নেফাফু : ঔষধি গুণৰে ভৰপুৰ এই বিপন্নপ্ৰায় উদ্ভিদ

নেফাফু এবিধ চিৰসেউজীয়া আৰু সপুষ্পক উদ্ভিদ। এইবিধ উদ্ভিদ প্ৰকৃততে ঔষধ। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কাহ, বাতবিষকে ধৰি বিভিন্ন বিষত নেফাফু খোৱাটো খুব উপকাৰী।

author-image
সংগীতা দাস
New Update
ঔষধি উদ্ভিদ

খণ্ড: ৬

ডিজিটেল ডেস্ক: নেফাফু এবিধ চিৰসেউজীয়া আৰু সপুষ্পক উদ্ভিদ। এইবিধ উদ্ভিদ প্ৰকৃততে ঔষধ। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কাহ, বাতবিষকে ধৰি বিভিন্ন বিষত নেফাফু খোৱাটো খুব উপকাৰী। এছিয়া মহাদেশৰ ভাৰত, ম্যানমাৰ, বাংলাদেশ, মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, নেপাল, চীন, ভূটান আদি দেশত এইবিধ উদ্ভিদ গজে। ভাৰতৰ ভিতৰত নেফাফু আটাইতকৈ বেছি উত্তৰ-পূৱতে পোৱা যায়। 

original (1)

বিপন্নপ্ৰায় উদ্ভিদৰূপে স্বীকৃত পোৱা এই উদ্ভিদওপৰৰ ফালে জোঙা হৈ বাঢ়ি যায়। গা-গছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি। ডাল,পাতবোৰ গাঁঠিৰ পৰা ওলায়। ইয়াৰ পাতবোৰ ডাঙৰ-ডাঙৰ আৰু পাতবোৰৰ তল ফালটো খহটা। এই পাতৰ ঠাৰিৰ তলফালে চেনিৰ দৰে পদাৰ্থ দানা বান্ধি থাকে। সেয়ে, এই গছজোপাৰ পাতত ক’লা পৰুৱা ভৰি থাকে। নেফাফু গছৰ পাতৰ সোৱাদ তিতা-জ্বলা। পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায়। আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত এইজোপা গছত বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে। 

নেফাফুৰ ঔষধি গুণ

  • নেফাফুক বাতবিষৰ বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয়। 
  • এই গছৰ ঠাল-পাতৰ গোন্ধ শুঙিলে শিশুৰ ৰোগ নিৰাময় হয়।
  • এই গছৰ পাতৰ ৰস নহৰুৰ সৈতে মিহলাই খালে উচ্চ ৰক্তচাপৰ পৰা নিৰাময় পাব পাৰি।
  • নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী।
  • এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে।
  • নেফাফু গছৰ পাত আৰু শিপা চৰ্মৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
  • নেফাফুত এন্টিঅক্সিডেন্ট আৰু চাপৰ বিৰুদ্ধে যুঁজ দিয়া অক্সিডেটিভ নামৰ যৌগ থাকে, যি সামগ্ৰিক কোষীয় স্বাস্থ্যৰ বাবে উপকাৰী।
  • কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো নেফাফুৰ ভূমিকা অপৰীসীম।
  • নেফাফুয়ে কাহ, হাঁপানী, ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰে।
  • জ্বৰ, জণ্ডিচ, মেলেৰিয়াৰ প্ৰতিকাৰ আৰু তেজ বিশুদ্ধকৰণতো নেফাফু অত্যন্ত উপকাৰী।