বিহুত আন নহ'লেও জেতুকা লগাব

পদূলিমুখত অসমীয়াৰ হেপাঁহৰ ৰঙালী। ৰঙালী বা ব'হাগ বিহুটিক আদৰিবলৈ ন ৰূপৰে জিলিকি উঠিছে প্ৰকৃতি। বিহু বুলি নিজকে আকৰ্ষণীয় কৰিবলৈ সৌন্দৰ্যচৰ্চাত ব্যস্ত হৈছে প্ৰতিগৰাকী অসমীয়া। অতীজৰে পৰাই ব’হাগ বিহুত অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
day

ডিজিটেল ডেস্ক: পদূলিমুখত অসমীয়াৰ হেপাঁহৰ ব’হাগ বিহু। বিহুক আদৰিবলৈ ন ৰূপৰে জিলিকি উঠিছে প্ৰকৃতি। বিহু বুলি নিজকে আকৰ্ষণীয় কৰিবলৈ সৌন্দৰ্যচৰ্চাত ব্যস্ত হৈছে প্ৰতিগৰাকী অসমীয়া। অতীজৰে পৰাই ব’হাগ বিহুত অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে। আচলতে, বিহুত অসমীয়া জীয়ৰী-বোৱাৰীয়ে হাতত জেতুকাৰ ৰং বোলোৱাটো এক পৰম্পৰা। কেৱল সৌন্দৰ্যৰ বাবেই নহয়, জেতুকাৰ অগণন ঔষধি গুণ আছে। লোকবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা লগাই লোৱা জেতুকাৰ ৰঙে ঔষধৰ কাম কৰে। সেইদিনা হাত-ভৰিত জেতুকা লগালে ছালৰ একো বেমাৰ নহয় আৰু ই বসন্ত ৰোগৰ প্রতিষেধকৰ কাম কৰে। 

Advertisment

বিহুকে ধৰি বিভিন্ন উৎসৱ-পাৰ্বনত অধিকাংশ লোকৰে হাতত জেতুকাৰ ৰং দেখা যায় ঠিকেই, কিন্তু সেয়া প্ৰকৃততে জেতুকা নহয়, বজাৰত সহজে উপলব্ধ 'মেহেন্দি'হে। যিয়ে ছালৰ উপকাৰৰ সলনি অপকাৰহে কৰে। ৰাসায়নিক পদাৰ্থযুক্ত এনে 'মেহেন্দি' ছালত প্ৰয়োগ কৰাৰ ফলত বহুতৰে এলাৰ্জীৰ সমস্যা হয়, যি সময় বাগৰাৰ লগে লগে ভয়াৱহ ৰূপ লয়। সেয়েহে, এইবাৰ বিহুত বজাৰত উপলব্ধ এনে সৰু সৰু পেকেটৰ 'মেহেন্দি' ভুলতো ব্যৱহাৰ নকৰিব। জেতুকাৰ আৰ্শ্বযকৰ গুণাগুণৰ বিষয়ে জানিলে অৱশ্যে সকলোয়ে এইবাৰ বিহুত জেতুকা পাতৰেই সৌন্দৰ্যচৰ্চা কৰিব। 

জেতুকাৰ গুণাগুণ

-নখত জেতুকা ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়।

-খজুৱতি নিৰাময়ৰ বাবে জেতুকা খুব উপকাৰী। প্ৰকৃততে, ছালৰ ৰোগৰ বাবে জেতুকা এবিধ মহৌষধ। 

-জেতুকাৰ ৰস শৰীৰত ঘঁহিলে ছাল মসৃণ হয় আৰু ঘামচিৰ সমস্যাও নাইকিয়া হয়। 

-জেতুকা পাতৰ ৰস কপালত সানিলে উচ্চ ৰক্তচাপ ভাল হয়।

-ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোলৈ বসন্ত ৰোগ নহয়। 

-গৰমত ছালখন ৰঙা হৈ খুব বেছিকৈ খজুৱালে জেতুকাৰ ৰস আৰু হালধিৰ ৰস মিহলাই গা-ধুব লাগে। 

-যিসকলৰ বলিৰেখা পৰিছে, তেওঁলোকে জেতুকাপাত সিদ্ধ কৰি সেই পানীৰে দিনে দুবাৰকৈ মুখ ধুলে লাহে লাহে বলিৰেখা আঁতৰে।

