ছ’চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া, বিমান কৰ্তৃপক্ষই বিচাৰিলে ক্ষমা

শৰীৰৰ পৰা ঘাম ওলোৱাৰ বাবেই উৰণৰ বাবে সাজু হোৱা বিমানৰ পৰা নমাই দিয়া হ’ল এগৰাকী ৫৬ বছৰীয়া মহিলাক। এই মহিলাগৰাকীৰ নাম হেলেন টেইলৰ। ঘটনাটো সংঘটিত হৈছে নিউকেচেল বিমান বন্দৰত।

Asomiya Pratidin & Nexop
New Update
ছ’চিয়েল মেডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া, বিমান কৰ্তৃপক্ষই বিচাৰিলে ক্ষমা

ডিজিটেল ডেস্ক: শৰীৰৰ পৰা ঘাম ওলোৱাৰ বাবেই উৰণৰ বাবে সাজু হোৱা বিমানৰ পৰা নমাই দিয়া হ’ল এগৰাকী ৫৬ বছৰীয়া মহিলাক। এই মহিলাগৰাকীৰ নাম হেলেন টেইলৰ। ঘটনাটো সংঘটিত হৈছে নিউকেচেল বিমান বন্দৰত।

Advertisment

হেলেন টেইলৰে তেওঁৰ স্বামীৰ সৈতে বন্ধৰ দিন উদযাপন কৰিবলৈ নিউকেচেলৰ পৰা ৰোমলৈ যাবলৈ জেট ২ বিমানত উঠিছিল। বিমানত উঠাৰ অলপ সময়ৰ পাছতে হেলেন টেইলৰ খুব ঘামিবলৈ ধৰিছিল।ইয়াৰ পাছতে বিমানখনৰ এগৰাকী কেবিন ক্ৰুয়ে মহিলাগৰাকীকক বিমান যাত্ৰাৰ বাবে অযোগ্য বুলি কৈ তেওঁক বিমানৰ পৰা নমাই দিয়ে।

প্ৰকৃততে, মহিলাগৰাকী টাইপ ২ ডায়েবেটিচত আক্ৰান্ত।বিমানত উঠাৰ পূৰ্বে কৰা স্বাস্থ্য পৰীক্ষাত তেওঁ সম্পূৰ্ণ সুস্থয়েই আছিল।কিন্তু দিনটো খাদ্য গ্ৰহণ নকৰাৰ বাবে মহিলাগৰাকীৰ শৰীৰত ৰক্ত শৰ্কৰা কমি গৈছিল, ফলত তেওঁ ঘমিবলৈ আৰম্ভ কৰিছিল।এই সমস্যা ক্ষন্তেকীয়া বুলি কোৱাৰ পাছতো মহিলাগৰাকীক বিমানত যাত্ৰা কৰিবলৈ দিয়া হোৱা নাছিল।

ইফালে, মহিলাগৰাকী ঘামি থকা দেখি কেবিন ক্ৰুয়ে তেওঁৰ প্ৰথমিক চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু পাছত তেওঁলোকে মহিলাগৰাকীক কয়, ‘আমি এটা সিদ্ধান্ত লৈছো যে আপুনি এই বিমানত যাত্ৰা কৰিব নোৱাৰিব। আপোনাৰ পৰা বিমানখন বিপদত পৰাৰ সম্ভাৱনা আছে।’

আনাহাতে, এই অভিযোগ দিবৰ বাবে টেইলৰে বিমান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল। বিমান সংস্থাটোৱে এই বিষয়টো অনুসন্ধান কৰাৰ পিছত এক বিবৃতি প্ৰকাশ কৰে।তেওঁলোকে মহিলাগৰাকীক কৰা এই আচৰণৰ বাবে মুকলিকৈ ক্ষমা খোজে।

এই ঘটনাটো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে স্বাভাৱিক ভাৱেই সকলোয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অধিকাংশ ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে মহিলাগৰাকীক কেবিন ক্ৰুয়ে কৰা ব্যৱহাৰক গৰিহনা দিয়াৰ লগতে বিমান কতৃপক্ষই তেওঁক ক্ষমা খোজাত সন্তুষ্টিও প্ৰকাশ কৰিছে।

Also Read: ভাৰতৰ আটাইতকৈ কঠিন পৰীক্ষাকেইটাৰ বিষয়ে জানেনে?