/asomiyapratidin/media/media_files/2025/06/03/AvRhjNY7OrcfHvthEhvt.jpg)
ডিজিটেল ডেস্ক: লক্ষ্মীক ধন-সম্পদৰ দেৱী বুলি গণ্য কৰা হয়। দেৱী লক্ষ্মীৰ কৃপাত কোনো ব্যক্তি খুব কম দিনতে ধনে-ধানে চহকী হৈ পৰে। সেয়েহে সকলোয়েই দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ যথেষ্ট প্ৰাৰ্থনা কৰে। এখন ঘৰত দেৱী লক্ষ্মীয়ে কৃপা কৰাৰ আগতে কেতবোৰ সংকেত দিয়ে। হয়, কিছুমান বিশেষ সংকেত লাভ কৰিলে আপুনি বুজিব যে আপোনাৰ ঘৰলৈ শীঘ্ৰেই হ’ব দেৱী লক্ষ্মীৰ আগমন। আজি সেই বিষয়ে জানো আহক-
ফেঁচাৰ আবিৰ্ভাৱ
ফেঁচাক দেৱী লক্ষ্মীৰ বাহন বুলি গণ্য কৰা হয়। সেয়েহে, যদি আপুনি ঘৰৰ চাৰিওফালে বা হঠাতে ক'ৰবাত ফেঁচা দেখা পায়, তেন্তে ইয়াক অতি শুভ বুলি বিবেচনা কৰা হয়। ই সূচায় যে আপোনাৰ ঘৰলৈ ধনৰ দেৱী মা লক্ষ্মীৰ খুব সোনকালেই আগমণ হব।
খাদ্যাভ্যাসৰ পৰিৱৰ্তন
এখন ঘৰলৈ মা লক্ষ্মীৰ আগমনৰ পূৰ্বে ঘৰখনৰ লোকসকলৰ খোৱা-বোৱাৰ অভ্যাস সলনি হয়। ঘৰৰ লোকসকলে খুব কম ভোক অনুভৱ কৰে। যাৰ বাবে খুব কমকৈ খাদ্য খায়। তদুপৰি, ঘৰৰ লোকসকলৰ নিচাজাতীয় আৰু আমিষ খাদ্য খাবলৈ মন নোযোৱা হয়।
পৰিস্কাৰ-পৰিচ্ছন্নতা
বিশ্বাস অনুসৰি যি ঘৰ পৰিস্কাৰ, সেই ঘৰত দেৱী লক্ষ্মীৰ কৃপা সদায়েই থাকে। সেয়েহে আমাৰ ঘৰসমূহ পৰিস্কাৰ কৰি ৰখাত আমি সকলোয়ে গুৰুত্ব দিব লাগে।
ঝাড়ু
ঝাড়ুক মা লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপুনি ৰাতিপুৱা কাৰোবাক ঝাড়ু দিয়া দেখা পায়, তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে মা লক্ষ্মী সোনকালেই আপোনাৰ ঘৰত আবিৰ্ভাৱ হ'ব।
সাৰ পোৱাৰ লগে লগে শংখৰ শব্দ শুনা
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি আপুনি শংখৰ শব্দ শুনে, তেন্তে ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ খুব সোনকালেই আগমন হ'ব।
বি.দ্ৰ: এই লেখাটো বিভিন্ন মাধ্যমৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত লেখা হৈছে।
Also Read: ঘৰৰ দক্ষিণ দিশত এইকেইবিধ সামগ্ৰী ৰাখিব