মগজুৰ বাবে ছুপাৰফুড এইকেইবিধ খাদ্য

অৱনমিত জীৱনশৈলীৰ বাবে স্বাস্থ্যৱান হৈ থকাটো এতিয়া একেবাৰেই কঠিন হৈ পৰিছে। কেৱল শৰীৰিকভাৱেই নহয়, মানসিক স্বাস্থ্য ভালে থাকিলেহে এজন ব্যক্তি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হোৱাটো বুজায়।

author-image
Asomiya Pratidin
New Update
মগজুৰ বাবে ছুপাৰফুড এইকেইবিধ খাদ্য

ডিজিটেল ডেস্ক: অৱনমিত জীৱনশৈলীৰ বাবে স্বাস্থ্যৱান হৈ থকাটো এতিয়া একেবাৰেই কঠিন হৈ পৰিছে। কেৱল শৰীৰিকভাৱেই নহয়, মানসিক স্বাস্থ্য ভালে থাকিলেহে এজন ব্যক্তি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হোৱাটো বুজায়। মগজু হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ এক, যি সকলো সময়তে সক্ৰিয় থাকে। যাৰ বাবে আমি মগজুৰ স্বাস্থ্য যত্ন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। আমি কেতবোৰ বিশেষ খাদ্য খাই মগজুৰ স্বাস্থ্য ভাল অথাৎ মগজুক তীক্ষ্ণ কৰি ৰাখিব পাৰো।আজি মগজুৰ স্বাস্থ্য উন্নত কৰা খাদ্য সমূহৰ বিষয়ে জানো আহক-

Advertisment

কাঠবাদাম

কাঠবাদামত ৰাইবোফ্লেভিন আৰু এল-কাৰ্নিটাইন থাকে, যিয়ে আমাৰ স্মৃতিশক্তি হ্ৰাস হোৱাত বাধা দিয়ে।সেয়েহে, মগজুক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কাঠবাদাম অন্তৰ্ভুক্ত কৰিব পাৰে।

পাচলি

নিয়মীয়াকৈ সেউজীয়া পাচলি খোৱাটো স্বাস্থ্যৰ পক্ষে খুব লাভজনক। কেপচিকাম, গাজৰ, ব্ৰকলি আদিত পোৱা পুষ্টিবোৰ শিশুৰ মানসিক স্বাস্থ্যৰ বাবে উৎকৃষ্ট। ইয়াৰ বাহিৰেও, পালেং শাক, ধনিয়া, সেউজীয়া মটৰ আদিয়েও মগজুক সক্ৰিয় হৈ থকাত সহায় কৰে।

পালেং শাক

পালেং শাক হৈছে এক এণ্টি-অক্সিডেণ্ট, যিয়ে মগজু শক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াত থকা লুটিন উপাদানে বহুতো ৰোগৰ পৰা আমাক সুৰক্ষিত কৰে।পালেং শাকে মগজুক শক্তি প্ৰদান কৰাৰ লগতে স্মৃতিশক্তি উন্নত কৰাটো সহায় কৰে। পালেং শাকক চকুৰ ভিটামিন বুলিও কোৱা হয়।

হালধি

হালধিয়ে মগজু স্বাস্থ্যৱান কৰি ৰাখে। ই এণ্টি-অক্সিডেণ্ট, এণ্টি-এজিং, এণ্টি-কৰ্কট ৰোগত সমৃদ্ধ আৰু স্মৃতিশক্তি বজাই ৰখাতো সহায়ক।

কণী

কণীৰ কুহুমত কোলিন থাকে, যিয়ে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াত থকা প্ৰ'টিন পেশীৰ বিকাশতো সহায়ক। 

ডাৰ্ক চকলেট

ডাৰ্ক চকলেট মস্তিষ্কৰ স্বাস্থ্যৰ বাবে খুব ভাল। প্ৰতিদিনে অলপ ডাৰ্ক চকলেট খালে তেজৰ প্ৰবাহ ভাল হোৱাৰ লগতে মনোভাৱ ঠিক কৰি ৰখাটোও ভাল বুলি গণ্য কৰা হয়। ই স্মৃতিশক্তি তীক্ষ্ণ কৰাতো সহায়ক।

মাছ

বহু গৱেষণাত দেখা গৈছে যে সপ্তাহত দুদিন মাছ খোৱাটো মগজুৰ বাবে অতি উপকাৰী।মাছ খোৱাটোয়ে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মগজুকো স্বাস্থ্যৱান কৰি ৰাখে।

Also Read: কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