/asomiyapratidin/media/media_files/2025/05/01/RBmrlOEciyO3du2I3sLD.jpg)
মহিলাৰ ডেস্কঃ শিৰোনাম দেখিয়েই হয়তো আপুনি আচৰিত হৈছে। হোৱাটোও বাৰু স্বাভাৱিক। কিন্তু প্ৰশ্ন হয়, সঁচাকৈয়ে আছে নে এনে পথ ? যদি আছে, ক'ত আছে এই ৰহস্য়ময়ী পথটো ? যাতায়তৰ বাবে সুবিধাজনক নে এই পথ ? আজি এই সকলোবোৰৰ বিষয়ে জানো আহক-
‘পাছেজ ডু গ’ইছ’
এই ৰসস্যময়ী পথটোৰ নাম ‘পাছেজ ডু গ’ইছ’। পথটো ফ্ৰান্সৰ এটা সৰু দ্বীপ আৰু মূল ভূখণ্ডৰ মাজত অৱস্থিত। ‘পাছেজ ডু গ’ইছ’য়ে নোৱাৰমাউটিয়েৰ দ্বীপক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰে। ফৰাচী ভাষাত ‘গ’ইছ’ৰ অৰ্থ হ’ল জোতা তিয়াই ৰাস্তা পাৰ হোৱা। অৰ্থাৎ ৰাস্তা পাৰ হওঁতে ভৰি তিতি যোৱাটো নিশ্চিত আৰু ৰাস্তা পাৰ হওঁতে আপুনিও কিছু বিপদৰ সন্মুখীন হ’ব পাৰে।
পেচেজ ডু গ’ইছৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল এই পথটো দিনটোত এক-দুই ঘণ্টামানৰ বাবেহে দেখা যায়। তাৰ পিছত বাকী সময়খিনি সম্পূৰ্ণৰূপে পানীত ডুব গৈ থাকে। সাগৰৰ জোৱাৰৰ বাবে জলপৃষ্ঠ বাঢ়ি গৈ থাকি পথটো নাইকিয়া হয়। এই প্ৰাকৃতিক পৰিঘটনা মানুহৰ বাবে এক ৰহস্যত পৰিণত হৈছে। অৱশ্যে এই বিস্ময়কৰ পৰিঘটনাটোৰ বিষয়ে স্থানীয় লোকসকল ভালদৰে জ্ঞাত।
কেতিয়া যাতায়তৰ বাবে মুকলি কৰা হৈছিল এই পথটো ?
এই পথটো প্ৰথমে ১৭০১ চনত ফ্ৰান্সৰ মানচিত্ৰত দেখা গৈছিল। প্ৰথমতে এই পথটো বিপদজনক বুলি গণ্য কৰা হৈছিল কাৰণ এই পথটো দিনটোত মাত্ৰ এঘণ্টা বা দুঘণ্টাহে দেখা গৈছিল। আৰু তাৰ পথটোৰ ওপৰৰে পানী বৈ যোৱাৰ বাবে কোনোয়ে পথটো ব্যৱহাৰ কৰিব পৰা নাছিল। হঠাতে পানী বাঢ়ি যোৱাৰ বাবে পথটোত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। আগতে এই পথটোত নাও চলিছিল।
কেতিয়াৰ পৰা বৃদ্ধি পাইছে এই পথটোৰ ব্যৱহাৰ ?
১৮৪০ চনত প্ৰথমবাৰৰ বাবে মানুহে ঘোঁৰা আৰু গাড়ীৰে এই পথৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিলে। এই পথ আৰু ইয়াৰ অনন্য প্ৰাকৃতিক গুণৰ বাবেই ১৯৮৬ চনত ইয়াক বিশেষ দৌৰৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত ১৯৯৯ চনত ফ্ৰান্সৰ বিখ্যাত চাইকেল দৌৰ ‘ট্যুৰ ডি ফ্ৰান্স’তো এই পথটো ব্যৱহাৰ কৰা হয়।
কিয় ৰহস্যময়ী এই পথটো ?
সাগৰৰ জোৱাৰৰ বাবে দিনটোৰ অধিকাংশ সময় এই পথটো পানীৰ তলত থাকে যদি পুনৰ আবিৰ্ভাৱ হয়। এই পথটোৰ দৈৰ্ঘ্য প্ৰায় ৪.৫ কিলোমিটাৰ। কেৱল মাত্ৰ এক-দুঘণ্টাৰ বাবে ব্যৱহাৰৰ যোগ্য হৈ থকা এই পথটোয়ে বহু বিপদো মাতিব পাৰে। যাৰ বাবে স্থানীয় সকলো লোক সকলো সময়তে সজাগ হৈ থাকে।
Also Read: প্ৰিয়জনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিবলৈ কৰক এই কাম