সচেতন হওঁক, নিজৰ বিপদ নিজে নামাতিব

শ্বৰ্ট ছাৰ্কিট, শুনিলেই ভয় লগা শব্দ দুটা।  বিগত দুটা মাহতে শ্বৰ্ট ছাৰ্কিট হৈ ৰাজ্যত তিনিজনে প্ৰাণ হেৰুৱালে । ইনভাৰ্টাৰৰ শ্বৰ্ট ছাৰ্কিটৰ ফলত কাৰ্বি আংলঙৰ এগৰাকী চিকিৎসক, অভয়াপুৰীৰ এগৰাকী শিক্ষয়িত্ৰী, এচিৰ শ্বৰ্ট ছাৰ্কিটত গুৱাহাটীত এজন লোকৰ মৃত্যু হৈছে। 

author-image
সংগীতা দাস
New Update
ইলেকট্ৰনিক seo (1)

ডিজিটেল ডেস্ক: শ্বৰ্ট ছাৰ্কিট, শুনিলেই ভয় লগা শব্দ দুটা।  বিগত দুটা মাহতে শ্বৰ্ট ছাৰ্কিট হৈ ৰাজ্যত তিনিজনে প্ৰাণ হেৰুৱালে । ইনভাৰ্টাৰৰ শ্বৰ্ট ছাৰ্কিটৰ ফলত কাৰ্বি আংলঙৰ এগৰাকী চিকিৎসক, অভয়াপুৰীৰ এগৰাকী শিক্ষয়িত্ৰী আৰু এচিৰ শ্বৰ্ট ছাৰ্কিটৰ ফলত গুৱাহাটীত এজন লোকৰ শোকাৱহ মৃত্যু হয়। 

Advertisment

আচল কথা ক’বলৈ গ’লে, দৈনন্দিন জীৱনত অপৰিহাৰ্য হৈ পৰা ইস্ত্ৰি, টিভি, এচি, ইনভাৰ্টাৰ, ফ্ৰীজ আদি ইলেকট্ৰনিক সামগ্ৰীবোৰ ব্যৱহাৰত অসাৱধানতা বা এইসমূহৰ বিষয়ে কিছুমান সৰু সৰু কথা নজনাৰ বাবেই সময়ে সময়ে এনে অবাঞ্চিত ঘটনাবোৰ সংঘটিত হৈ আহিছে। সেয়েহে, নিজৰ বা পৰিয়ালটোৰ প্ৰাণ বচাবলৈকে এই ইলেকট্ৰনিক সামগ্ৰীবোৰৰ পৰা কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, সেয়া প্ৰত্যেকেই জনা উচিত। ইলেকট্ৰনিক সামগ্ৰীবোৰ ব্যৱহাৰত সকলোয়ে ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে আজি জানো আহক-

এচিৰ ক্ষেত্ৰত লওঁক এই সাৱধানতা 

যি হাৰত ক্ৰমান্বয়ে গৰম বৃদ্ধি হৈছে, এচি সকলোৰে বাবে প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু এচিৰ ব্যৱহাৰ সঠিক নহ’লে ইয়াৰ পৰা অগ্নিকাণ্ড হ’ব পাৰে। এচিৰ সুৰক্ষাৰ বাবে আপুনি মন কৰিবলগীয়া দিশসমূহ হৈছে-

এচিৰ স্থান

এয়াৰ কণ্ডিচনাৰ বা এচি স্থাপন কৰাৰ সময়ত নিশ্চিত হওঁক যে ইউনিটৰ পৰা তললৈ এচিৰ পানীখিনি বৈ যায়। তদুপৰি, কাৰ্পেটিং, ড্ৰেপ বা অন্যান্য জ্বলনশীল সামগ্ৰীয়ে যাতে কৰ্ডখন ঢাকি নাথাকে, তাৰ প্ৰতিও সাৱধান হ’ব।

এক্স’টেনচন কৰ্ড 

আপোনাৰ এয়াৰ কণ্ডিচনাৰৰ সৈতে এক্সটেনচন কৰ্ড ব্যৱহাৰ নকৰিব। এচিত এক্সটেনচন কৰ্ড ব্যৱহাৰ কৰিলে জুইৰ আশংকা অধিক হ’ব পাৰে।

বৈদ্যুতিক চাৰ্কিটত অতিৰিক্ত বোজা 

অতিৰিক্ত বোজাযুক্ত বৈদ্যুতিক বৰ্তনী এচিৰ শ্বৰ্ট ছাৰ্কিটৰ এটা সাধাৰণ কাৰণ। সেয়েহে, ইলেক্ট্ৰিচিয়ানক ঘৰৰ তাঁৰ দুবাৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিব। 