-জৰায়ু স্থানচ্যুত হ'লে জেতুকা পাতৰ ৰস খোৱাটো খুব কাৰ্যকৰী।

-জেতুকা পাতৰ ৰস দিনে এবাৰকৈ পোন্ধৰদিন খালে তেজ পৰিষ্কাৰ হয়।

-বহুতৰে শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়, বিশেষকৈ গ্ৰীষ্মকালত। এনে লোকসকলে জেতুকা পাতৰ ৰস মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয়।

চুলিৰ সমস্যা দূৰ কৰাত জেতুকাৰ ভূমিকা 

-ভেঁকুৰ প্ৰতিৰোধী আৰু অণুজৈৱিক বৈশিষ্ট্যই উফি, মূৰৰ ছালৰ খজুৱতি আৰু অন্যান্য অণুজৈৱিক সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে।

-জেতুকাই চুলি সৰা বন্ধ কৰাত আৰু স্বাস্থ্যকৰ চুলিৰ বৃদ্ধিত সহায় কৰে। 

-জেতুকা ব্যৱহাৰ কৰিলে চুলিৰ ৰুক্ষতা হ্ৰাস আৰু চুলি প্ৰাকৃতিকভাৱে ক’লা হয়। 

জেতুকাই  চুলি ডাঠ, উজ্জ্বল কৰি ইয়াৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

জেতুকাই চুলিক এক প্ৰাকৃতিক ৰং দিয়াতো সহায় কৰিব পাৰে। জেতুকাৰ এই আকৰ্ষণীয় ৰং চুলিত বহু দিনলৈ থাকে।

কি উল্লেখ আছে আয়ুৰ্বেদত ? 

আয়ুৰ্বেদতো জেতুকাক খুব উপকাৰী উদ্ভিদ বুলি উল্লেখ কৰা হৈছে। আয়ুৰ্বেদে জেতুকাক ইয়াৰ শীতলকৰণ, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিমাইক্ৰ'বাইল গুণাগুণৰ বাবে মূল্য দিয়ে। ইয়াক প্ৰায়ে পিত্তৰ ভাৰসাম্যহীনতা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয়। জেতুকাৰ শৰীৰক শান্ত কৰাৰ সামৰ্থ্যও আছে।

আয়ুৰ্বেদৰ মতে, স্বাস্থ্য বৃদ্ধি কৰিবলৈ, উফি হ্ৰাস কৰিবলৈ আৰু চুলিৰ প্ৰাকৃতিক ৰং পুনৰুদ্ধাৰ কৰিবলৈ মূৰৰ ছালত জেতুকা প্ৰয়োগ কৰিব পাৰি। আনহাতে, জেতুকাৰ বিষমুক্ত গুণাগুণৰ বাবে কিছুমান পাচন বা যকৃত সম্পৰ্কীয় বিকাৰৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

আয়ুৰ্বেদত উল্লেখ থকা জেতুকাৰ ব্যৱহাৰ

-দৈ বা পানীৰ সৈতে জেতুকাৰ পাউডাৰ মিহলি কৰি চুলিত মাস্ক হিচাপে ব্যৱহাৰ কৰিলে এটা সৃষ্টি কৰক। ই মূৰৰ ছালৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে, পিত্তৰ ভাৰসাম্যহীনতা প্ৰশমিত কৰে আৰু স্বাস্থ্যকৰ চুলিৰ বিকাশ বৃদ্ধি কৰে।

-জেতুকা পাতৰ সৈতে নাৰিকলৰ তেল প্ৰয়োগ কৰি ইয়াক মূৰৰ ছালত ভালদৰে মালিচ কৰিব। এই প্ৰতিকাৰে চুলিৰ গুৰি শক্তিশালী কৰাৰ লগতে উফি হ্ৰাস কৰে আৰু অকাল পকা প্ৰতিহত কৰে।

-পানীৰ সৈতে জেতুকা পাতৰ গুৰি মিহলি কৰি গৰমৰ দিনকেইটাত ভৰি আৰু হাতৰ তলুৱাত প্ৰয়োগ কৰিব। ই শৰীৰৰ অতিৰিক্ত তাপ হ্ৰাস কৰাত সহায় কৰে।

-মূৰৰ ছাল পৰিস্কাৰ কৰিবলৈ আৰু উফি হ্ৰাস কৰিবলৈ নেমুৰ ৰসৰ সৈতে জেতুকা পাত মিহলি কৰি চুলিত প্ৰয়োগ কৰিব। 

-জেতুকাক প্ৰাকৃতিক চুলিৰ ৰং হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

Also Read: মুখে নোকোৱা কথা আপোনাৰ নাকে কয়