/asomiyapratidin/media/media_files/2026/01/21/9e7c29ed-c672-4b65-81fa-1d91b0c033cd-2026-01-21-21-21-00.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃঢকুৱাখনাৰ মাতমৰাস্থিত বিস্তুৰাম দলে ক্ৰীড়া প্ৰকল্পত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ সন্তোষ ট্ৰফী ফুটবলৰ চূড়ান্ত পৰ্যায়ৰ খেল। বুধবাৰে বৰ্ণিল শুভ উদ্বোধনী অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হয় দৃষ্টিনন্দন খেল।
ঢকুৱাখনাৰ লগতে ধেমাজি আৰু চিলাপথাৰ ক্ৰীড়া প্ৰকল্পত সমান্তৰালভাৱে অনুষ্ঠিত হৈছে এইখন সৰ্বভাৰতীয় স্তৰৰ ফুটবল খেল। প্ৰথমখন খেলৰ গ্রুপ 'এ'ত উত্তৰাখণ্ড দলক ৰাজস্থান দলে ৩-২ গলৰ ব্যৱধানত পৰাজিত কৰে।
ৰাজস্থান দলৰ অমিত কুমাৰ, মুকেশ কুমাৰৰ তিনিটা গলৰ বিপৰীতে উত্তৰাখণ্ডৰ নিৰ্মল সিং বিষ্টয়ে এটা গল দিয়ে। দ্বিতীয়খন খেলত পশ্চিমবংগ দলে নাগালেণ্ড দলক ৪-০গলৰ ব্যৱধানত পৰাজিত কৰে।
তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত পশ্চিমবংগৰ ৰবি হান্সদা, চয়ন বেনাৰ্জী, আকাশ হেমৰম আৰু আকিব নাৱাবৰ এটাকৈ গলেৰে বিজয় সাব্যস্ত কৰে বংগৰ দলটোৱে। তৃতীয়খন খেলত তামিলনাডু দলে ঘৰুৱা অসম দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে। তামিলনাডুৰ দেৱনাথ এছৰ একমাত্ৰ গলেৰে ঘৰুৱা দলক পৰাস্ত কৰি বিজয়ৰ পথ সুগম কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us