পৰিষ্কাৰ-পৰিচ্ছন্নতা

নিয়মিতভাৱে বায়ু ফিল্টাৰ পৰিষ্কাৰ বা সলনি কৰিব, যাতে সঠিক বায়ু প্ৰবাহ নিশ্চিত হয়।

শুকান হাত

কেৱল এচি বুলিয়েই নহয়, সকলো ইলেকট্ৰনিক সামগ্ৰীয়েই তিতা হাতৰে স্পৰ্শ নকৰিব। ই বিদ্যুৎস্পৃষ্ট হোৱাৰ অন্যতম মূল কাৰণ

জ্বলনশীল সামগ্ৰী 

জ্বলনশীল তৰল পদাৰ্থ এচিৰ ওচৰে-পাজৰে স্প্ৰে নকৰিব। এইসমূহ এচি ইউনিটৰ ওচৰতো ৰাখিব নালাগে। কাৰণ ইয়াৰ ফলত অগ্নিকাণ্ড হ’ব পাৰে।

নিৰীক্ষণ কৰক

যদি আপুনি অস্বাভাৱিক শব্দ, দুৰ্গন্ধ বা লিক লক্ষ্য কৰে, তেন্তে তৎক্ষণাত এচি বন্ধ কৰি পেছাদাৰী ব্যক্তিৰ জৰিয়তে পৰীক্ষা কৰাব।

তাঁৰ পৰিদৰ্শন 

নিয়মিতভাৱে তাঁৰবোৰ পৰীক্ষা কৰাব, প্ৰয়োজনত সলনি কৰিব। বহু সময়ত দুৰ্বল, ছিঙা তাঁৰৰ বাবেও দুৰ্ঘটনা সংঘটিত হয়।

অভিজ্ঞজনৰ সহায় ল'ব

সংস্থাপন, ৰক্ষণাবেক্ষণ বা মেৰামতিৰ বাবে সদায় যোগ্য কাৰিকৰী বিদ্যাবিদৰ সহায় ল’ব।

সুৰক্ষা সামগ্ৰীৰ ব্যৱহাৰ

বিশেষকৈ সংস্থাপনৰ সময়ত এচিৰ কাম কৰাৰ সময়ত গ্ল’ভছ আৰু চকুৰ সুৰক্ষাৰ দৰে উপযুক্ত সুৰক্ষা সামগ্ৰী পিন্ধিব।

ইনভাৰ্টাৰৰ পৰা ল’বলগীয়া সাৱধানতা

১) ইনভাৰ্টাৰৰ বেটাৰীটো ভালকৈ ৰাখিবলৈ তিনি মাহৰ ব্যৱধানত বেটাৰীৰ পানীৰ মাত্ৰা পৰীক্ষা কৰিব।

২) বিজুলী,ঢেৰেকণী মাৰিলে আপুনি ইনভাৰ্টাৰৰ প্লাগত ভুলতো হাত নলগাব। সেই সময়ত আপুনি ঘৰৰ ‘মেইন ছুইটচ’টো বন্ধ কৰিব আৰু ইনভাৰ্টাৰটোৰ প্লাষ্টিকৰ বডীত যি ‘অন, অফ’ৰ ছুইটছ থাকে, সেই ছুইটছটো বন্ধ কৰিব। তেতিয়া কোনো দুৰ্ঘটনাৰ আশংকা নাথাকে।

৩) শ্বৰ্ট ছাৰ্কিটৰ পৰা ৰক্ষা পাবলৈ ঘৰত উচ্চ মানদণ্ডৰ আৰু ইনচুলেটেড তাঁৰ ব্যৱহাৰ কৰিব।

৪)  ইনভাৰ্টাৰটো কেতিয়াও ফ্ৰীজ, মটৰ, গিজাৰ আৰু অন্যান্য হাই লোড সঁজুলিৰ সৈতে সংযোগ নকৰিব। ইয়াৰ ফলত শক্তিৰ অতিৰিক্ত বোজাৰ বাবে অগ্নিকাণ্ড হ’ব পাৰে।

৫) কাৰেণ্ট নাই বুলিয়েই ইনভাৰ্টাৰৰ প্লাগত হাত নলগাব। ইনৰ্ভাটাৰৰ বেটাৰীত যি কাৰেণ্ট থাকে, সেই কাৰেণ্ট ৰিভাৰ্ছ হ’লে শ্বট ছাৰ্কিট হ’ব পাৰে।

ম'বাইল ব্যৱহাৰতো সচেতন হওঁক 

আজিকালি সকলো বয়সৰ লোকেই ম'বাইল আসক্ত। কিন্তু ম'বাইলৰ সঠিক ব্যৱহাৰৰ বিষয়ে জ্ঞাত নহ'লে ই আপোনাৰ প্ৰাণৰ প্ৰতি ভাবুকি আনিব পাৰে। হয়, এনে বহু ঘটনা ঘটিছে, যত ম'বাইল বিস্ফোৰণৰ ফলত বহুতৰ মৃত্যু হৈছে। সেয়েহে, এইসমূহ দিশত মন দিব-

