/asomiyapratidin/media/media_files/2025/12/09/gfsgfsh-2025-12-09-13-01-55.jpg)
ডিজিটেল ডেস্ক: আজি মুকলি হ’ল বহু প্ৰত্যশিত ছবি 'বৰ্ডাৰ ২'ৰ এখন বিশেষ প’ষ্টাৰ। প'ষ্টাৰখনত ব্যতিক্ৰমী ৰূপত দেখা গৈছে অভিনেতা আহান শেট্টীক। ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত তথা এখন ল্যাণ্ডমাৰ্ক ভাৰতীয় যুদ্ধ ছবি হিচাপে বিবেচিত ব্লকবাষ্টাৰ ছবি 'বৰ্ডাৰ'ৰ ছিকুৱেল হৈছে 'বৰ্ডাৰ ২'।
টি-ছিৰিজ আৰু জে পি ফিল্মছে 'বৰ্ডাৰ ২'ত আহানে ৰূপায়ন কৰিবলগীয়া চৰিত্ৰৰ 'ফাৰ্ষ্ট লুক' মুকলি কৰে। আজি 'বৰ্ডাৰ ২'ৰ এই বিশেষ পষ্টাৰখন মুকলিৰ পাছতেই এতিয়া নেটিজেনৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আহান শেট্টী। ইফালে, 'বৰ্ডাৰ ২'ত সেনা আৰু বায়ুসেনাৰ সমান্তৰালভাৱে ভাৰতীয় নৌসেনাকো অন্তৰ্ভুক্ত কৰিছে। আজি মুকলি হোৱা প’ষ্টাৰখনত যুদ্ধসদৃশ পৰিৱেশত আহান শেট্টীৰ মুখত তেজ আৰু হাতত সামৰিক অস্ত্ৰ তুলি লোৱা দেখা গৈছে।
https://www.instagram.com/p/DSB_aMHE9R4/?igsh=ajcyMXlhNm5haW13
প্ৰখ্যাত অভিনেতা সুনীল শেট্টীৰ পুত্ৰ আহানে ২০২১ত 'টড়প' ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনৰ বাবে তেওঁ 'বেষ্ট ডেব্যুট অফ দ্য ইয়েৰ' হিচাপে ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ডছ আৰু আইকনিক গল্ড এৱাৰ্ডছ লাভ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ পাছত বিগত পাঁচ বছৰ আহানক কোনো ছবিত দেখিবলৈ পোৱা নাছিল। কিন্তু এই সময়ছোৱাত আহান অদৃশ্য হোৱা নাছিল, তেওঁ ২০২১-২০২৫ চনটো অনুশাসন, নিখুঁততা আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে নিজকে গঢ়ি তুলিছিল। যাৰ বাবে এতিয়া আহানৰ পৰিচয় হ’ল একচন হিৰো, ক্ৰীড়াবিদ, গেমিং আইকন, প্ৰতিষ্ঠান নিৰ্মাতা আৰু উদ্যোগী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/41b34fd4-6110-4bb9-aa65-09d72c97e100-2025-12-09-13-00-22.jpg)
উল্লেখ্য যে, 'বৰ্ডাৰ ২'ত আহানৰ লগতে মূখ্য চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব ছানী দেউল, বৰুণ ধাৱন, দিলজিত দোছাঞ্জ, মেধা ৰানা, মোনা সিং আৰু সোণম বাজৱাক। ছবিখনৰ প্ৰযোজনা ভূষণ কুমাৰ, কৃষণ কুমাৰ, জে পি দত্ত আৰু নিধি দত্তৰ। সংগীত পৰিচালনা কৰিছে অনু মালিক, মিথুন আৰু সচেত–পৰমপাৰাই। কাহিনী লিখিছে সুমিত অৰোৰা আৰু নিধি দত্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/2760f2ea-2f3c-48a3-9602-7fc597133dab-2025-12-09-13-00-51.jpg)
নাম প্ৰকাশ হোৱাৰ দিনাৰ পৰাই চৰ্চাত থকা এই ছবিখন দৰ্শকে আগন্তুক বৰ্ষৰ ২৩ জানুৱাৰীত ছবিগৃহত উপভোগ কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us