/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d573a4ec-c230-4266-a167-b1b2bf035c93/AP_FOR_WEB_2.jpg)
কোন দিশে ফ্ৰীজ থ'লে ঘৰখনৰ বাবে শুভ জানেনে ?
ডিজিটেল ডেস্ক: আমাৰ দৈনন্দিন জীৱনটো সহজ কৰি তোলাত যথেষ্ট অৰিহনা যোগাইছে ঘৰত থকা ফ্ৰীজটোয়ে। বাকী থকা খাদ্য পিছত ব্যৱহাৰ কৰিব পৰা আৰু ফল-পাচলি সতেজ ৰখাত ক্ষেত্ৰত তথা গ্ৰীষ্মকালত ফ্ৰীজটোৰ ভূমিকাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। ইফালে, অধিকাংশ লোকে কেৱল ফ্ৰীজৰ ভিতৰতেই নহয়, ওপৰতো সামগ্ৰী ৰাখে।কিন্তু ফ্ৰীজৰ ওপৰত সামগ্ৰী ৰখাটো আপোনাৰ জীৱনৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? আজি এই বিষয়ে ভালদৰে জানো আহক-
কোনো উদ্ভিদ নাৰাখিব
বহুলোকে সজ্জাৰ বাবে ফ্ৰীজৰ ওপৰত মানি প্লাণ্ট, জেদ প্লাণ্ট আদি জাতীয় উদ্ভিদ ৰাখে। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, কোনো উদ্ভিদেই ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে।এনে কৰাৰ দ্বাৰা ঘৰখনলৈ অশুভ শক্তিৰ আগমণ ঘটে। যিয়ে আপোনাৰ জীৱনটো বিপদাপন্ন কৰি তুলিব পাৰে।
ঔষধ
ফ্ৰীজৰ ওপৰত ঔষধ ৰাখিলে ইয়াৰ প্ৰভাৱ নাইকিয়া হৈ যায়। বিজ্ঞানেও এয়া বিশ্বাস কৰে। ফ্ৰীজৰ পৰা ওলোৱা তাপে ঔষধৰ ওপৰত প্ৰভাৱ পেলায়।
ফ্ৰীজটো কোন দিশত ৰাখিব লাগে ?
ফ্ৰীজটো সদায় বেৰৰ পৰা কমেও এক ফুট দূৰত ৰাখিব লাগে।আনহাতে, ঘৰত সুখ আৰু শান্তি বজাই ৰাখিবলৈ ফ্ৰিজটো সদায়ে পশ্চিম দিশত ৰাখিব।তদুপৰি, ফ্ৰীজ ৰাখিবৰ বাবে ঘৰৰ দক্ষিণ-পশ্চিম দিশটোও শুভ বুলি গণ্য কৰা হয়।
Also Read: সুখ-সমৃদ্ধিৰ বাবে আপুনিও ঘৰত লাফিং বুদ্ধ ৰাখে নেকি ?