Advertisment

ৰাতি চলে আত্মাৰ তাণ্ডৱ, পুৱা আৱিৰ্ভাৱ হয় সেন্দুৰ-নেমু

পূৱৰ পৰা পশ্চিম আৰু দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈকে প্ৰায় প্ৰতিখন ৰাজ্য তথা চহৰত বহু অগণন পবিত্ৰ স্থান আছে।ভাৰতত এনে বহুতো পবিত্ৰ স্থান আছে য'ত প্ৰতিদিনে লাখ লাখ পৰ্যটক দৰ্শনৰ বাবে আহে।এক কথাত কবলৈ গ’লে ভাৰতত থকা পবিত্ৰ স্থানসমূহ স্বৰ্গতকৈ কোনোগুণে কম নহয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
22

ডিজিটেল ডেস্ক: পূৱৰ পৰা পশ্চিম আৰু দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈকে প্ৰায় প্ৰতিখন ৰাজ্য তথা চহৰত বহু অগণন পবিত্ৰ স্থান আছে। ভাৰতত এনে বহুতো পবিত্ৰ স্থান আছে য'ত প্ৰতিদিনে লাখ লাখ পৰ্যটক দৰ্শনৰ বাবে আহে। এক কথাত কবলৈ গ’লে ভাৰতত থকা পবিত্ৰ স্থানসমূহ স্বৰ্গতকৈ কোনোগুণে কম নহয়। কিন্তু এইখন ভাৰততে এনে ঠায়ো আছে, যি সমূহক একেবাৰে অভিশপ্ত ঠাই বুলি গণ্য কৰা হয়।হয়, এই ঠাইসমূহলৈ মানুহ এতিয়াও যাবলৈ ভয় কৰে।এই ঠাইসমূহ কটত আছে আজি সেই বিষয়ে আজি জানো আহক-

Advertisment

কুলধাৰা গাওঁ

ৰাজস্থানৰ জয়ছলমেৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কুলধাৰা গাওঁ। এই গাওঁখনক প্ৰাচীন কালৰ পৰাই অভিশপ্ত বুলি গণ্য কৰা হয়। প্ৰবাদ অনুসৰি, ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক এই গাওঁখনত বাস কৰিছিল। কিন্তু ‘দিৱান’ৰ এই গাঁৱৰ মহিলাসকলৰ ওপৰত দৃষ্টি ভাল নাছিল আৰু তেওঁলোকৰ দ্বাৰা যথেষ্ট কাম কৰোৱাইছিল।এই ভয়তে সকলো ব্ৰাহ্মণে গাওঁখন এৰি গুছি গৈছিল। গাওঁ এৰাৰ সময়ত তেওঁলোকে অভিশাপ দিছিল যে এই গাওঁখনে আৰু কেতিয়াও থিতাপি নল'ব।তেনেকেই খুৱ কম দিনৰ ভিতৰত গাওঁখন খালী হৈ পৰিছিল আৰু আজিও তাত কোনে লোকে বাস নকৰে বা বাস কৰিবলৈ সাহস নকৰে।এতিয়া এই গাওঁখন একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে।

ৰূপকুণ্ড হ্ৰদ

উত্তৰাখণ্ডত এটা হ্ৰদ আছে যাক শতিকা ধৰি অভিশপ্ত তথা ভয়ানক বুলি গণ্য কৰি অহা হৈছে।  হিমালয়ৰ কোলাত থকা এই অভিশপ্ত হ্ৰদটো হৈছে ৰূপকুণ্ড হ্ৰদ। প্ৰচলিত তথ্য মতে, এই হ্ৰদৰ চাৰিওফালে পুৰুষৰ কংকাল বিয়পি আছে। এই কংকালবোৰ ক'ৰ পৰা আহিছে এতিয়ালৈকে কোনেও ক'ব পৰা নাই । বহুতে বিশ্বাস কৰে যে এয়া এক অভিশপ্ত ঠাই য'ত হাজাৰ হাজাৰ লোকক সমাধিস্থ কৰা হৈছিল। সেয়েহে আজিও এই ঠাইলৈ যাবলৈ কোনেও সাহস নকৰে।

পিথোৰিয়া গাঁও

এই অভিশপ্ত গাওঁখন ঝাৰখণ্ডত অৱস্থিত। ঝাৰখণ্ডৰ ৰাঁচী চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা এই অভিশপ্ত গাওঁখনৰ নাম পিথোৰিয়া গাওঁ। কোৱা হয় যে বিশ্বনাথ নাথ নামৰ এজন ব্যক্তিক সেই ঠাইত বলপূৰ্বকভাৱে মৃত্যুদণ্ড দিয়া হৈছিল।সেই সময়তে বিশ্বনাথ নাথে অভিশাপ দিছিল যে গাওঁখনত আৰু কোনো লোকে শান্তিৰে বাস কৰিব নোৱাৰে।এই অভিশাপৰ কেইদিনমান পিছতে গাওঁবাসী গাওঁখনৰ পৰা পলায়ন কৰিবলৈ ধৰে।

ভাংগাৰহ ফ’ৰ্ট

এই বিখ্যাত দুৰ্গটো কেৱল অভিশপ্তই নহয়, ভাৰতৰ এখন অতি ভয়ানক ঠাই।বহুতে বিশ্বাস কৰে যে ভাংগাৰহ এজন তান্ত্ৰিকৰ দ্বাৰা অভিশপ্ত, য’ত প্ৰতিদিনে অদ্ভূত ঘটনা ঘটি থাকে। বহুলোকে বিশ্বাস কৰে যে ৰাতি এই ফৰ্টটোত কান্দোন আৰু চিঞৰ শুনিবলৈ পোৱা যায়। ৰাতিপুৱা ইয়াত সেন্দুৰ আৰু নেমু দেখা পোৱা যায়। এই ভয়ৰ বাবে কোনেও এই ঠাইলৈ অকলে যাবলৈ সাহস নকৰে।

গন্ধৰ্বপুৰী গাওঁ

  Prabhat Media PC-2
Prabhat Media PC-2

মধ্য প্ৰদেশ সমগ্ৰ বিশ্বতে পবিত্ৰ স্থানৰ বাবে বিখ্যাত যদিও এইখন ৰাজ্যতে থকা গন্ধৰ্বপুৰী গাওঁখন ভাৰতৰ অভিশপ্ত ঠাইসমূহৰ তালিকাত অন্তৰ্ভুক্ত। এই গাওঁখনৰ বিষয়ে এটা কাহিনী আছে যে বহু শতিকাৰ আগতে ৰজা গন্ধৰ ভাচেনাই এই গাওঁখন শাসন কৰিছিল। ৰজায়ে শাসনকালত  কিছু কাৰণত অভিশাপ দিছিল আৰু গোটেই গাওঁখন শিলৰ হৈ পৰে।ইয়াৰ পাছতে তাত কোনো লোকে বাস নকৰে।

Also Read: 18 Temples In Assam: ভক্তই দৰ্শন কৰিবলগীয়া অসমৰ মন্দিৰসমূহ

hunted places