মৃগী দুৰাৰোগ্য নহয়…

মৃগী দুৰাৰোগ্য নহয়…

author-image
asomiyapratidin
New Update
মৃগী দুৰাৰোগ্য নহয়…

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আন্তৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস উপলক্ষে এই ৰোগৰ লক্ষণ আৰু সচেতনাৰ সন্দৰ্ভত আজিৰ 'মোৰ মত'ত বিশিষ্ট চিকিৎসক তথা জি এন আৰ চিৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাৰ এক লেখা।

Advertisment

মহাত্মা গান্ধীয়ে কৈছিল- স্বাস্থ্য হ'ল আমাৰ পৰম সম্পদ। স্বাস্থ্য ঠিকে নাথাকিলে জীৱনত একো কামেই সম্ভৱ নহয়। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আৰু খেলা-ধূলা কৰিবৰ বাবে, খেতিপথাৰ আৰু ব্যৱসায় বাণিজ্যৰ বাবে, ঘৰ-সংসাৰ চলোৱাৰ বাবেও আমাক সকলোকে এটা নিৰোগী স্বাস্থ্যৱান শৰীৰৰ প্ৰয়োজন। সেয়েহে আমি সকলো স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত।

বিভিন্ন বৈজ্ঞানিক সমীক্ষাই এই কথাটো সন্দেহাতীতভাৱে প্ৰমাণ কৰিছে যে, শতকৰা প্ৰায় ৯৫ভাগ মানুহৰ শৰীৰত কিবা নহয় কিবা এটা ৰোগ থাকেই। এক-তৃতীয়াংশ জনসাধাৰণৰ শৰীৰত একেলগে পাঁচটামান ৰোগ সোমাই থাকে। এই বিলাকৰ চিকিতসাৰ ব্যৱস্থা কৰিলেহে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম।

ৰোগ-ব্যাধিৰ চিকিতসা আৰম্ভণিতে কৰিব পাৰিলে ৰোগী আৰু পৰিয়ালৰ কষ্ট কমকৈ হয়। আৰোগ্যও সোনকালে আৰু সম্পূৰ্ণৰূপে লাভ কৰে আৰু চিকিতসাৰ খৰচ-পাতিও কমকৈ হয়। কিন্তু তাৰ বাবে ৰোগ আৰম্ভ হওতেই অনুমান কৰিব পৰা হবলৈ আমি ৰোগৰ বিষয়ে কিছু কথা জানিব লাগিব। ৮ ফেব্ৰুৱাৰী তাৰিখটো আন্তৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস হিচাপে মই আপোনালোকক মৃগী ৰোগৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছো।

মৃগী ৰোগ মগজুৰ পৰা উতপত্তি হোৱা এটা ৰোগ। এই ৰোগত মগজুৰ কোষ বিলাকৰ পৰা অত্যাধিক আৰু অনিয়ন্ত্ৰিত পৰিমাণৰ বৈদ্যুতিক প্ৰৱাহৰ সৃষ্টি হয়। এই ৰোগ সাধাৰণতে লৰা, ছোৱালী আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। ডেকা বয়সত এই ৰোগ সাধাৰণতে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ কাৰনে বেছিকৈ হোৱা দেখা যায়।

গাড়ী মটৰৰ দুৰ্ঘটনাৰ কাৰনেও মগজুত আঘাত পালে এই ৰোগ হব পাৰে। এই ৰোগ সাধাৰণতে আদবয়সীয়া লোকসকলৰ ক্ষেত্ৰত মগজুত হোৱাৰ টিউমাৰৰ কাৰনে হয়। বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত মৃগী বা এপিলেচপী ৰোগ মগজুৰ ৰক্তপ্ৰৱাহিত ক্ষুদ্ৰ ক্ষুদ্ৰ নলিকাবিলাক বন্ধ হোৱাৰ কাৰনে হয়। ওপৰত উল্লেখ কৰা বিভিন্ন কাৰন বিলাক থকা সত্ত্বেও বেছিভাগ মৃগী ৰোগৰ ক্ষেত্ৰতে বিশেষ কোনো কাৰন দেখা নাযায়।

মৃগী ৰোগৰ লক্ষণঃ

  • ৰোগী এজন হঠাৎ অজ্ঞান হব পাৰে।
  • হাত ভৰি জোকাৰিব পাৰে।
  • মুখেৰে ফেন বাহিৰ হব পাৰে।
  • চকু দুটা কোনোবা এটা ফাললৈ ঘূৰি যাব পাৰে।
  • কিছুমানৰ ক্ষেত্ৰত পেছাৱ-পাইখানাও হব পাৰে
  • ৰোগীজন এক-ডেৰ মিনিট পৰ্যন্ত অচেতন অৱস্থাত থাকিব পাৰে।

