বাঁহ-কাঠৰে গঢ়া আধুনিক অসম ! গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ আঁৰৰ কাহিনী

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয়  বিমানবন্দৰৰ নতুন টাৰ্মিনেল ২ৰ আকৰ্ষণীয় কলাত্মক আৰ্হিৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। বাঁহ, অৰ্কিড আৰু প্ৰচুৰ সেউজীয়া...

author-image
সংগীতা দাস
New Update
web airport

ডিজিটেল ডেস্ক: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয়  বিমানবন্দৰৰ নতুন টাৰ্মিনেল ২ৰ আকৰ্ষণীয় কলাত্মক আৰ্হিৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। বাঁহ, অৰ্কিড আৰু প্ৰচুৰ সেউজীয়া ব্যৱহাৰ কৰি জীৱন্ত অৰণ্য (Living Forest) লৈ ৰূপান্তৰিত কৰা এই বিমানবন্দৰত অসমৰ ভূ-প্ৰকৃতি খুব স্পষ্টকৈ প্ৰতিফলিত হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা এই টাৰ্মিনেল ২ এতিয়া বিশ্বৰ অন্যতম উদ্ভাৱনী আৰু প্ৰাকৃতিক অনুপ্ৰাণিত বিমানবন্দৰ হিচাপে বিবেচিত।

সকলোয়ে জানে, দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়ে অসমৰ এই আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰটো নিৰ্মাণ কৰিছে। কিন্তু, বিমানবন্দৰটোক এই আকৰ্ষণীয় ৰূপ দিয়া প্ৰকৃত মানুহজন কোন, সেই বিষয়ে জানেনে ? আধুনিক আন্তঃগাঁথনিৰ সৈতে প্ৰকৃতিক একত্ৰিত কৰিবিমানবন্দৰটোক ন-ৰূপ দিয়া প্ৰকৃত মানুহজনৰ নাম নুৰু কৰিম। 

কোন এই নুৰু কৰিম ?

নুৰু কৰিম এজন স্থপতিবিদ। তেওঁ নুৰু কৰিম ডিজাইন এষ্টাব্লিছমেণ্ট চমুকৈ NUDES নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক।  যিয়ে স্থাপত্য, কলা আৰু কম্পিউটেচনেল ডিজাইনৰ সমন্বিত কাম কৰে। লণ্ডনৰ আৰ্কিটেকচাৰেল এছ’চিয়েশ্যনৰ পৰা আৰ্কিটেকচাৰ এণ্ড আৰ্বানিজমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কৰিমে জাহা হাদিদ আৰ্কিটেক্টছৰ বাবে বহুতো প্ৰতিষ্ঠানিক প্ৰকল্পত কাম কৰি আহিছে। তেওঁৰ প্ৰতিষ্ঠান  NUDES য়ে ইতিমধ্যে কেইবাটাও বঁটা আৰু  সমালোচনাত্মক স্বীকৃতি লাভ কৰিছে।

গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ২ৰ উল্লেখনীয় দিশ -

মূল স্থপতিবিদ: নুৰু কৰিম 

নুৰু কৰিমক সহযোগ কৰা সদস্য: মহেশ খানাপুৰকাৰ, বিষেশ খেলাৱত, বাটছল কাপাদিয়া, তনৱী সাৱলা, অতুল হাঞ্চনালে, নিৰ্মল কুমাৰ, প্ৰেৰণা কানাবৰ আৰু অপূৰ্ব ঠাকুৰ।

ডিজাইনৰ অনুপ্ৰেৰণা

প্ৰকৃতি: ফক্সটেইল অৰ্কিড, থলুৱা বাঁহ, আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য।

বহনক্ষমতা: প্ৰাকৃতিক সামগ্ৰী, দিনৰ পোহৰ আৰু ঘৰৰ ভিতৰৰ বৰ্ষাৰণ্যৰ ওপৰত গুৰুত্ব।

সাংস্কৃতিক পৰিচয়: উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্য প্ৰতিফলিত কৰা এক দুৱাৰৰ সৃষ্টি কৰা।

বঁটা আৰু স্বীকৃতি: উদ্ভাৱনীমূলক আৰু বহনক্ষম পদ্ধতিৰ বাবে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এই নতুন টাৰ্মিনেলটো নিৰ্মাণত অসমৰ স্থানীয় প্ৰাকৃতিক সামগ্ৰী আৰু সংস্কৃতিক প্ৰতিফলিত কৰা বহু উপাদান ব্যৱহাৰ কৰা হৈছে। যিয়ে বিমানবন্দৰটোক ‘অসমীয়া’ৰ পৰিচয় দিছে। সেইসমূহ হৈছে-

বাঁহ

অসমৰ আটাইতকৈ গুৰুত্বপূর্ণ প্ৰাকৃতিক সামগ্ৰী বাঁহ ব্যৱহাৰ কৰি বিমানবন্দৰটোক চালে চকু ৰোৱাকৈ নিৰ্মাণ কৰা হৈছে।

কাঠ 

অসমৰ স্থানীয় কাঠ বিমানবন্দৰটোৰ চিলিং, দেৱাল সজ্জাত আৰু আচবাব তৈয়াৰত নিৰ্মাণ কৰা হৈছে। 

পাথৰ 

ফ্লোৰিং আৰু বাহিৰৰ লেণ্ডস্কেপিঙত স্থানীয় শিল ব্যৱহাৰ কৰা হৈছে। যিয়ে বিমানবন্দৰটোক দীঘলীয়া স্থায়িত্ব আৰু দৃঢ়তা প্ৰদান কৰাত সহায় কৰিব।

মাটি আৰু ৰং

আভ্যন্তৰীণ ডিজাইনত অসমৰ মাটি-ৰঙৰ থিম ব্যৱহাৰ।

থলুৱা উদ্ভিদ আৰু গছ-গছনি

ইনড’ৰ গাৰ্ডেন আৰু স্কাই ফ’ৰেষ্টত অসমৰ স্থানীয় গছ ব্যৱহাৰ কৰা হৈছে। যিয়ে বায়ু শুদ্ধকৰণত বহু অৰিহণা যোগাব।

অসমীয়া শিল্পকলা আৰু নক্সা

অসমীয়াৰ গামোছা, জ্যামিতিক নক্সা আৰু বনৰ নক্সাৰ আধাৰত ডিজাইন কৰা বিমানবন্দৰটোত স্থানীয় শিল্পৰ প্ৰতিফলন ঘটিছে।

বাঁহ-কাঠেৰে নিৰ্মিত সজ্জাৰ সামগ্ৰী

লেম্প, পেনেল, দেৱালত ব্যৱহাৰ বাঁহ-কাঠৰে নিৰ্মিত সজ্জিত সামগ্ৰী ব্যৱহাৰ কৰা হৈছে।