এই কাম কৰিলে আপোনাৰ বিপদ নিশ্চিত

হিন্দু ধৰ্মত তুলসী গছৰ গুৰুত্ব কি, সেই বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। তুলসীক ‘ভক্তিৰ গছ’ বুলি গণ্য কৰা হয়। যাৰ বাবে হিন্দু ধৰ্মালম্বী প্ৰায় প্ৰতিঘৰতে তুলসীৰ গছ থাকে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
তুলসী  (1)

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত তুলসী গছৰ গুৰুত্ব কি, সেই বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। তুলসীক ‘ভক্তিৰ গছ’ বুলি গণ্য কৰা হয়। যাৰ বাবে হিন্দু ধৰ্মালম্বী প্ৰায় প্ৰতিঘৰতে তুলসীৰ গছ থাকে। তুলসীক লক্ষ্মীৰ এক অনন্য ৰূপ আৰু সেয়েহে ৰাতিপুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ তুলসী গছক উপাসনা কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় বুলি বিবেচনা কৰা হয়। কিন্তু, ধৰ্মীয় বিশ্বাস অনুসৰি তুলসীক সন্তুষ্ট কৰাৰ কিছু নিয়ম আছে। আজি সেই বিষয়ে জানো আহক-

এই দিনটোত পানী নিদিব

Advertisment

দেওবাৰে তুলসীৰ গুৰিত পানী দিয়াটো একেবাৰে উচিত নহয়। বিশ্বাস অনুসৰি, দেওবাৰে মাতৃ তুলসীয়ে ভগৱান বিষ্ণুৰ বাবে নিৰ্জলা উপবাস ৰাখে।সেয়েহে যদি সেইদিনটোত তুলসী গছলৈ পানী আগবঢ়োৱা হয় তেন্তে সেই উপবাস ভংগ হয়।ইয়াৰ ফলত মা লক্ষ্মী আৰু তুলসীৰ খং উঠে আৰু ঘৰত দুৰ্দশা হয়। 

নিৰ্জলা একাদশী

ইয়াৰ বাহিৰেও নিৰ্জলা একাদশীত তুলসীত পানী দিব নালাগে।এই দিনটোতো তুলসীৰ উপবাস থাকে আৰু যদি পানী দিয়া হয়, সেই উপবাস ভংগ হয়। এনে হোৱাৰ ফলত মা তুলসীৰ খং উঠিলে ঘৰখনলৈ ঋণাত্মক শক্তিৰ আগমণ ঘটে আৰু ই দৰিদ্ৰতা সৃষ্টিৰো এক অন্যতম কাৰণ হ’ব পাৰে। 

তুলসী বিবাহ 

তুলসী বিবাহৰ সেই বিশেষ দিনটোতো তুলসী গছত পানী দিব নালাগে। উক্ত দিনটোত মাতৃ তুলসীৰ বিয়া হৈছিল। সেয়েহে, তুলসী বিবাহৰ দিনা তুলসীত পানী দিলে সেয়া অশুভ বুলি গণ্য কৰা হয়।

কোন দিশত তুলসী গছ ৰাখিব ?

ঘৰৰ বাৰান্দাৰ উত্তৰ বা উত্তৰ-পূব দিশত অথবা ঘৰৰ খিৰিকীৰ ওচৰত তুলসী গছ ৰোপণ কৰাটো অতি শুভ। এই দিশ দেৱ-দেৱীৰ দিশ। সেয়েহে এই দিশত তুলসী গছ থকাটো ঘৰখনৰ বাবে মংগলময় বুলি গণ্য কৰা হয়।

Also Read: ঘৰটোত এইখিনি পৰিৱৰ্তন কৰক