ইয়াৰ বাহিৰেও ৰোগী কেতিয়াবা হঠাৎ অচেতন হৈ শৰীৰটো একেবাৰে লেওহেও হৈ পৰিব পাৰে। কিছুমানৰ ক্ষেত্ৰত আকৌ অচেতন হৈ পৰি হাত-ভৰি কোচ খাই আহে। আন কিছুমানৰ ক্ষেত্ৰত আক্ৰান্ত ৰোগীজন আচাৰ খাই পৰিব পাৰে। লৰা-ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় যে, ৰোগটো মাত্ৰ কেইচেকেণ্ড মানৰ কাৰনেহে থাকে। এই ক্ষণিক সময়খিনিত ৰোগীজনে কব নোৱাৰা হয় যদিও কেইচেকেণ্ড মানৰ পিছত আকৌ সম্বিত ঘূৰাই পায়। এনেধৰণৰ মূৰ্হুতবোৰ বাৰে বাৰে হৈ থাকিব পাৰে। ইয়াৰ ফলত আক্ৰান্ত শিশুটোৱে পঢ়া-শুনা বা খেলা-ধূলাত হঠাত বহু পিছ পৰি যায়। অজ্ঞতাৰ বাবে এনে ধৰণৰ ৰোগ বহুদিন হৈ থাকে।

কিছুমান মৃগী ৰোগ আকৌ আৰম্ভণিতে ৰোগীজনে গম পায়। তেওঁ কেতিয়াবা পেটতো ওপৰলৈ উজাই অহা যেন পায়, বমি ভাৱ হয়, পেটৰ বিষো হব পাৰে। বুকু ধপধপ কৰিব পাৰে, ভয় ভয় ভাৱ আহে। এনেধৰণৰ কিছুমান ৰোগী আকৌ কিছুসময়ৰ বাবে অচেতন হৈ পৰে। কিছুমান ৰোগীৰ আকৌ ব্যৱহাৰ-আচৰণ হঠাতে সলনি হব পাৰে। কিছুমানৰ ক্ষেত্ৰত আকৌ মন পৰিৱৰ্তন হৈ হাঁহিবও পাৰেস কান্দিবও পাৰে বা খং-ৰাগো কৰিব পাৰে।

কিছুমান মৃগী ৰোগৰ লক্ষণত ৰোগীজন আৰম্ভণিতে চেতনাবিহীন হৈ নাযাবও পাৰে। ৰোগৰ লক্ষণটো কেতিয়াবা ভৰি বা হাত বুঢ়া আঙুলিত আৰম্ভ হয়। কেতিয়াবা ই মুখৰ এটা অংশত বা ওঠতো আৰম্ভ হব পাৰে। কেতিয়াবা কেতিয়াবা আকৌ বুকুত, পেটত, পিঠিত বা শৰীৰৰ আন যিকোনো অংশতে আৰম্ভ হ'ব পাৰে। লক্ষণ হিচাপে শৰীৰৰ এই অংশবোৰ জোকাৰিবলৈ আৰম্ভ কৰে বা কোচ খাই যায়। কেতিয়াবা আকৌ অংশটোত জিনজিনাই ,পোৰণি উঠে বা সাৰ-সুৰ নোহোৱা হৈ যায়। শৰীৰৰ যিকোনো এঠাইত আৰম্ভ হৈ তাতেই শেষ হব পাৰে আৰু কেতিয়াবা শৰীৰৰ আন অংশলৈও বিস্তাৰ লাভ কৰিব পাৰে। এনেকৈ ৰোগীজন অজ্ঞান হৈ পৰিব পাৰে।ওপৰত উল্লেখ কৰা সকলোবিলাক মৃগী ৰোগৰ লক্ষণ হিচাপে দেখা দিব পাৰে।

মৃগী ৰোগৰ চিকিৎসাঃ সাধাৰণতে স্নায়ু চিকিৎসকসকলে মৃগী ৰোগৰ চিকিৎসা কৰে। ৰোগীজনক চিকিৎসা আৰম্ভ কৰাৰ আগতে তেওঁৰ ৰোগৰ সমস্ত বিৱৰণ জানি লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয়। যদিহে মৃগী ৰোগৰ সময়ত ৰোগীজন অচেতন হৈ যায় তেতিয়াহলে চিকিৎসকে ৰোগ প্ৰত্যক্ষ কৰা লোক এজনৰ পৰা সেই সময়ৰ গোটেইখিনি ঘটনা জানি লয়।

