/asomiyapratidin/media/media_files/2025/09/11/111111111-2025-09-11-14-27-25.jpg)
ডিজিটেল ডেস্ক: সম্প্ৰতি ভাৰতৰ ২০০ মিলিয়নতকৈও অধিক লোকে এক 'নিষ্ক্ৰিয়' জীৱন কটাই আছে। হয়, শেহতীয়া এক জৰীপত পোহৰলৈ আহিছে এই আচৰিত তথ্য। জৰীপত লগতে প্ৰকাশ পোৱা মতে, ১৫৫ নিযুত প্ৰাপ্তবয়স্ক আৰু ৪৫ নিযুত কিশোৰ-কিশোৰীয়ে শাৰীৰিক সক্ৰিয়তাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা পূৰণ কৰাত ব্যৰ্থ হৈছে। বিশেষকৈ চহৰীয়া ছোৱালীবোৰে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই সচেতন নহয়। যিয়ে তেওঁলোকৰ স্বাস্থ্যত খুব বেয়া প্ৰভাৱ পেলাইছে। 'ডালবাৰ্গ এডভাইজাৰ আৰু স্পৰ্টছ এণ্ড ছচাইটি এক্সিলাৰেটৰ'ৰ দ্বাৰা কৰা এই জৰীপে ভাৰতৰ বিভিন্ন জনগাঁথনিত শাৰীৰিক সক্ৰিয়তাৰ গুৰুত্বপূৰ্ণ ব্যৱধান সন্দৰ্ভত আলোকপাত কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাই প্ৰাপ্তবয়স্কসকলক প্ৰতি সপ্তাহত কমেও ১৫০ মিনিট আৰু কিশোৰ- কিশোৰসকলক দৈনিক ৬০ মিনিটৰ শাৰীৰিক সক্ৰিয়তাৰ বাবে ব্যায়াম তথা বিভিন্ন কাৰ্যকলাপ কৰাৰ পৰামৰ্শ দিয়ে। অৱশ্যে, জৰীপটোৱে প্ৰকাশ কৰিছে যে, বহুতো ভাৰতীয় এই ক্ষেত্ৰত অসফল হৈছে। প্ৰতি ৫ জনৰ ভিতৰত প্ৰায় ১ জনৰ অভিভাৱকে বিশ্বাস কৰে যে তেওঁলোকৰ সন্তানে অধ্যয়নৰ সমান্তৰালকৈ খেলা-ধূলাকো অগ্ৰাধিকাৰ দিব লাগে।
আনহাতে, ডালবাৰ্গ এডভাইজাৰৰ আঞ্চলিক সঞ্চালক শ্বেথা টোটাপলীয়ে শাৰীৰিক কাৰ্যকলাপক দৈনন্দিন জীৱনত অন্তভূৰ্ক্ত কৰাত গুৰুত্ব আৰোপ কৰে। টোটাপলীয়ে যুক্তি দিয়ে যে শাৰীৰিক সক্ৰিয়তাৰ ফলত মনোভাৱ, মনোবল আৰু জ্ঞানীয় কাৰ্য উন্নত হয়।
গাঁৱত বসবাস কৰাসকল অধিক সক্ৰিয়
এই জৰীপত প্ৰকাশ পোৱা মতে, গাঁও অঞ্চলতকৈ নগৰৰ অঞ্চলৰ বাসিন্দাসকলৰ অধিক নিস্ক্ৰীয়। জৰীপটোৱে বিদ্যালয়বোৰত শাৰীৰিক সক্ৰিয়তাৰ উন্নত একত্ৰীকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে। ইয়াত পোহৰলৈ অহা তথ্য মতে ৬৭% শিক্ষাৰ্থীয়ে ক্ৰীড়া সঁজুলিৰ অভাৱৰ বাবে আৰু ২১% শিক্ষাৰ্থীয়ে তেওঁলোকৰ বিদ্যালয়ত খেলপথাৰৰ অভাৱৰ বাবে শাৰিৰীক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলগীয়া হয়। তদুপৰি, লিংগ বৈষম্যৰ বাবে কিছুমান বিদ্যালয়ে ছাত্ৰীৰ বাবে কিছুমান কাৰ্যকলাপ সীমিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us