/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c7df4014-ab09-4789-8790-0876e85fd826/1__1_.jpg)
ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰত ঘৰৰ দিশসমূহক বিশেষ গুৰুত্ব দিয়া হয়।যাৰ বাবে অধিকাংশ লোকেই তেওঁলোকৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰাৰ আগতে দিশবোৰ চোৱা-চিতা কৰি লয়। বহুতে বিশ্বাস কৰে যে, যদি বাস্তু মতে ঘৰ নিৰ্মাণ কৰা নহয়, তেন্তে ঘৰত বাস কৰা লোকসকলৰ জীৱন সংকটে আৱৰি থাকে।বাস্তু শাস্ত্ৰত দক্ষিণ দিশটোক যথেষ্ট গুৰুত্ব দিয়া হৈছে। এই দিশটো মৃত্যুৰ দেৱতা যম আৰু পূৰ্বপুৰুষসকলৰ বুলি বিশ্বাস কৰা হয়।ঘৰৰ কিছুমান সামগ্ৰী এই দিশত ৰখাটো অতি শুভ। আজি এই বিষয়ে ভালদৰে জানো আহক-
এই ফটোখন শুভ
ঘৰৰ দক্ষিণ দিশত ফিনিক্স চৰাইৰ ফটো থকাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ই ঘৰখনলৈ সমৃদ্ধি আনি দিয়ে।এনে ফটো দক্ষিণ দিশত ৰাখিলে ঘৰখনলৈ নেতিবাচক শক্তিৰ আগমনো ৰোধ হয়।বিশেষকৈ এই ফটোখন ঘৰৰ ড্ৰয়িং ৰুমত ৰখাটো বেছি শুভ বুলি বিবেচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2cda26f2-060e-477f-ad4d-63fade44ce85/15_29_290010714phoenix_bird.jpg)
জেড গছ
ঘৰত জেড গছ থকাটো অতি শুভ। এইবিধ গছ সদায় ঘৰৰ ড্ৰয়িং ৰুমৰ দক্ষিণ দিশত ৰাখিব লাগে। এই দিশটো শুক্ৰ গ্ৰহৰ দিশ বুলিও গণ্য কৰা হয়। জেড উদ্ভিদে ঘৰখনলৈ ইতিবাচক শক্তি আকৰ্ষণ কৰি সমৃদ্ধি কঢ়িয়াই আনে।
মূল্যৱান সামগ্ৰী আৰু গহনা
মূল্যৱান সামগ্ৰী আৰু গহনা দক্ষিণ দিশত ৰখাটোও শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, এই সামগ্ৰীসমূহ দক্ষিণ দিশত ৰাখিলে ঘৰখনত কেতিয়াও ধনৰ অভাৱ নহয়। তদুপৰি, যিকোনো প্ৰয়োজনীয় সামগ্ৰীও আপুনি এই দিশত ৰাখিব। ই আপোনাৰ ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব।
ঝাড়ু
দক্ষিণ দিশত ঝাড়ু ৰাখিব লাগে। ই অতি শুভ।বিশ্বাস অনুসৰি, ই ধনলাভৰ যোগ সৃষ্টি কৰে আৰু ঘৰৰ ব্যক্তিসকলৰ সকলো আৰ্থিক সংকট দূৰ কৰে।
বিচনাৰ গাৰু
বিচনাৰ গাৰু দক্ষিণ দিশত ৰাখিব লাগে অৰ্থাৎ সদায় দক্ষিণ দিশে মুৰ দি শুব লাগে। ই বিবাহিত জীৱনক সুখী কৰে আৰু জীৱনটোৰ সকলো সমস্যা নিৰ্মূল কৰে।