মৃগী ৰোগত ভোগা ৰোগীসকলৰ পৰীক্ষা হিচাপে ই ই জি কৰা হয়। এই ই ই জি আকৌ কেইবাপ্ৰকাৰৰ আছে। ৰোগটো নিশ্চিতভাৱে জানিবৰ বাবে সাধাৰণতে ই ই জি ৰেকৰ্ডিং কৰা হয়। ইয়াৰোপৰি এম আৰ আই পৰীক্ষাৰ প্ৰয়োজন হয়। এম আৰ আই পৰীক্ষা কৰোতে বিশেষ প্ৰটকল মানি চলি পৰীক্ষা কৰা হয়।

প্ৰায় সকলো বিলাক মৃগী ৰোগীৰ চিকিৎসা প্ৰথমে দৰৱেৰে সম্পন্ন কৰা হয়। আৰু ৭০ভাগ ৰোগীক দৰৱেৰেই নিয়ন্ত্ৰণ কৰা হয়। কেৱ মাত্ৰ দৰবটো নিয়মীয়াকৈ নীৰৱিিচ্ছন্নভাৱে তিনি বছৰৰৰ পৰা প্ৰায় পাঁচ বছৰ পৰ্যন্ত ব্যৱহাৰ কৰিব লাগে। নিয়ন্ত্ৰণত নহা শতকৰা ৩০ভাগ ৰোগীৰ প্ৰায় আধাখিনি শল্য চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণত আনিব পাৰি। কেৱল মাত্ৰ ১৫শতাংশ ৰোগীয়য়েহে দৰৱটো আজীৱন খাই থাকিব লাগে আৰু ৰোগটো মাজে মাজে হৈ থাকে। মৃগী ৰোগৰ চিকিৎসাৰ কাৰনে নিতৌ নিতৌ নতুন দৰবৰ আৱিষ্কাৰ হব ধৰিছে।

অনাগত ভৱিষ্যতত এই ৰোগ সম্পূৰ্ণ নিয়ন্ত্ৰণত আনিব পৰাকৈ দৰবৰ আৱিষ্কাৰ হব বুলি আশা কৰিব পাৰি। আমাৰ অসমত এক শতাংশ লোকৰ মাজত মৃগী ৰোগ থকা দেখা যায়। কিন্তু এই ৰোগৰ বিষয়ে সচেতনাৰ অভাৱৰ বাবে বহুতো ৰোগী চিকিৎসাৰ বাবে ওলাই আহিব পৰা নাই। মৃগী ৰোগত ভোগা লৰা-ছোৱালী বহুতেই খেলা-ধূলা, পঢ়া-শুনাত অন্য লৰা-ছোৱালীৰ দৰেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।

পৃথিৱী বিখ্যাত দাৰ্শনিক আৰু বৈজ্ঞানিক চক্ৰেটিছ, প্লুুটো, চাৰ আইজাক নিউটন, আলফ্ৰেড নবেল আজিৰ দৰে বহুতো বিখ্যাত ব্যক্তি মৃগীৰোগত আক্ৰান্ত হৈছিল। ৰাজনৈতিক নেতাৰ ভিতৰত লেনিন, আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰজভল্ট, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ জন্টি ৰোডছ আদিয়ে মৃগী ৰোগত ভোগা স্বত্ত্বেও তেওঁলোকে এই পৃথিৱলৈ অনৱদ্য আগবঢ়াই থৈ যাবলৈ সক্ষম হৈছে। মৃগীৰোগত ভোগা বহু কৰ্মচাৰীয়ে আন কৰ্মচাৰীতকৈ অধিক আন্তৰিকতাৰে কাম কৰাও দেখা যায়।

মৃগী ৰোগ সোচৰা ৰোগ নহয়। এই ৰোগ এজনৰ পৰা আনজনলৈ নোসোচৰে। মৃগী ৰোগত ভোগা স্বত্ত্বেও লৰা-ছোৱালীয়ে পঢ়া-শুনা কৰিব পাৰে, খেলা-ধূলা কৰিব পাৰে, চাকৰি-বাকৰি কৰিব পাৰে, আৰু বিয়া বাৰু কৰাই ঘৰ-সংসাৰো কৰিব পাৰে।