আপোনাৰ পিছে কি ৰাশি ?

জ্যোতিষ শাস্ত্ৰ অনুসৰি, ৰাশি চিহ্নই এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে আৰু প্ৰত্যেকটো ৰাশিৰ লোকৰেই ব্যক্তিত্ব সুকীয়া। ইয়াৰে এনে কেইটামান ৰাশি চিহ্ন আছে, যি ৰাশিৰ লোকসকলে প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে।

author-image
Asomiya Pratidin
New Update
আপোনাৰ পিছে কি ৰাশি ?

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, ৰাশি চিহ্নই এজন ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে আৰু প্ৰত্যেকটো ৰাশিৰ লোকৰেই ব্যক্তিত্ব সুকীয়া। ইয়াৰে এনে কেইটামান ৰাশি চিহ্ন আছে, যি ৰাশিৰ লোকসকলে প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে। কোনকেইটা ৰাশিৰ লোকে প্ৰেমৰ মায়া-মোহৰ পৰা নিজকে সদায় দূৰত ৰাখে, আজি জানো আহক-

Advertisment

ধনু 

এই ৰাশিৰ লোকসকল অতি উদ্যমী আৰু দুঃসাহসিক। তেওঁলোক নিজৰ জীৱনটোৰ বিষয়ে বহু চিন্তা কৰে।এই ৰাশিৰ লোকসকলৰ লগত সম্পৰ্ক ৰখাটো কঠিন, সেয়া লাগিয়ে বন্ধুত্বৰে হওঁক বা আন সম্পৰ্কই হওঁক।তেওঁলোকে জীৱনৰ আন সকলোবোৰ উপভোগ কৰে যদিও প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখে। তেওঁলোক কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল নহয়। 

মকৰ

এই লোকসকল কঠোৰ পৰিশ্ৰমী আৰু ব্যৱহাৰিক চিন্তাধাৰাৰ। যেতিয়া যিকোনো ক্ষেত্ৰত উন্নত প্ৰদৰ্শনৰ কথা আহে, এই ৰাশিৰ লেকসকলৰ নাম প্ৰথমে লোৱা হয়। এই গুণবোৰৰ বাবেই  তেওঁলোকে প্ৰেমক বিশ্বাস নকৰে আৰু কেতিয়াও প্ৰেমত নপৰে।

বৃশ্চিক

এই ৰাশিৰ লোকসকল ৰোমান্টিক যদিও তেওঁলোক সম্পৰ্ক ৰক্ষাত একোবাৰেই বেয়া। যদি তেওঁলোকে কাৰোবাৰ প্ৰেমত পৰে বা কোনো সম্পৰ্কত সোমাই পৰে, তেনেহ'লে তেওঁলোকৰ বাৰে বিচ্ছেদ হয়। এই লোকসকলৰ মন এটা ঠাইত স্থিৰ হৈ নাথাকে। 

কুম্ভ 

এই ৰাশিৰ লোকসকল অতি লাজকুৰীয়া, কম বাকপটু আৰু তেওঁলোকৰ কথাবোৰ পৰাপক্ষত লুকুৱাই ৰাখিয়েই ভাল পায়। তেওঁলোকে মুকলিকৈ একো ক'ব নোৱাৰে। এনে প্ৰকৃতিৰ বাবেই তেওঁলোকে আনক তেওঁলোকৰ ওচৰলৈ আহিবলৈ আৰু তেওঁলোকক ভালদৰে জানিবলৈ সুযোগ নিদিয়ে। বেছিভাগ ক্ষেত্ৰত, এই লোকসকল প্ৰেমৰ পৰা আঁতৰি থাকিবলৈ পছন্দ কৰে। 

কন্যা

এই ৰাশিৰ লোকসকল আটাইতকৈ স্বাৱলম্বী। এই গুণৰ বাবেই হয়তো তেওঁলোকে প্ৰেমৰ পৰা আঁতৰি থাকে। তেওঁলোকে আনৰ লগত ঘনিষ্ঠভাৱে থাকে যদিও সেয়া প্ৰেমৰ সম্পৰ্ক নহয়। এই লোকসকলে এজন নিখুঁত সঙ্গী বিচাৰে, কিন্তু যদি তেওঁলোকে এনে সঙ্গী নাপায়, তেন্তে এইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখে।

Also Read: শনিবাৰে কি ৰাশিৰ লোকে কি ৰঙৰ কাপোৰ পিন্ধিব লাগে জানি লওঁক