১) ম'বাইলটো গৰম হ'লে ব্যৱহাৰ কৰি নাথাকিব। অতিমাত্ৰা উত্তাপ ম'বাইল বিস্ফোৰণৰ অন্যতম কাৰণ। 

২) নিৰ্দিষ্ট সময়ৰ বাবেহে চাৰ্জত লগাব। গোটেই ৰাতি ম'বাইল চাৰ্জত লগাই নথ'ব।

৩) নিৰ্মাতাই ম'বাইলৰ সৈতে দিয়া চাৰ্জাৰ আৰু কেবলহে ব্যৱহাৰ কৰিব।

ইস্ত্ৰী ব্যৱহাৰ কৰোতে এই কথা মনত ৰাখিব

১) ইস্ত্ৰী ব্যৱহাৰ কৰাৰ সময়ত হাতটো যাতে শুকান হৈ থাকে, সেয়া নিশ্চিত হ’ব।

২) ব্যৱহাৰৰ পিছত ছুইছটো বন্ধ কৰিব। 

৩) কৰ্ডত কিবা ক্ষতি আছে নেকি, ব্যৱহাৰৰ পূৰ্বে সদায় পৰীক্ষা কৰিব।

৪)  মজিয়া বা বিচনাত নহয়, মজবুত আৰু সুস্থিৰ বৰ্ডতহে ইস্ত্ৰী কৰিব।

৫) ব্যৱহাৰৰ পিছত ইস্ত্ৰীটো সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ দিব। শিশু আৰু পোহনীয়া জন্তুৰ পৰা আঁতৰত ৰাখিব।

 

ফ্ৰীজৰ ক্ষেত্ৰত গ্ৰহণ কৰক এই সাৱধানতা 

১) সঠিক বায়ু চলাচল নিশ্চিত কৰিবলৈ আৰু অতি উত্তাপ ৰোধ কৰিবলৈ ফ্ৰীজ সদায় বেৰৰ পৰা নিৰ্দিষ্ট দূৰত্বত ৰাখিব লাগে। বেৰৰ পৰা ফ্ৰীজৰ পিছফাল আৰু কাষত কমেও ১-২ ইঞ্চি ঠাই ৰাখিব লাগে। ওপৰতো ১.৫ ইঞ্চি ঠাই ৰাখিব লাগে। ইয়াৰ ফলত শীতল ব্যৱস্থাৰ দ্বাৰা উৎপন্ন তাপ বিসৰ্জন কৰিবলৈ পৰ্যাপ্ত বায়ু প্ৰবাহৰ সুবিধা হয়।

২) ফ্ৰীজৰ দুৱাৰখন লগে লগে বন্ধ কৰিব।

৩) ফ্ৰীজৰ ভিতৰৰ ভেণ্টবোৰ বন্ধ নকৰিব।

৪) ফ্ৰীজত জমা হোৱা বৰফবোৰ সঘনাই বাহিৰ কৰিব। 

৫) কণ্ডেন্সাৰ কইল নিয়মিতভাৱে পৰিষ্কাৰ কৰিব।

টিভি ব্যৱহাৰতো ক্ষেত্ৰতো সাৱধান হ'ব

ব্যৱহাৰৰ পাছত প্লাগ খুলি থ’ব। এনে কৰিলে বহু বুপদৰ পৰা ৰক্ষা পাব পাৰি। আপোনাৰ টিভিৰ ৰক্ষণাবেক্ষণৰ বাবে পৰিস্কাৰ কৰাৰ উপৰিও ইয়াৰ কেবলবোৰৰ যত্ন লোৱাটোও খুব জৰুৰী। জেনেৰিক কেবুলসমূহ আৰু এডাপ্টাৰসমূহ বিপদজনক। আনহাতে, টিভিটো বেৰত লগাওঁতে যাতে বেৰ আৰু টিভিৰ মাজত ব্যৱধান থাকে, সেয়া মন কৰিব।

গতিকে, সাৱধান হওঁক। ইলেক্টনিক সামগ্ৰী বেয়া হ’লে নিজে পৰীক্ষা কৰাৰ পৰিৱৰ্তে সদায় অভিজ্ঞতাপূৰ্ণ ব্যক্তিৰ সহায় ল’ব। তদুপৰি, ঘৰত আৰ্থিন থকাটো সুনিশ্চিত কৰিব।  ছুইটছ দিওঁতে হাত চাফা আৰু ভৰিত সদায় ৰবৰৰ ছেণ্ডেল পিন্ধিব।