যদি আপোনাৰো এই ৰাশি, তেন্তে আপুনিও একেই প্ৰকৃতিৰ

যদি আপোনাৰো এই ৰাশি, তেন্তে আপুনিও একেই প্ৰকৃতিৰ

ডিজিটেল ডেস্ক: জ্যোতিষশাস্ত্ৰৰ মতে, এজন ব্যক্তিৰ প্ৰকৃতি তেওঁৰ ৰাশিৰ পৰাই গম পোৱা যায়। কেৱল প্ৰকৃতিয়েই নহয়, ৰাশিচক্রৰ জৰিয়তে এজন ব্যক্তিৰ ভৱিষ্যত জীৱনৰ বিষয়েও বহুতো কথা জানিব পাৰি। সেই অনুসৰি বহুতেই তেওঁলোকৰ ভৱিষ্যত তথা প্ৰকৃতিৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে।বিশেষকৈ ছোৱালীৰ। কিছুমান ছোৱালী দেখাত শান্ত প্ৰকৃতিৰ যদিও খুব চতুৰ হয়।আজি এই প্ৰকৃতিৰ ৰাশিৰ বিষয়ে জানো আহক-

সিংহ 

এই ৰাশিৰ ছোৱালীবোৰ খুব নিৰ্ভীক প্ৰকৃতিৰ। তেওঁলোক খুব শান্ত আৰু কামবোৰ আনক নজনোৱাকৈ কৰিবলৈ ভাল পায়। এই প্ৰকৃতিৰ বাবেই বহুসময়ত মানুহে তেওঁলোকক বুজাত ভুল কৰে।এই ৰাশিৰ ছোৱালীয়ে দক্ষতাৰ বলত সকলোকে প্ৰভাৱিত কৰে। এই ছোৱালীবোৰৰ খং বেছি হয়।

মকৰ 

এই ৰাশিৰ ছোৱালীৰ জীৱনত শনিৰ প্ৰভাৱ থাকে, যি তেওঁলোকৰ মুখত স্পষ্টভাৱে দেখা যায়। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই ৰাশিৰ প্ৰভু হৈছে শনি দেৱ আৰু শনি দেৱক কঠোৰ পৰিশ্ৰমৰ কাৰক বুলি গণ্য কৰা হয়। সেইকাৰণে মকৰ ৰাশিৰ ছোৱালীবোৰ শান্ত যদিও চতুৰ আৰু বহুত পৰিশ্ৰমী হয়। তেওঁলোকে খৰখেদাকৈ কোনো কাম নকৰে। এইসকল ছোৱালী তেওঁলোকৰ স্বামীৰ বাবে ভাগ্যৱান বুলিও গণ্য কৰা হয়। 

মেঘ

এই ৰাশিৰ ছোৱালীবোৰ অতি তীক্ষ্ণ মনৰ। মেষ ৰাশিৰ প্ৰভু হৈছে মঙ্গল আৰু মঙ্গল গ্ৰহ শক্তি, ভূমি, সাহস, যুদ্ধ আৰু প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত। যেতিয়া মেষ ৰাশিফলত মঙ্গল গ্ৰহৰ অৱস্থান ভাল হয়, তেতিয়া তেওঁলোকে শান্ত হৈ তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰে।

ধনু

শিক্ষাৰ ক্ষেত্ৰত এই ছোৱালীবোৰ বহুত আগৰণুৱা। তেওঁলোক শান্ত প্ৰকৃতিৰ যদিও মগজু খুব চোকা হয় আৰু যিকোনো বিষয়তে কথা কোৱাৰ ক্ষমতা থাকে। ধনু ৰাশিৰ প্ৰভু হৈছে বৃহস্পতি গ্ৰহ আৰু বৃহস্পতিক উচ্চ শিক্ষা আৰু উচ্চ স্থিতিৰ কাৰক বুলি গণ্য কৰা হয়।

যদি আপোনাৰো এই ৰাশি, তেন্তে আপুনিও একেই প্ৰকৃতিৰ
আপোনাৰ পিছে কি ৰাশি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in