এই বাস্তু নিয়ম মানিলে ধনে-ধানে উপচিব আপোনাৰ ঘৰ

বাস্তুত ঘৰৰ প্ৰতিটো কোণ আৰু ঘৰত ৰখা সামগ্ৰীসমূহক বিশেষ গুৰুত্ব আছে।ঘৰৰ সামগ্ৰীসমূহ ভুল ঠাইত বা ভুল দিশত ৰাখিলে ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ঘৰলৈ নাহে লক্ষ্মী.jpg

ডিজিটেল ডেস্ক: এখন ঘৰলৈ সুখ-সমৃদ্ধি আগমনৰ ক্ষেত্ৰত বাস্তুৰ গুৰুত্ব অপৰিসীম।সেয়েহে বাস্তু নিয়মৰ প্ৰতি লক্ষ্য কৰি এখন ঘৰত সামগ্ৰীবোৰ পৰিপাটীকৈ থ’ব লাগে।যদি ঘৰৰ সামগ্ৰীসমূহ সঠিক স্থানত ৰখা নহয়, তেনেহ'লে ই ঘৰত বাস্তুৰ ত্ৰুটিৰ সৃষ্টি কৰিব পাৰে।বাস্তু ক্ৰুটিয়ে এজন ব্যক্তিৰ জীৱনত বহুখিনি সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুত ঘৰৰ প্ৰতিটো কোণ আৰু ঘৰত ৰখা সামগ্ৰীসমূহক বিশেষ গুৰুত্ব আছে।ঘৰৰ সামগ্ৰীসমূহ ভুল ঠাইত বা ভুল দিশত ৰাখিলে ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

জীৱনটো সুখৰ কৰিবলৈ কি বাস্তু নিয়ম পালন কৰিব ?

১) ঘৰৰ প্ৰৱেশদ্বাৰত তুলসী গছ ৰোপণ কৰক। কিয়নো তুলসী গছে ঋণাত্মক শক্তিৰ বিনাশ কৰে।ঘৰলৈ ধনাত্মক শক্তিৰ আগমনৰ বাবে তুলসীৰ গছ সদায় পূব দিশত ৰখাটো শুভ। তদুপৰি আপুনি ইয়াক উত্তৰ বা উত্তৰ-পূবৰ খিৰিকীৰ ওচৰত ৰাখিব পাৰে।

২)  ঘৰৰ মুখ্য দুৱাৰত ওচৰত জোতা ষ্টেণ্ড ৰখাৰ ভুল নকৰিব। ইয়াক ৰাখিবলৈ সদায়ে পশ্চিম বা দক্ষিণ-পশ্চিম দিশ বাছনি কৰিব।

৩) উত্তৰ দিশলৈ মূৰ থৈ নুশুব। উত্তৰ দিশলৈ মূৰ দি শুলে টোপনিত ব্যাঘাত জন্মে।যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

৪) কেতিয়াও বেৰত বন্ধ ঘড়ী নাৰাখিব।

৫) ঘৰৰ ঘড়ীবোৰ পূব, পশ্চিম আৰু উত্তৰ দিশত দেৱালত ৰাখিব লাগে। এই দিশত দেৱালত ঘড়ী ৰাখিলে ই ঘৰখনৰ লোকসকলক যিকেনো ক্ষেত্ৰতে নতুন সুযোগ প্ৰদান কৰে।

৬) বাস্তুৰ মতে, চাফা আৰু উজ্জ্বল আখৰৰে লেখা নেমপ্লেট ঘৰত থাকিলে ই ঘৰখনৰ ব্যক্তিসকলৰ জীৱনত ভাল প্ৰভাৱ আছে।

৭) ঘৰখনৰ গধুৰ আচবাব সদায় দক্ষিণ আৰু পশ্চিম দিশৰ দেৱালৰ কাষত ৰাখিব লাগে। আনহাতে, পাতল আচবাব উত্তৰ আৰু পূব দেৱালৰ ওচৰত ৰাখিব লাগে। 

৮) বাস্তুৰ মতে, ঘৰত কেতিয়াও ষ্টীলৰ আচবাব ৰাখিব নালাগে। 

Also Read: অজানিতে আপুনি কৰা এই ভুলে জীৱনলৈ নমাব পাৰে কাল অমানিশা