/asomiyapratidin/media/media_files/2025/04/18/AfPIYDmXfgOSEVHd0GUP.jpg)
গৌৰী খানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
ডিজিটেল ডেস্ক: শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। গৌৰী খানৰ নতুন ৰেষ্টুৰেণ্ট টৌৰীত পনীৰৰ মানদণ্ডকলৈ প্ৰশ্ন কৰিছে ইনফ্লুৱেঞ্চাৰে। টৌৰীত ভুৱা পনীৰ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।
সাৰ্থক সচদেৱ নামৰ এজন ইনফ্লুৱেঞ্চাৰে মুম্বাইত থকা কেইবাগৰাকীও চেলিব্ৰিটিৰ ৰেষ্টুৰেণ্টলৈ গৈ পনীৰৰ মানদণ্ড পৰীক্ষা কৰিছিল। মানদণ্ড পৰীক্ষা কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰিছিল ইনফ্লুৱেঞ্চাৰ গৰাকীয়ে।
ইয়াৰ পিছত তেওঁ গৌৰী খানৰ নতুন ৰেষ্টুৰেণ্ট টৰীলৈ গৈছিল। ৰেষ্টুৰেণ্টত তেওঁ পনীৰৰ কিছু খাদ্য অৰ্ডাৰ দিয়ে। ইনফ্লুৱেঞ্চাৰজনে দাবী কৰে যে, ৰেষ্টুৰেণ্টখনত থকা পনীৰ ভুৱা আছিল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
অৱশ্যে এই ভিডিঅ'টো ৰেষ্টুৰেণ্টখনৰো দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত ৰেষ্টুৰেণ্টখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ মতে,"আয়’ডিন পৰীক্ষাত ষ্টাৰচৰ উপস্থিতি দেখা যায়, পনীৰৰ প্ৰামাণ্যতা নহয়। যিহেতু খাদ্যত সৰিয়হ ভিত্তিক উপাদান আছিল, সেয়েহে ইয়াৰ সোৱাদ এনেকুৱা হ’ব বুলি আশা কৰা হৈছিল।"