মুখে নোকোৱা কথা আপোনাৰ নাকে কয়

বহু বিশেষজ্ঞই বিশ্বাস কৰে যে, নাকলৈ চাই এজন ব্যক্তিৰ চৰিত্ৰৰ বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ বিষয়ে বহু কথা জানিব পাৰি।এই বিষয়ে আপুনি বিশ্বাস কৰে নে নকৰে সেয়া অৱশ্যে সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
২২২২২২২২২২

ডিজিটেল ডেস্ক: বহু বিশেষজ্ঞই বিশ্বাস কৰে যে, নাকলৈ চাই এজন ব্যক্তিৰ চৰিত্ৰৰ বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ বিষয়ে বহু কথা জানিব পাৰি।এই বিষয়ে আপুনি বিশ্বাস কৰে নে নকৰে সেয়া অৱশ্যে সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আজি এই লেখাত আপোনাক বিভিন্ন নাকৰ আকৃতি আৰু সেইবোৰে ব্যক্তিজনৰ বিষয়ে কি বুজায় তাৰ বিষয়ে জনাম।আপুনিও আপোনাৰ নাকৰ আকৃতি কি আৰু আমি আগবঢ়োৱা বৰ্ণনা আপোনাৰ লগত আপোনাৰ ব্যক্তিত্ব মিল খায়নে চাওঁকছোন-

Advertisment

বটন নাক 

বটন নউজ বা বটন নাক বুলি ক’লে এক সামান্য বৃত্তাকাৰ নাকৰ মুৰৰ সৈতে এটা সৰু নাকক বুজা যায়।বটন নাকবোৰ বহুতে আটাইতকৈ আকৰ্ষণীয় বুলি গণ্য কৰে।এই আকৃতিৰ নাক থকা লোকসকল সাধাৰণতে যথেষ্ট সৃষ্টিশীল আৰু কল্পনাশীল হয়। তেওঁলোক মৰমীয়াল, যত্নশীল আৰু দয়ালু। তেওঁলোক যথেষ্ট আশাবাদী আৰু আৱেগিক।

 গ্ৰীক নাক

সৰু, ঠেক আৰু সম্পূৰ্ণ পোন হয় গ্ৰীক নাক। গ্ৰীক নাক থকা লোকসকল সাধাৰণতে অতি বুদ্ধিমান, যুক্তিসঙ্গত আৰু নিৰ্ভৰযোগ্য। আপুনি এই নাকৰ গৰাকীক চকু মুদি ভৰসা কৰিব পাৰে।

সামান্য ওপৰলৈ উঠা নাক

সামান্য ওপৰলৈ উঠা নাকৰ গৰাকীসকল সাধাৰণতে অতি আশাবাদী, প্ৰফুল্ল আৰু দুঃসাহসী হয়। তেওঁলোকে অতি আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ জীৱন যাপন কৰে। তেওঁলোক বন্ধু বৰ্গ আৰু পৰিয়ালৰ প্ৰতিও অতি নিষ্ঠাৱান হয় আৰু তেওঁলোকে সকলোকে সুৰক্ষা দিবলৈ ইচ্ছুক।

বহল নাক

বহল নাক থকা লোকসকল প্ৰাকৃতিক নেতা আৰু তেওঁলোকৰ ব্যক্তিত্ব অতি শক্তিশালী হয়। তেওঁলোক প্ৰায়ে ব্যৱসায়ত সফল হয়।আনহাতে, তেওঁলোক একেবাৰেই শান্ত প্ৰকৃতিৰ নহয় আৰু সোনকালে খং উঠে।

ফ্লেছী নাক

ফ্লেছী নাক গুৰিৰ পৰা যথেষ্ট ঠেক যদিও মুৰৰ ফালে বহল হৈ দেখাত আকৰ্ষণীয় হৈ পৰে। এই নাকৰ গৰাকীসকল দ্ৰুত চিন্তাবিদ হোৱাৰ লগতে তেওঁলোকৰ দ্ৰুত সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকে। সময় অপচয় কৰিবলৈ ভাল নাপায় বাবে এনে লোকসকলে সকলোবোৰ কাম লগে লগে কৰে।

স্নুব নাক

স্নুব নাকৰ আধাৰ যথেষ্ট ঠেক যদিও মুৰৰ ফালে ঘূৰণীয়া হয়। স্নুব নাক থকা লোকসকল সাধাৰণতে তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী হয়। তেওঁলোকৰ ভাল হাস্যৰসৰ প্ৰৱণতা আছে আৰু তেওঁলোকৰ বন্ধুবৰ্গক উৎসাহিত কৰিবলৈ সদায় সাজু।

 ভাজ থকা নাক

নাকত এটা বা তাতোধিক ভাজ থকা থকা লোকসকলে জীৱনত নিজৰ পথ নিজে তৈয়াৰ কৰে। তেওঁলোকে নেতাসকলক অনুসৰণ কৰিবলৈ ভাল নাপায় আৰু সকলো ক্ষেত্ৰত নিজৰ সিদ্ধান্ত নিজে লয়। তেওঁলোক যথেষ্ট জেদী আৰু আনে কি ভাবে তাৰ প্ৰতি তেওঁলোকে কেতিয়াও গুৰুত্ব নিদিয়ে।

ভাটো ঠোঁটীয়া নাক

ভাটৌ ঠোঁটীয়া নাক থকা লোকসকল শৈল্পিকভাৱে প্ৰতিভাশালী আৰু সৃষ্টিশীল হোৱাৰ প্ৰৱণতা থাকে। তেওঁলোকৰ সাধাৰণতে এক শক্তিশালী ইচ্ছা থাকে আৰু যদি তেওঁলোকে কিবা কৰিবলৈ সংকল্পবদ্ধ হয় তেওঁলোকক কোনেও বাধা দিব নোৱাৰে।

Also Read: খোৱা-লোৱাত যত্ন লওঁক আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখক

nose