগুণে বাঢ়িছে।
ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰতো বগা চন্দনৰ প্ৰাসংগিকতা আজিও অটুট আছে। ভাৰতসহ এছিয়া মহাদেশৰ বিভিন্ন দেশত পূজা-পাৰ্বণ, ধ্যান আৰু আধ্যাত্মিক অনুশীলনত বগা চন্দনৰ ব্যৱহাৰ ব্যাপক। পশ্চিমীয়া দেশসমূহত যোগ আৰু ধ্যানৰ প্ৰচাৰৰ ফলত বগা চন্দনৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/white-sandalwood-2025-12-18-13-36-01.jpg)
সৌন্দৰ্যচৰ্চাতো বগা চন্দনৰ গুৰুত্ব অসীম। আজিকালি বিউটি পাৰ্লাৰবোৰত ৰাসায়নিক সামগ্ৰীযুক্ত প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে প্ৰাকৃতিৰ উৎসৰ পৰা তৈয়াৰী সামগ্ৰীবোৰ ব্যৱহাৰ কৰা হয়। যিয়ে ছাল-চুলিক গুৰিৰ পৰা শক্তিশালী কৰে।
ইফালে, চাহিদা বৃদ্ধিৰ বিপৰীতে বগা চন্দনৰ উৎপাদন সীমিত হোৱাৰ বাবে ইয়াৰ মূল্য অত্যধিক বৃদ্ধি পাইছে। অবৈধ কাটনি, ধীৰগতিত বৃদ্ধি হোৱা গছ আৰু বন ধ্বংসৰ ফলত যোগান সংকট দেখা দিছে। সেয়েহে বগা চন্দনৰ সংৰক্ষণ, বৈজ্ঞানিক খেতি আৰু কঠোৰ আইন প্ৰয়োগ কৰা একান্ত প্ৰয়োজন হৈ পৰিছে।
বগা চন্দন মূলতঃ দক্ষিণ ভাৰতৰ কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ বনাঞ্চলত পোৱা যায়। সম্প্ৰতি ভাৰতত ১ কেজি বগা চন্দনৰ মূল্য ১০ৰ পৰা ১৮ হাজাৰ টকা। সেই হিচাপত ১০ বছৰীয়া এজোপা গছৰ দাম হবগৈ প্ৰায় ১ লাখ টকা। চন্দন কাঠৰ লাভজনক ব্যৱসায়ৰ দিশলৈ চাই উত্তৰ-পূৱ, বিশেষকৈ অসমৰ কোনো কোনো অঞ্চলত কৃষকসকলে চন্দন গছৰ বাগিছা কৰিছে। সুগন্ধি তৈয়াৰৰ বাবে পূৰ্বে কৰা আগৰৰ খেতি এৰি এতিয়া সেই ঠাইত খেতিয়কে চন্দন গছৰ বাগিচা কৰিছে।
ক্ৰমান্বয়ে অসমতো বৃদ্ধি হৈছে বগা চন্দনৰ বাগিছা
ডবকা অঞ্চলসহ হোজাই জিলাৰ বহু কৃষকে এতিয়া সাঁচি গছ এৰি বগা চন্দনৰ খেতিৰ দিশে অগ্ৰসৰ হৈছে। বজাৰত বগা চন্দনৰ মূল্য বৃদ্ধি আৰু চাহিদা অধিক হোৱাৰ ফলতেই এই পৰিবৰ্তন দেখা গৈছে। মদাৰতলিৰ বাসিন্দা প্ৰকৃতিপ্ৰেমী জয়ভদ্ৰ মেচে এই সন্দৰ্ভত কয়, তেওঁৰ ঘৰত আগতে বহু সাঁচি গছ আছিল। উপযুক্ত মূল্য নোপোৱাৰ বাবে তেওঁ কম মূল্যতে সাঁচি গছ বিক্ৰী কৰিবলগীয়া হয়। তাৰ পিছতেই তেওঁ বগা চন্দনৰ খেতি আৰম্ভ কৰে। সাঁচি গছতকৈ বগা চন্দনৰ চাহিদা এতিয়া বহুগুণে বৃদ্ধি পাইছে আৰু ই ভৱিষ্যতে অধিক লাভ দিব বুলি তেওঁ আশাবাদী। বৰ্তমান বিভিন্ন নাৰ্চাৰিত বগা চন্দনৰ পুলি সহজলভ্য হৈছে , যাৰ ফলত কৃষকৰ বাবে এই খেতি আৰম্ভ কৰা সহজ হৈ পৰিছে। বিশেষজ্ঞৰ মতে, সঠিক যত্ন আৰু সময়মতে পৰিচালনা কৰিলে বগা চন্দন এটা লাভজনক আৰু দীৰ্ঘম্যাদী খেতি হিচাপে পৰিগণিত হ’ব পাৰে। এনে এক প্ৰেক্ষাপটত বগা চন্দনৰ খেতি কৰি আপুনিও অগাধ ধনৰ গৰাকী হ’ব পাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/hojai-2025-12-18-13-38-02.jpg)
চন্দন গছ ৰোপৰণৰ বাবে কেনে পৰিৱেশ বাচনি কৰিব
সমগ্ৰ বিশ্বতে চন্দন গছৰ ১৬টা প্ৰজাতি থকা বুলি জানিব পৰা গৈছে। ইয়াৰে চেণ্টলাম এলবাম নামৰ প্ৰজাতিটোৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি। ইয়াৰ মূল্যও আনবোৰ প্ৰজাতিৰ তুলনাত সৰ্বাধিক। চন্দন গছ ৰোপণ কৰিবলৈ এইটো কথা মন ৰাখিব লাগে যে, যি ঠাইত চন্দনৰ খেতি কৰিব সেই ঠাইখিনি যথেষ্ট পৰিস্কাৰ হ'ব লাগিব।
পানীৰে তিতি থকা অথবা শেলুৱৈ পৰা ঠাই চন্দন খেতিৰ বাবে অনুপযোগী। চন্দন খেতি কৰা ঠাইত একেবাৰেই পানী জমা হ'ব নালাগিব।তদুপৰি বালিময় মাটি, ৰঙা মাটি, মসৃণ মাটি চন্দন খেতিৰ বাবে বৰ উপযোগী। ভাৰতৰ কেতবোৰ ৰাজ্যৰ লগতে অসম তথা পশ্চিমবংগত চন্দন খেতিৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
চন্দন গছ অৰ্ধপৰজীৱী উদ্ভিদ। ই নিজৰ খাদ্যৰ আধা অংশ নিজেই প্ৰস্তুত কৰে। বাকী অংশৰ বাবে ইয়াৰ আশে-পাশে এনে তৰু-তৃণ থাকিব লাগে, যাতে সি নিজৰ আধা অংশ আহাৰ তাৰ পৰাই আহৰণ কৰিব পাৰে।
চন্দন গছৰ বৃদ্ধি আৰু বিকাশৰ বাবে ইয়াৰ ব্যৱধান হৈছে ৪ ফুট নাইবা ৫ফুট দূৰত্ব। ইমানখিনি দুৰত্বত চন্দন গছ ৰোপণ কৰিলে সোনকালে বৃদ্ধি আৰু বিকাশ হয়। চন্দনৰ পুলিৰ উপৰি শিপা ৰোপণ কৰিলেও দ্ৰুতগতিত বিকশিত হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নাৰ্চাৰীসমূহত চন্দন গছৰ পুলিৰ মূল্য প্ৰতিজোপাত ১০০ ৰ পৰা ১২০ টকা।
চন্দন গছৰ পুলি ৰোপণ কৰাৰ প্ৰায় ৪বছৰ পাছত ইয়াৰ যতন সঘনাই ল'ব লাগে। সময় মতে চন্দন গছৰ তল চাফ -চিকুণ কৰাৰ উপৰি ইয়াক সংৰক্ষণৰ ব্যৱস্থাও কৰিব লাগে।
এই সময়খিনি কৃষকৰ বাবে প্ৰত্যাহ্বানমূলক। যদিহে এই সময়খিনিত চন্দন গছে উপযুক্ত সুবিধা নাপায় তেন্তে নানা সমস্যাই দেখা দিব পাৰে। গতিকে এই সময়খিনিত পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰিলে পিছলৈ ভাল ফলাফলৰ আশা কৰিব পাৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us