স্বাস্থ্য আৰু জীৱন বীমা প্ৰিমিয়ামত জি এছ টি শূন্যলৈ হ্ৰাস...

৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে প্ৰযোজ্য হোৱা ১৮ শতাংশ জি.এছ.টি এতিয়া বাতিল কৰা ফলত লক্ষাধিক গ্ৰাহক উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা স্বাস্থ্য আৰুজীৱন বীমাৰ প্ৰিমিয়ামত সামগ্ৰী আৰু সেৱা কৰ শূন্যলৈ হ্ৰাস কৰা হৈছে। ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে প্ৰযোজ্য হোৱা ১৮ শতাংশ জি.এছ.টি এতিয়া বাতিল কৰা ফলত লক্ষাধিক গ্ৰাহক উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।

জি এছ টি পৰিষদেবীমা প্ৰিমিয়ামৰ জি এছ টিসম্পূৰ্ণৰূপে নাইকিয়া কৰিছে,যিটো বৰ্তমান ১৮% আছিল। বৰ্তমান যদি কোনো পলিচিধাৰীয়ে বীমা পলিচি ক্ৰয়ৰ দিশত প্ৰিমিয়াম হিচাপে ১০০ টকা দিয়ে, তেন্তে তেওঁলোকে প্ৰকৃততে ১১৮ টকা (১০০ টকা + ১৮ টকা জিএছটি) পৰিশোধ কৰে। 

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান বীমা বিক্ৰী কৰাৰ সময়ত বীমা কোম্পানীয়ে আমাৰ পৰা ১৮% জি এছ টি সংগ্ৰহ কৰে। কিন্তু তেওঁলোকে গ্ৰহণ কৰা আন বহুতো কাৰ্য্যকৰী কাম, যেনে এজেণ্ট কমিচন, বিপণন, কাৰ্যালয়ৰ ভাড়া চৰকাৰক দিয়া আদিৰ ওপৰতো জি এছ টি আদায় দিয়ে।

জি এছ টি পৰিষদ জি এছ টি জীৱন বীমা