গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

শেহতীয়াকৈ উন্নত শিক্ষাই হওঁক বা সংস্থাপনৰ বাবেই হওঁক, অধিকাংশ লোকেই চহৰত বাস কৰিবলৈ লৈছে।যাৰ ফলত মহানগৰসমূহত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
heart attack

ডিজিটেল ডেস্ক: এটা সময় আছিল, যেতিয়া ভাৰতক 'গাওঁৰ দেশ' বুলি আখ্যা দিয়া হৈছিল। তেতিয়া বেছিভাগ লোকেই গাঁৱত বাস কৰিছিল। কিন্তু শেহতীয়াকৈ উন্নত শিক্ষাই হওঁক বা সংস্থাপনৰ বাবেই হওঁক, অধিকাংশ লোকেই চহৰত বাস কৰিবলৈ লৈছে।যাৰ ফলত মহানগৰসমূহত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ মহানগৰত যান-বাহনৰ চলাচলৰ হাৰ আৰু যানজট বহু গুণে বৃদ্ধি পাইছে। যানজটে আমাৰ স্বাস্থ্যৰ ওপৰত খুব বেয়া প্ৰভাৱ পেলাইছে। শেহতীয়া এক গৱেষণাত প্ৰমাণ হোৱা মতে, যানজটে আমাৰ হৃদযন্ত্ৰ দুৰ্বল কৰি পেলাইছে।

images (6)

হয়, এই গৱেষণাত প্ৰমাণ হোৱা মতে, যান-বাহনৰ শব্দই হৃদযন্ত্ৰ দুৰ্বল কৰিছে। যিসকল লোকে দৈনিক যান-বাহনৰ কোলাহল নিৰন্তৰ সহ্য কৰি আছে, তেওঁলোকৰ হৃদআক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ হৃদযন্ত্ৰ বিশেষজ্ঞসকলেও এই কথা নিশ্চিত কৰিছে। গৱেষণা অনুসৰি, স্বাস্থ্য আৰু হৃদৰোগৰ আশংকা বিমানৰ শব্দতকৈ পথ আৰু ৰে'ল যাতায়তৰ পৰা অধিক হয়। বায়ু প্ৰদূষণেও হৃদযন্ত্ৰ সম্পৰ্কীয় বহুতো সমস্যা বৃদ্ধি কৰিছে। যান-বাহন প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যতে সীমাবদ্ধ নহয়। ই হাৰ্ট এটেক, ষ্ট্ৰ’ক আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় আন আন ৰোগৰ আশংকাও বৃদ্ধি কৰিছে। বায়ুৰ ক্ষুদ্ৰ কণাবোৰত আটাইতকৈ বিপদজনক উপাদান থাকে, যি উশাহৰ জৰিয়তে হাঁওফাঁওৰ গভীৰতালৈ যোৱাৰ লগতে ৰক্তনলীবোৰতো প্ৰৱেশ কৰিব পাৰে। এই বিপদজনক কণাবোৰে হৃদযন্ত্ৰৰ নলীবোৰলৈও গৈ ইয়াক অৱৰোধ কৰিব পাৰে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলিত বছৰৰ নৱেম্বৰত প্ৰকাশ কৰা এই অধ্যয়নৰ মতে যান-জঁটত আৱদ্ধ হৈ থকাটো কেৱল মানসিক চাপৰ সৈতে সম্পৰ্কিত নহয়, ই ৰক্তচাপো বৃদ্ধি কৰে। যান-বাহনৰ পৰা হোৱা বায়ু প্ৰদূষণে ৰক্তচাপ বৃদ্ধি কৰে, যিয়ে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা বৃদ্ধি কৰিব পাৰে।

শব্দ আৰু বায়ু প্ৰদূষণৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰিব ?

মাস্ক ব্যৱহাৰ কৰিব

ঘৰৰ পৰা বাহিৰলৈ যাওঁতে এন ৯৫ মাস্ক ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰা আপুনি বায়ু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। আনকি আপুনি আপোনাৰ নিজৰ গাড়ী ব্যৱহাৰ কৰি থাকিলেও মাস্ক পিন্ধিব। কিয়নো প্ৰদূষণ আপোনাৰ গাড়ীৰ ভিতৰলৈও আহিব পাৰে

গাড়ীৰ খিৰিকী বন্ধ ৰাখিব

গাড়ীৰ খিৰিকী খোলা থাকিলে বাহিৰত প্ৰদূষিত বায়ু আৰু যান-বাহনৰ শব্দৰ ফলত আপোনাৰ হৃদযন্ত্ৰ তথা স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ'ব পাৰে। গতিকে যেতিয়াই আপুনি যানজটত আবদ্ধ হৈ থাকে, গাড়ীখনৰ খিৰিকী বন্ধ ৰাখিবলৈ চেষ্টা কৰক। 

এইচইপিএ ফিল্টাৰ প্ৰয়োগ কৰিব

গাড়ীত যাত্ৰা কৰিলে এইচইপিএ ফিল্টাৰ প্ৰয়োগ কৰক। ই আপোনাৰ গাড়ীৰ চাৰিওফালৰ বায়ু পৰিস্কাৰ ৰাখি স্বাস্থ্যক সুৰক্ষা দিব।

Also Read: যিকোনো সময়তে আক্ৰান্ত হ’ব পাৰে হাৰ্ট এটেকত