এই জুচ খায়েই এতিয়াও ধুনীয়া হৈ আছে ৫১ বছৰীয়া মলাইকা

মলাইকা অৰোৰা, অভিনয়ৰ পৰা বহু দূৰত থাকিলেও আকৰ্ষণীয় চেহেৰা তথা ফিটনেছৰ বাবে চৰ্চাত থাকে বলীউডৰ এইগৰাকী সুন্দৰী অভিনেত্ৰী। ৫১ বছৰ বয়সতো ২৫-৩০ বছৰীয়া যুৱতীৰ দৰেই হৈ আছে মলাইকা।

author-image
Asomiya Pratidin
New Update
22

ডিজিটেল ডেস্কঃ মলাইকা অৰোৰা, অভিনয়ৰ পৰা বহু দূৰত থাকিলেও আকৰ্ষণীয় চেহেৰা তথা ফিটনেছৰ বাবে চৰ্চাত থাকে বলীউডৰ এইগৰাকী সুন্দৰী অভিনেত্ৰী। ৫১ বছৰ বয়সতো ২৫-৩০ বছৰীয়া যুৱতীৰ দৰেই হৈ আছে মলাইকা। এই বয়সতো ইমান ধুনীয়া হৈ থকাৰ মূলতে হৈছে তেওঁৰ জীৱনশৈলী আৰু তেওঁৰ এই জীৱনশৈলীৰে অন্যতম অংশ হৈছে এবিচি জুচ।

হয়, দিনটোৰ আৰম্ভণিতে মলাইকাই পান কৰে এই এবিচি জুচ। আপুনিও যদি  মলাইকা অৰোৰাৰ দৰে ফিটনেছ আৰু উজ্জ্বল ছালৰ অধিকাৰী হবলৈ বিচাৰে, তেন্তে আপুনিও আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে এই বিশেষ জুচ। 

কি এই এবিচি জুচ ? 

এই জুচ তিনিটা মুখ্য উপাদানৰ পৰা তৈয়াৰ কৰা হয়।

এ মানে আপেল, যি এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ, এক ৰোগ প্ৰতিৰোধ বুষ্টাৰ।

বি মানে বীটৰুট, যি এক ৰক্ত পৰিশোধক, হিমোগ্লোবিনৰ উৎস

চি হৈছে কেৰট, মানে গাজৰ, যি ভিটামিন এ সমৃদ্ধ, ছাল আৰু চকুৰ বাবে অত্যন্ত উপকাৰী। 

এবিচি জুচৰ লাভালাভ

এই জুচক এক অন্যতম ছুপাৰফুড বুলি গণ্য কৰা হয়। যিয়ে শৰীৰক বিষমুক্ত কৰে আৰু ছাল আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। ভিটামিন এ, চি, আৰু এণ্টিঅক্সিডেণ্টে ছাল উজ্জ্বল কৰে। বীটৰুট আৰু গাজৰে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰে আৰু  ছালৰ সকলো সমস্যা সমাধান কৰে। ইয়াৰ এণ্টি-এজিং গুণাগুণে কোঁচ আৰু সূক্ষ্ম ৰেখা হ্ৰাস কৰে। ই শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ আঁতৰাই বিপাক উন্নত কৰে।

এই ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত ভিটামিন চি, আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। ই চৰ্দি, কাহ আৰু ভাইৰেল ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক। বীটত ৰক্তচাপ নিয়ন্ত্ৰণ কৰা নাইট্ৰেট থাকে। বীটৰুটে শৰীৰত হিম'গ্লোবিন বৃদ্ধি কৰে আৰু ৰক্তহীনতা (তেজৰ অভাৱ) দূৰ কৰে। ই শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে ভাগৰ আৰু দুৰ্বলতা হ্ৰাস কৰে।

এই ৰসে হজম শক্তিও উন্নত কৰে। ই আঁহসমৃদ্ধ হোৱাৰ বাবে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ সমস্যা হ্ৰাস কৰে। এই ৰসে পাকস্থলী ঠাণ্ডা ৰাখে আৰু গেছৰ সমস্যাৰ পৰা সকাহ দিয়ে। গাজৰত থকা ভিটামিন এ-য়ে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। চুলি শক্তিশালী আৰু ডাঠ কৰাৰ বাবেও ই উপকাৰী।

Also Read: বৃদ্ধ অৱস্থাতো আকৰ্ষণীয় হৈ থাকিবলৈ অনুসৰণ কৰক এই জীৱনশৈলী