এইদিশসমূহত গুৰুত্ব দি গোটেই দিনটো সক্ৰিয় হৈ থাকক

এইদিশসমূহত গুৰুত্ব দি গোটেই দিনটো সক্ৰিয় হৈ থাকক

ডিজিটেল ডেস্ক: সন্তান তথা পৰিয়ালটোৰ যত্ন লোৱাকেই নিজৰ ধৰ্ম বুলি ভাৱি লোৱা মহিলাসকলে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি খুবেই অসাৱধান।যাৰ বাবে ৩৫-৪০ বছৰ বয়সতেই তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ পৰে।শৰীৰটো দুৰ্বল হোৱাৰ ফলত তেওঁলোক খুব সোনকালেই ভাগৰি পৰে। শৰীৰ দুৰ্বল হৈ ভাগৰ লগাৰ বাবে এজন ব্যক্তি খিংখিঙীয়া হৈ পৰে। কিন্তু কিছুমান সৰু সৰু দিশত যত্ন লৈ মহিলাসকল তেওঁলোকৰ ব্যস্ত সময়সূচীৰ মাজতেই নিজকে সক্ৰিয় আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰে।আজি সেই বিষয়ে জানো আহক-

স্বাস্থ্যকৰ খাদ্য

বাহিৰৰ খাদ্য একেবাৰে পৰিহাৰ কৰিব। সদায়েই ঘৰত ভালদৰে ৰন্ধা খাদ্য খাবলৈ চেষ্টা কৰিব। প্ৰায়ে এনে হয় যে আমি বাহিৰৰ খাদ্য খাইহে বেছি তৃপ্তি পাওঁ। যিয়ে আমাৰ শৰীৰত ভাগৰ আৰু দুৰ্বলতা দুগুণে বৃদ্ধি কৰে।সেয়েহে, খাদ্য তালিকাত সদায় সেউজীয়া শাক-পাচলি আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভূক্ত কৰিব।এনে খাদ্যই আপোনাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব।

অধিক পানী খাব

অধিক পৰিমাণে পানী খালে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ ওলায় যায়।ঘৰৰ বাহিৰ ওলাই গ’লে প্ৰস্ৰাৱ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে বহুতেই বহু কমকৈ পানী খায়।কিন্তু এনে কৰাটো শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। মনত ৰাখিব, আপুনি কাৰ্যালয়ত থাকক বা ঘৰত থাকক, পৰ্যাপ্ত পানী খালে আপোনাৰ শৰীৰ স্বাস্থ্যৱান আৰু সক্ৰিয় হৈ থাকিব।

একেৰাহে কাম নকৰিব

কাৰ্যালয়ত দীঘলীয়া সময় বহি কাম কৰি থাকিলে আপোনাৰ শৰীৰত তেজৰ সঞ্চালন সঠিক ধৰণে হ’ব নোৱাৰে।সেয়েহে, কাম কৰাৰ মাজতে অলপ বিৰতি ল'ব আৰু শৰীৰটো প্ৰসাৰিত কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ জঠৰতা দূৰ হোৱাৰ লগতে আপুনি সক্ৰিয় হৈ থাকিব।

শুকান ফল খাব

ৰাতিপুৱা খালী পেটত ৬ ৰ পৰা ১০ টা কাঠবাদাম আৰু আখৰোট খাব। ই শৰীৰত কিছুমান এনজাইম সৃষ্টি কৰে, যিয়ে বিপাক বৃদ্ধিত সহায় কৰে। কেৱল এয়াই নহয়, শুকান ফলে তৎক্ষণাৎ শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে।

ধ্যান প্ৰয়োজনীয়

জীৱনত মানসিক শান্তি অতি গুৰুত্বপূৰ্ণ, সেয়েহে আমি ধ্যানৰ অভ্যাস কৰা উচিত। এনে কৰাৰ দ্বাৰা আমাৰ মন-মগজু দিনটোৰ বাবে সুস্থ হৈ থাকে। ধ্যান কৰাৰ ফলত আমাৰ শৰীৰটোও সক্ৰিয় হৈ থাকে।

এইদিশসমূহত গুৰুত্ব দি গোটেই দিনটো সক্ৰিয় হৈ থাকক
ঘৰৰ কি কি সামগ্ৰীয়ে অশুভ শক্তিক আকৰ্ষণ কৰে জানেনে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in